e-rickshaw driver killed: মাৰ্চিডিছৰ খুন্দাত থিতাতে নিহত এজন ই-ৰিক্সা চালক

author img

By

Published : Jul 30, 2022, 8:14 AM IST

e-rickshaw-driver-killed-after-collision-with-mercedes-in-noida

নয়দাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰ্চিডিছৰ খুন্দাত থিতাতে নিহত এজন ই-ৰিক্সা চালক (29)(Rickshaw driver death collision with Mercedes)৷

নেশ্যনেল ডেস্ক, 30 জুলাই: নয়দাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰ্চিডিছৰ খুন্দাত থিতাতে নিহত এজন ই-ৰিক্সা চালক(29)৷ শুকুৰবাৰে পুৱা প্ৰায় 9 বজাত নয়দাৰ নিথাৰীৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ ঘটনাটো (Road accident in Noida) ৷

নিজ কৰ্মস্থলীলৈ গৈ থকাৰ সময়ত আনন্দ ৰঞ্জন নামৰ আই টি বিভাগৰ কৰ্মচাৰীজনৰ মাৰ্চিডিছখনে মহতিয়াই নিয়ে এখন ই-ৰিক্সাক (Mercedes hits E Rickshaw)৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ই-ৰিক্সা চালকজনক ততালিকে লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তেওঁ চিকিৎসালয়তে মৃত্যুক আকোৱলি লয় (Driver death collision with Mercedes) ৷

এই ঘটনাৰ পিছতে মৃত ই-ৰিক্সা চালকজনৰ পৰিয়ালে আনন্দৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ৷ মৃত লোকজনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনন্দক ৷ ভাৰতীয় দণ্ডবিধিৰ ২৭৯ (ৰেচ ড্ৰাইভিং), ৩০৪-A (গাফিলতিৰ ফলত মৃত্যু হোৱা) আৰু ৪২৭ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছিল আনন্দৰ বিৰুদ্ধে ৷ আনন্দ ছেক্টৰ 25 ৰ বাসিন্দা ৷

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাটোত কোন দায়ী আছিল তাক নিশ্চিত কৰিবলৈ দুৰ্ঘটনাৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Drug seized in Lakhimpur: লখিমপুৰত ড্ৰাগছসহ মহিলা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.