ETV Bharat / bharat

Mount Everest : এভাৰেষ্টৰ নাম ‘মাউণ্ট ৰাধানাথ শিকদাৰ’ ৰখাৰ দাবীত ‘সমুদ্ৰৰ পৰা পাহাৰ’ অভিযান

author img

By

Published : Jul 19, 2022, 1:10 PM IST

চলিত বৰ্ষত ভাৰত তথা পাকিস্তানে পালন কৰিব স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী । ইতিমধ্যে ভাৰত চৰকাৰে 'স্বাধীনতাৰ অমৃত মহোৎসৱ' নাম দি বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (azadi ka amrit mahotsav) । একেদৰে চুবুৰীয়া দেশ বাংলাদেশেও স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কৰি আছে । কিন্তু ইয়াৰে লগতে আন এক পৰিঘটনাই ইতিহাসৰ পৃষ্ঠা খুঁচৰিবলৈ সকলোকে আকৰ্ষিত কৰিছে । সেয়া হৈছে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (world highest peak Mount Everest) আৰোহণৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা (100 years of Mount Everest climbed) । তাতোকৈ ডাঙৰ কথা ইয়াৰ সৈতে জড়িত হৈ আছে এগৰাকী বিশিষ্ট ভাৰতীয় বিজ্ঞানী, গণিতজ্ঞ ৰাধানাথ শিকদাৰৰ নাম । এতিয়া উক্ত ৰাধানাথ শিকদাৰৰ নামতে এভাৰেষ্টৰ নামকৰণৰ দাবী উঠিছে । সেই উপলক্ষে অহা ৩০ জুলাইৰ পৰা আৰম্ভ হʼবলৈ গৈ আছে এক নতুন অভিযান ।

a
a

নিউজ ডেস্ক, ১৯ জুলাই : এটা অভিযান । যাৰ নাম দিয়া হৈছে ‘সমুদ্ৰৰ পৰা পৰ্বতলৈ’ (From sea to mountain journey)। এই অভিযানত বাইক ৰেলী, গাড়ী ৰেলীৰ উপৰি পৰ্বত অভিযানো হʼব । এই নতুন দুঃসাহসিক যাত্ৰাত ভাৰত-বাংলাদেশৰ মুঠ ৯০ জন লোকে অংশগ্ৰহণ কৰিব । অংশগ্ৰহণকাৰীসকলৰ ভিতৰত দুয়োখন দেশৰ ১২ জন বিশিষ্ট পৰ্বতাৰোহীয়ে হিমাচল প্ৰদেশৰ ইউনাম শৃঙ্গ (৬১,১১১ মিটাৰ) অভিযানত অংশগ্ৰহণ কৰিব । ২৯ দিনত সম্পূৰ্ণ হʼব সমগ্ৰ যাত্ৰা । ৰাধানাথ শিকদাৰ মাউণ্টেইনিং এণ্ড এলাইড স্পʼৰ্টছ ফাউণ্ডেচন (Radhanath Sikdar Foundation of Mountaineering and Allied Sports ) আৰু দ্য নেচনেল ছাৰ্ভে ডে’কমিটিৰ (The National Survey Day Committee) উদ্যোগত অনুষ্ঠিত হʼব ‘সমুদ্ৰৰ পৰা পাহাৰলৈ’ শীৰ্ষক এই অভিযান ।

বাংলাদেশ মাউণ্টেইনিং ফেডাৰেচন (Bangladesh Mountaineering Federation) আৰু টীম এক্সট্ৰিমে (Team Extreme) সক্ৰিয়ভাৱে ইয়াত অংশগ্ৰহণ কৰিছে । সহযোগিতা আগবঢ়াইছে ইণ্ডিয়ান মাউণ্টেইনিং ফাউণ্ডেচন (Indian Mountaineering Foundation, ইষ্টাৰ্ণ ব্ৰাঞ্চ), ৰটাৰী ইণ্টাৰনেচনেল (Rottery International), ইণ্ডিয়ান ৰেড ক্ৰছ ছʼচাইটি (Indian Red Cross Society) আৰু ইউথ হোষ্টেল এছʼচিয়েচন অব ইণ্ডিয়া (youth Hostel Association of India) আৰু বেটাৰ লাইফ ফাউণ্ডেচন (Better Life Foundation) আদিয়ে ।

উল্লেখ্য, ১৮৪৫ চনৰ পৰা ১৮৫০ চনলৈ ৭৯ টা হিমালয়ৰ শৃংগ তদানীন্তন জৰীপ বিভাগে নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল । ইয়াৰে ভিতৰত ৩১টা শৃংগৰ নামকৰণ কৰা হয় । বাকীকেইটাক সংখ্যাৰে চিহ্নিত কৰা হয় । তেনেকুৱাই এটি আছিল পিক-ফিফটিন শৃংগ (peak-fifteen) । ইয়াতেই আছে ভাৰতৰ গৌৰৱ লুকাই । কিয়নো এই শৃংগটো বিশ্বৰ ভিতৰতে সৰ্বোচ্চ বুলি হিচাপ কৰা প্ৰথম ব্যক্তিজন হৈছে ভাৰতীয় গণিতজ্ঞ ৰাধানাথ শিকদাৰ (Indian mathematician Radhanath Sikdar) । তাকো প্ৰায় ১৭০ বছৰ আগতেই । কিন্তু সেয়া বৰ্তমান কিমানজনে জানে ?

