Drug seized in Lakhimpur: লখিমপুৰত ড্ৰাগছসহ মহিলা গ্ৰেপ্তাৰ

author img

By

Published : Jul 29, 2022, 10:36 PM IST

woman-arrested-with-drugs-in-lakhimpur

লখিমপুৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা সৰবৰাহকাৰী(Woman arrested with drugs in Lakhimpur ) ৷ লখিমপুৰৰ লালুকৰ পৰা অৰুণাচলৰ জিৰো অভিমুখে গাড়ীৰে গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক । ধৃত মহিলাগৰাকী আচমিনা বেগম বুলি জানিব পৰা হৈছে ৷

লখিমপুৰ, ২৯ জুলাই: মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সৰবৰাহকাৰীয়ে নিতৌ ন-ন কৌশলেৰে এনে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই আছে । সৰবৰাহকাৰীয়ে মহিলা-শিশুকো এনে দুষ্কাৰ্যত ব্যৱহাৰ কৰিছে । লখিমপুৰত শুকুৰবাৰে আৰক্ষীয়ে ড্ৰাগছসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Lakhimpur police Anti Drug Movement) ৷

woman-arrested-with-drugs-in-lakhimpur
লখিমপুৰত ড্ৰাগছসহ মহিলা গ্ৰেপ্তাৰ

লখিমপুৰ জিলাৰ খনাজানত ড্ৰাগছসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Woman arrested with drugs in Lakhimpur ) ৷ চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ তহলদাৰী দলে গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷ মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে পাঁচটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে(Drug seized in Lakhimpur) ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী লখিমপুৰৰ বঙালমৰাৰ ৩নং ইছলামপুৰৰ নিজামুদ্দিনৰ পত্নী আচমিনা বেগম বুলি জানিব পৰা হৈছে । লালুকৰ পৰা অৰুণাচলৰ জিৰো অভিমুখে AR 01G 0533 নম্বৰৰ টাটা চুমু যাত্ৰীবাহী গাড়ীৰে গৈ থকা অৱস্থাত আৰক্ষীয়ে খনাজানত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে(One arrested with drugs in Lakhimpur) । জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰৰ মূল্য আনুমানিক ৪৫/৫০হাজাৰ টকা হ’ব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : Drugs peddler arrested: জিএমচিৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.