ED raid at Mumbai : সঞ্জয় ৰাউটৰ বাসগৃহত EDৰ অভিযান

author img

By

Published : Jul 31, 2022, 10:22 AM IST

ED raid at Mumbai

দেওবাৰে পুৱাই শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বাসগৃহত অভিযান চলায় ED য়ে (ED raid at residence of Sanjay Raut)। মুম্বাইৰ Correspondence গোচৰ সন্দৰ্ভত এই অভিযান EDৰ । ED য়ে পূৰ্বে দুবাৰকৈ সঞ্জয় ৰাউটৰ বিৰুদ্ধে চমন জাৰি কৰিছিল । ৰাউট গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে ।

নেশ্যনেল ডেস্ক,৩১ জুলাই : শেহতীয়াকৈ এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে বহু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো নেশ্যনেল হেৰাল্ড গোচৰত জেৰা কৰিছে EDয়ে । এইবাৰ মহাৰাষ্ট্ৰৰ শিৱসেনা নেতা সঞ্জয় ৰাউটৰ বিৰুদ্ধে অভিযান EDৰ (ED raid against Sanjay Raut)। মুম্বাইৰ কৰেচপণ্ডেনচ গোচৰ সন্দৰ্ভত পুৱাৰে পৰা শিৱসেনা নেতাগৰাকীৰ বাসগৃহত EDয়ে অভিযান চলায় ।

মুম্বাইৰ ভান্দুপত থকা বাসগৃহত পুৱাৰে পৰা চলি আছে এই অভিযান (ED raid at residence of Sanjay Raut)। ইফালে শিৱসেনাৰ সাংসদগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনাও দেখা গৈছে । ইয়াৰ পূৰ্বে EDয়ে সঞ্জয় ৰাউটৰ বিৰুদ্ধে দুবাৰকৈ চমন জাৰি কৰিছিল । সংসদৰ অধিৱেশন চলি থকাৰ বাবে ৰাউটে সময় বিচাৰিছিল ।

মুম্বাইৰ গোৰেগাঁৱত কৰেচপণ্ডেনচ গোচৰত (Correspondence case of Mumbai) অনিয়ম সংঘটিত হোৱাৰ অভিযোগত সঞ্জয় ৰাউতৰ বিৰুদ্ধে EDয়ে তদন্ত অব্যাহত ৰাখিছে । Correspondence ত বাস কৰা নাগৰিকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ আছে সঞ্জয় ৰাউটৰ বিৰুদ্ধে । বিজেপি নেতা কিৰিট সোমিয়াই এই বিষয়ত EDৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ৰাউটক EDয়ে কেইবাবাৰো জেৰাৰ বাবে মাতিছিল ।

অৱশেষত EDৰ দলটোৱে পুৱাই ৰাউটৰ ঘৰত তালাচী আৰম্ভ কৰে । তালাচীৰ সময়ত বাসগৃহৰ বাহিৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । ইফালে সঞ্জয় ৰাউটে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয় প্ৰকাশ কৰি কৈছিল যে বৰ্তমান দেশত প্ৰতিশোধৰ ৰাজনীতি চলি আছে আৰু তেওঁ EDক সম্পূৰ্ণ সহযোগিতা কৰিব ৷

ৰাউটৰ ঘনিষ্ঠ সহযোগী আৰু গুৰু আশীষ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ সঞ্চালক প্ৰবীণ ৰাউটকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ প্ৰবীণ ৰাউটে ৰাকেশ ৱাধাৱান, চাৰং ৱাধাৱান আৰু HDILৰ অন্যান্য সঞ্চালকসকলৰ সৈতে এফএছআই আন নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বিক্ৰী কৰিছিল । আনহাতে অভিযোগ অনুসৰি অবৈধভাৱে প্ৰায় ১০৭৪ কোটি টকা সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক :Jharkhand Congress MLAs Arrested: বৃহৎ পৰিমাণৰ নগদ ধনসহ তিনি বিধায়কক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.