ETV Bharat / bharat

Earthquake in Andaman: পুৱাই দুটাকৈ ভূইকঁপে জোকাৰিলে আন্দামান নিকোবৰ দ্বীপপুঞ্জক

author img

By

Published : Aug 2, 2023, 10:10 AM IST

ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জত বুধবাৰে পুৱা এঘণ্টাৰ ব্যৱধানত দুটাকৈ কম্পন অনুভূত হয় ৷ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই টুইটাৰযোগে জনায় এই বিষয়ে ।

Earthquake in Andaman
দুটাকৈ ভুইকঁপে জোকাৰিলে আন্দামান নিকোবৰ দ্বীপপুঞ্জক

নেশ্যনেল ডেস্ক, 2 আগষ্ট : ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বুধবাৰে কেন্দ্ৰীয় শাসিত আন্দামান নিকোবৰ দ্বীপপুঞ্জত দুটাকৈ ভূমিকম্প অনুভূত হয় । প্ৰথমটো পুৱা 5:40 বজাত, যিটো ৰিখটাৰ স্কেলত 5 প্ৰাবল্যৰ আছিল । দ্বিতীয়টো কঁপনি 6:37 ছেকেণ্ডত আহিছিল, যিটো ৰিখটাৰ স্কেলত 4.8 প্ৰাবল্যৰ আছিল বুলি ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে । বুধবাৰে পুৱাই অহা এই ভূমিকম্পৰ বাবে কোনো বৃহৎ ক্ষয়-ক্ষতিৰ তথ্য পোৱা হোৱা নাই ।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই টুইটযোগে ভাৰতৰ নিকোবৰ দ্বীপপুঞ্জত 5.0 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি হোৱা বুলি প্ৰকাশ কৰিছে । পুৱা 5:40 বজাত এই ভূমিকম্পটোৰ অক্ষাংশ 9.32 আৰু দ্ৰাঘিমাংশ 94.03 ত 10 কিলোমিটাৰ গভীৰতাত অৱস্থিত আছিল । আন এটা টুইটত ভাৰতৰ নিকোবৰ দ্বীপপুঞ্জত 4.8 প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোৱা বুলি জনায় পুৱা 6:37 বজাত জোকাৰণি অনুভূত হয় বুলি জনায় । যিটোৰ অক্ষাংশ 9:42 আৰু দ্ৰাঘিমাংশ 94.14 ত 10 কিলোমিটাৰ গভীৰতাত অৱস্থিত আছিল বুলি জনায় ।

উল্লেখ্য যে, তিনিদিন পূৰ্বে 29 জুলাইত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত 5.8 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল । ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শনিবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত 69 কিলোমিটাৰ গভীৰতাত প্ৰায় 5.8 প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । ই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কঁপাই তুলিছিল । এন চি এছৰ ভূমিকম্পবিজ্ঞানীৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি শনিবাৰে পুৱা 12.53 বজাত 69 কিলোমিটাৰ গভীৰতাত সংঘটিত হোৱা এই ভূমিকম্পটো দ্বীপকেইটাত অনুভূত হয় । অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো বৃহৎ ক্ষয়-ক্ষতিৰ হোৱা নাই বুলি জানিব পৰা গৈছে ।

দ্বীপসমূহত কম তীব্ৰতাৰে হোৱা ভূমিকম্পৰ পিছত বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে সংশ্লিষ্ট বিষয়াসকলে । যোৱা মাহত ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লগতে উত্তৰ ভাৰতৰ আন কেবাটাও অঞ্চলত কম্পন অনুভূত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল । দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত 5.4 প্ৰাবল্যৰ কঁপনি অনুভূত হয় ।

এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ এখন গাঁৱত বুলি জানিব পৰা গৈছে । 11 মে’ত উত্তৰাখণ্ডৰ পিথোৰাগড়ত 3.1 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল ।

লগতে পঢ়ক : Communal clash in Haryana: মণিপুৰৰ পিচত জ্বলিছে হাৰিয়ানা, দোকান-ৰেষ্টুৰেণ্ট-ধৰ্মীয় গৃহত আক্ৰমণ দুৰ্বৃত্তৰ, নিহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.