ETV Bharat / bharat

অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি

author img

By

Published : Nov 10, 2020, 7:33 PM IST

eco-friendly-diwali-children-at-orphanage-make-diya-idols-using-cow-dung
অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দিপাৱলীৰ প্ৰাকমূহুৰ্তত পশুপালন আৰু ডেয়ৰী বিভাগৰ অধীনস্থ কামধেনু আয়োগে দিপাৱলী অভিযানৰ আয়োজন কৰে ৷ য‘ত অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে বন্তি, মূৰ্তি আৰু অন্য সজোৱা সামগ্ৰী প্ৰস্তুত কৰে ৷

নিউজ ডেস্ক, 10 নৱেম্বৰ : পোহৰহ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দিপাৱলীৰ প্ৰাকমূহুৰ্তত পশুপালন আৰু ডেয়ৰী বিভাগৰ অধীনস্থ কামধেনু আয়োগে দিপাৱলী অভিযানৰ আয়োজন কৰে ৷ য‘ত অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে বন্তি, মূৰ্তি আৰু অন্য সজোৱা সামগ্ৰী প্ৰস্তুত কৰে ৷ এই কাৰ্যসূচী এটা স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা আয়োজন কৰা হৈছিল ৷ উক্ত সমাৰোহৰ উদ্বোধন কৰে ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ ডাঃ বল্লভ ভাই কাটাৰিয়াই ৷ বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ গৰাকীয়ে ৷ ডাঃ বল্লভ ভাই কাটাৰিয়াই শিশুসকল আৰু উক্ত কাৰ্যৰে জড়িত ষ্টাফ সদস্য সকলক এই কাৰ্যৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে তেওলোকৰ লগত মত বিনিময় কৰে ৷

লগতে পঢ়ক: গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.