ETV Bharat / bharat

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে নক্সালবাদীৰ সংঘৰ্ষ; কেইবাটাও নক্সালবাদীক গুলীয়াই হত্যাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:18 PM IST

Police Naxalite Encounter : ছত্তীশগড়ৰ সুকমাত আৰক্ষী-নক্সালবাদীৰ মুখামুখী সংঘৰ্ষ । সেনাবাহিনীয়ে এই সংঘৰ্ষত বৃহৎ সফলতা লাভৰ দাবী কৰিছে । নক্সালবাদীৰ গাত গুলীলগাৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা বুলি সেনাই দাবী কৰিছে ।

Police Naxalite encounter in Sukma
ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে নক্সালবাদীৰ সংঘৰ্ষ

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : ছত্তীশগড়ৰ কোট্টাপল্লী আৰু নাগাৰামৰ অৰণ্যত আৰক্ষী আৰু মাওবাদীৰ মাজত এক সংঘৰ্ষ হয় । এই সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে ৫-৬ জন নক্সালবাদীক গুলীয়াই হত্যা কৰা বুলি দাবী কৰিছে । লগতে সেনাবাহিনীয়ে এটা ডাঙৰ নক্সালবাদী শিবিৰ ধ্বংস কৰা বুলিও দাবী কৰিছে । চৌপাশৰ অঞ্চলত অনুসন্ধানৰ পিছত বিস্ফোৰক পদাৰ্থৰ লগতে বৃহৎ পৰিমাণৰ নক্সালবাদীৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে । বৰ্তমান অঞ্চলটোত সেনাৰ অনুসন্ধান অভিযান চলি আছে ।

সুকমাৰ এছ পি কিৰণ চৱনে কয়, "চিন্তলনাৰ আৰক্ষী থানা অঞ্চলৰ নাগাৰাম আৰু কোট্টাপল্লীৰ বনাঞ্চলত নাগাৰাম এলঅ'এছৰ নক্সালবাদীৰ উপস্থিতিৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰা গৈছে । এই তথ্য লাভ কৰাৰ লগে লগে নক্সাল অভিযানৰ বাবে ডিআৰজি, বস্তাৰ ফাইটাৰ্ছ, কোবৰা ২০১ বেটেলিয়নৰ এটা যুটীয়া দলক কোট্টাপল্লীৰ অৰণ্যলৈ প্ৰেৰণ কৰা হয় ।

ইয়াৰ পিছত সেনাবাহিনীয়ে নক্সালবাদীৰ শিবিৰত আক্ৰমণ কৰে আৰু দুয়োপক্ষৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় । এনকাউণ্টাৰত জোৱানসকলে আগ্ৰাসী ভূমিকা লোৱা দেখি নক্সালবাদীয়ে ঘন অৰণ্যলৈ পলাই যায় । এই সংঘৰ্ষত ৫-৬ জন নক্সালবাদীক গুলীয়াই হত্যা কৰা বুলি সেনাবাহিনীয়ে দাবী কৰিছে ।

উল্লেখ্য যে শেহতীয়াভাৱে সুকমাত নক্সালবাদীৰ ওপৰত অভিযান তীব্ৰতৰ হৈ পৰিছে । বস্তাৰ সংমণ্ডলৰ নক্সাল প্ৰভাৱিত সুকমা জিলাত নিৰ্বাচনৰ পিছত নক্সালবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপ নিৰন্তৰ তীব্ৰতৰ হৈ উঠিছে । নিৰাপত্তা বাহিনীৰ কৰ্মীসকলক ভিতৰুৱা অঞ্চলত নিৰন্তৰ অনুসন্ধান অভিযান চলাই আছে । আনহাতে, আৰক্ষীয়ে নক্সালবাদীৰ এলেকাটো দখল কৰি আৰক্ষী শিবিৰ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :সাংসদক বহিষ্কৰণৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.