সেয়ে বৰ্তমান উক্ত গৌৰৱময় অধ্যায়টোৰ কথা বিশ্ববাসীক সোঁৱৰাই দিবলৈ আৰু ভাৰতীয় এভাৰেষ্ট নাম ‘মাউণ্ট ৰাধানাথ শিকদাৰ’ বুলি দাবী (demanding name of Everest as Mount Radhanath Sikdar) কৰাৰ লগতে ভাৰত-বাংলাদেশৰ বন্ধুত্বৰ বান্ধোন সুদৃঢ় কৰাৰ বাবে আমি ‘সাগৰৰ পৰা পৰ্বতলৈ’ কাৰ্যসূচী হাতত লোৱা বুলি জনাইছে ৰাধানাথৰ শিকদাৰ মাউণ্টেইনিং আৰু এলাইড স্পʼৰ্টছ ফাউণ্ডেচনৰ অমূল্য ৰায়ে । অনুষ্ঠানটোৰ কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয়, ‘বাংলাদেশৰ পৰা ১০ জনীয়া দলটো দুটা ভাগত আহি আছে । প্ৰথমতে চাৰিজনীয়া এটা দলে ২৮ জুলাইত বৰিশালৰ মংগলা বন্দৰৰ পৰা বাইকেৰে পদ্মা নদীৰ পানী লৈ ৩০ জুলাইত বেনাপোল সীমান্ত হৈ কলকাতাত উপস্থিত হʼব । বাকী ৬জনীয়া আৰোহীৰ আনটো দল একেদিনাই বিমানযোগে কলকাতাত উপস্থিত হʼব । উক্ত ছয়জন আৰু বংগৰ ছয়জন মুঠ ১২জন পৰ্বতাৰোহী মিলি হিমাচলৰ ইউনাম শৃংগ পৰ্যন্ত আৰোহণ কৰিব ।

আনহাতে, দ্য নেচনেল ছাৰ্ভে ডে' কমিটিৰ সম্পাদক কৰুণকান্ত মণ্ডলে জনোৱা মতে, ‘১৬ খন বাইক, দুখন গাড়ীয়ে ইয়াত অংশগ্ৰহণ কৰিব । এই দলটোৱে ৩০ জুলাইৰ পুৱা গংগাসাগৰৰ পৰা গংগাৰ পানী লৈ কলকতালৈ উভতি যাব । ৩১ তাৰিখে বাণ্ডেললৈ ৰাওনা হ'ব । ১ আগষ্টত বাণ্ডেলৰ পৰা ধনবাদলৈ যাব । তাৰ পিছত বেনাৰস, আগ্ৰা, দিল্লী, মানালী, ভৰতপুৰ । ১৫ আগষ্টত উনামৰ শিখৰত ভাৰত-বাংলাদেশৰ পতাকা উত্তোলন কৰা হʼব, গংগা-পদ্মাৰ পানী ঢালি দিয়া হʼব । পশ্চিমবংগৰ অমূল্য ৰায় (দল নেতা), বিনোদ সিং, ব্ৰজেশ কুমাৰ, ৰাজশেখৰ ঘোষ, কৃষ্ণেন্দু বিকাশ পাৰিৱাল, কৃষ্ণ কমল দে উপস্থিত থাকিব উনাম শীৰ্ষ অভিযানত । বাংলাদেশৰ টিম এক্সট্ৰিমক প্ৰতিনিধিত্ব কৰিব মিৰ চামচুল আলম (সহ দল নেতা), চাদিয়া চৌধুৰী, জান্নাতুল ফিৰদৌছ, মঃ জুলফিকাৰ আলী সৌৰভ, মঃ মোহাইমিনুল মুন্টাছিৰ, মঃ আহছানুল হাদীয়ে । এই সন্দৰ্ভত আই এম এফৰ পূব অঞ্চলৰ অধ্যক্ষ মাণিক বেনাৰ্জীয়ে কয়, ‘এয়া অতি ভাল পদক্ষেপ । এই ধৰণৰ কাৰ্যসূচী যিমানেই বেছি হʼব সিমানেই দুয়োখন দেশৰ মাজত মিত্ৰতা অধিক শক্তিশালী হʼব ।

লগতে পঢ়ক :90 year old woman revisits Pakistan: শৈশৱৰ স্মৃতি বিচাৰি পাকিস্তানলৈ ৰাওনা ৯০ বছৰীয়া আইতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.