ETV Bharat / bharat

বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী ইটালা ৰাজেন্দৰৰ

author img

By

Published : Jun 14, 2021, 4:46 PM IST

সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি(BJP)ত যোগদান কৰিলে তেলেংগানাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ইটালা ৰাজেন্দৰে(Eatala rajender) । শনিবাৰে হুজুৰাবাদ সমষ্টিৰ বিধায়কৰ পদ ত্যাগ কৰা তেলেংগানাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

Eatala Rajender joins BJP
বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী ইটালা ৰাজেন্দৰৰ

নেশ্যনেল ডেস্ক, ১৪ জুন: গেৰুৱা বসন পৰিধান কৰিলে তেলেংগানাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ইটালা ৰাজেন্দৰে(Eatala rajender) । সোমবাৰে তেওঁ আনুষ্ঠানিকভাৱে বিজেপি(BJP)ত যোগদান কৰে । পুৱা দলীয় কৰ্মীক লগত লৈ এখন বিশেষ বিমানযোগে তেওঁ শামহাবাদ বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিছিল ।

ৰাজেন্দৰে দুপৰীয়া প্ৰায় ১২ বজাত গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(J P NADDA)ৰ উপস্থিতিত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত দলত যোগদান কৰে । উল্লেখ্য যে, শনিবাৰে তেলেংগানা বিধানসভাৰ অধ্যক্ষ পোচাৰাম শ্ৰীনিবাস ৰেড্ডীৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছিল । ৰাজেন্দৰ হুজুৰাবাদৰ বিধায়ক আছিল ।

পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত ৰাজেন্দৰে নিশ্চিত কৰিছিল যে তেওঁ সোমবাৰে বিজেপিত যোগদান কৰিব । দলটোৰ সৈতে মতভেদ হোৱাৰ পিছত তেওঁ যোৱা ৪ জুনত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ( Telangana Rashtra Samithi) প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল ।

ৰাজেন্দৰে কয় যে, উপ-নিৰ্বাচনত হুজুৰাবাদৰ ৰাইজ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ মাজত প্ৰতিদ্বন্দিতা হ'ব । তেলেংগানা বিজেপিৰ নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘে শুকুৰবাৰে কয় যে, তেলেংগানাত দুৰ্নীতিগ্ৰস্ত, স্বজন তোষণমূলক ৰাজনীতিৰ বিৰুদ্ধে যুঁজ চলি আছে ।

লগতে তেওঁ ৰাজেন্দৰৰ বিজেপিত যোগদানৰ সিদ্ধান্তক আদৰণি জনায় । যোগদানৰ সময়ত ৰাজেন্দৰক সংগ দিয়ে প্ৰাক্তন বিধায়ক এনুগু ৰবীন্দৰ ৰেড্ডী, তুলা উমা, আন্ধে বাবু, কেশৱ ৰেড্ডী, গন্দ্ৰা নলিনীয়ে । মঙলবাৰে তেওঁলোকে হায়দৰাবাদলৈ উভতি অহাৰ কথা আছে ।

লগতে পঢ়ক:ভাৰত চৰকাৰে লুকুৱাইছে ক’ভিডত মৃত্যুৰ প্ৰকৃত তথ্য: আছাদুদ্দিন ওৱেইছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.