ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেতিয়া হাজিৰ হ’ব ই ডিৰ কাৰ্যালয়ত, 31 ডিচেম্বৰৰ ভিতৰত উত্তৰ লাগে ই ডিক

author img

By PTI

Published : Dec 30, 2023, 1:19 PM IST

ED has issued a letter cum summons Jharkhand CM
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেতিয়া হাজিৰ হ’ব ই ডিৰ কাৰ্যালয়ত

ED issues a letter cum summons Jharkhand CM: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেলৈ পুনৰ চমন জাৰি ই ডিৰ ৷ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ ই ডিৰ মুখ্যমন্ত্ৰী চোৰেনলৈ জাননী ৷

নিউজ ডেস্ক, 30 ডিচেম্বৰ : প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ই ডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেলৈ পুনৰ চমন জাৰি কৰিছে ৷ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰী চোৰেনলৈ জাননী প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰীগৰাকী কেতিয়া ই ডিৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব সেয়া জাননীত উল্লেখ নাই ৷ কিন্তু মুখ্যমন্ত্ৰী চোৰেনৰ সুবিধা অনুসৰি তাৰিখ, স্থান আৰু সময়ৰ বিষয়ে তদন্তকাৰী বিষয়াক জনাবলৈ জাননীখনত কোৱা হৈছে ৷ সংস্থাটোৱে 31 ডিচেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা উত্তৰ বিচাৰিছে ৷

উল্লেখ্য যে, ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে বৰ্তমানলৈকে মুখ্যমন্ত্ৰী চোৰেনলৈ ইডিয়ে কেইবাখনো জাননী বা চমন জাৰি কৰিছে ৷ কিন্তু তেওঁ কেতিয়াও ই ডিৰ সন্মুখত সাক্ষ্য দিয়া নাই । আগষ্টৰ 14 তাৰিখে তেওঁলৈ প্ৰথমটো চমন প্ৰেৰণ কৰা হৈছিল । তেতিয়া মুখ্যমন্ত্ৰী চোৰেনে উচ্চতম ন্যায়ালয় আৰু তাৰ পিছত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷ ইফালে দুয়োখন আদালতে তেওঁৰ আৱেদন খাৰিজ কৰিছিল।

আনহাতে মুখ্যমন্ত্ৰী চোৰেনে উচ্চ ন্যায়ালয়ত কৈছিল যে, ঝাৰখণ্ডত ৰাজনৈতিক অনিশ্চয়তা আৰু অস্থিৰতা সৃষ্টি কৰাৰ বাবে ই ডিয়ে চমন জাৰি কৰিছে ৷ তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছিল বুলি তেওঁ আদালতত উল্লেখ কৰিছিল ।

মুখ্যমন্ত্ৰী দাবীৰ বিপৰীতে ই ডিৰ মতে, এই তদন্ত দ্বাৰা ঝাৰখণ্ডত চলি থকা মাফিয়াৰ দ্বাৰা ভূমিৰ অবৈধ মালিকীস্বত্ব পৰিৱৰ্তনৰ এক বৃহৎ চক্ৰ ধৰা পৰিছে । যাৰ বাবে সংস্থাটোৱে 14 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷ যাৰ ভিতৰত আছে 2011 বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া ছৱী ৰঞ্জন ৷ যি পূৰ্বে ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালক আৰু ৰাঁচীৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়ক : অযোধ্যাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত বৃহৎ নিৰাপত্তা বাহিনীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.