ETV Bharat / bharat

ক'ভিডৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ কি ?

author img

By

Published : Jun 26, 2021, 6:30 PM IST

Delta Plus
ক'ভিডৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ

এই নতুন প্ৰকাৰৰ ভাইৰাছটো প্ৰকৃততে কি ? ই অধিক সংক্ৰামক নেকি ? ইয়াৰ লক্ষণবোৰ কি, ডেল্টাৰ বিৰুদ্ধে ক'ভাক্সিন প্ৰতিষেধক কাৰ্যকৰী নহয় নেকি ? ইটিভি ভাৰতে এই সকলোবোৰৰ উত্তৰৰ সৈতে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

নিউড ডেস্ক, ২৬ জুন : সম্প্ৰতি ক'ভিডৰ সৈতে সমগ্ৰ দেশে আজি মোকাবিলা কৰি আছে । লাহে লাহে আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে যদিও পুনৰ আন এক প্ৰত্যাহ্বান আহি পৰিছে দেশবাসীৰ বাবে । ক'ভিড ডেল্টা প্লাছ প্ৰকাৰ সম্প্ৰতি উক্ত প্ৰত্যাহ্বানৰূপে থিয় দিছে ৷ দেশবাসীৰ মনত এতিয়া কৌতুহলৰ অন্য এটা নাম হৈছে এই ডেল্টা প্লাছ (Delta plus)। দেশৰ ভিন্ন প্ৰান্তত এই প্ৰকাৰ ধৰা পৰাৰ লগে লগে এতিয়া ভয়ৰ কাৰণ হৈ পৰিছে ।

জুন মাহৰ মাজভাগলৈ মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশত এই প্ৰকাৰৰ প্ৰায় ৪০ টা ঘটনা পোহৰলৈ আহিছে । সম্প্ৰতি সমগ্ৰ দেশৰ ১৭৪ খন জিলাত উচ্চ সংক্ৰমণীয় ডেল্টা প্ৰকাৰটো ধৰা পৰিছে । আনহাতে ডেল্টা প্লাছ ১০ খন ৰাজ্যৰ ৪৮ টা নমুনাত ধৰা পৰিছে ।

কিন্তু এই ডেল্টা প্লাছ প্ৰকাৰনো কি ? ইয়াৰ প্ৰভাৱ কিমান ভয়াৱহ হ'ব পাৰে ? এই সকলো বিষয় সামৰি ৰাইজৰ সজাগতাৰ বাবে ইটিভি ভাৰতৰ এক বিশেষ তথ্য সম্বলিত প্ৰতিবেদন ।

  • ডেল্টা প্লাছ কি?

ই হৈছে ডেল্টা প্ৰকাৰৰ এক উপ-বংশ । পাব্লিক হেল্থ ইংলেণ্ড বুলেটিন (Public Health England bulletin) অনুসৰি ১১ জুনত ভাৰতত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল । ডেল্টাই টীকাকৰণ নকৰা লোকসকলৰ মাজত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি কৰে ।

  • ডেল্টা প্ৰকাৰ কেনেদৰে পৃথক ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্পাইক প্ৰ'টিন পৰিৱৰ্তনে ডেল্টা প্ৰকাৰক এতিয়ালৈকে "দ্ৰুততম আৰু উপযুক্ত"(fastest and fittest) প্ৰকাৰ কৰি তুলিছে ।

  • ডেল্টা প্ৰকাৰ ক'ৰ পৰা আহিছিল ?

ডেল্টাক বি.১.৬১৭.২ বুলিও জনা যায় । ই এপ্ৰিল আৰু মে' মাহত সংক্ৰমণৰ এক ভয়ংকৰ ঢৌৰ সময়ত ভাৰতত প্ৰথম চিনাক্ত কৰা এটা ভাইৰেল বংশধৰ ।

  • ডেল্টা প্ৰকাৰটো অধিক বিপদজনক নেকি ?

তথ্য অনুসৰি ডেল্টা প্ৰকাৰটোৱে চিকিৎসালয়ত ভৰ্তি হোৱাৰ অধিক বিপদাশংকা বহন কৰে । ই আলফা (ইউ.কে.) ষ্ট্ৰেইনতকৈ ৬০% অধিক সংক্ৰমণ হয় আৰু ভেকছিনৰ অধিক প্ৰতিৰোধী ।

  • ডেল্টা প্ৰকাৰটো অধিক সংক্ৰামক নেকি ?

ডেল্টা প্ৰকাৰটো আলফা ষ্ট্ৰেইনতকৈও অধিক সংক্ৰামক যেন লাগিছে । পাব্লিক হেল্থ ইংলেণ্ডৰ এক অধ্যয়ন অনুসৰি ডেল্টা আলফাতকৈ ৬০% অধিক হাৰত সংক্ৰমণ হয় ।

  • ডেল্টা প্ৰকাৰটো অধিক সংক্ৰামক নেকি ?

ডেল্টা প্ৰকাৰটো এতিয়া ৮০ খনতকৈও অধিক দেশত আছে । আলফা প্ৰকাৰতকৈ ই অধিক সংক্ৰামক । ডেল্টা প্ৰকাৰটো ব্ৰিটিছত ৯০% তকৈও অধিক নতুন ক'ভিডৰ ঘটনাত ধৰা পৰিছে ।

  • ডেল্টা প্ৰকাৰৰ বেলেগ লক্ষণ আছে নেকি ?

প্ৰতিবেদন অনুসৰি ডেল্টা প্ৰকাৰটোৰ বাবে অধিক গুৰুতৰ লক্ষণ দেখা যায় । কিন্তু এই সিদ্ধান্তবোৰত উপনিত হ'বলৈ এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন । তথাপিও, ডেল্টা ষ্ট্ৰেইনত আন প্ৰকাৰতকৈ বিভিন্ন ধৰণৰ ব্যতিক্ৰমী লক্ষণ দেখা দিব পাৰে ।

  • ডেল্টা প্লাছ প্ৰকাৰৰ বিপৰীতে ক'ভাক্সিন কাৰ্যকৰী নেকি ?

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোৱা মতে ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰৰ বিপৰীতে দুয়োটা ভাৰতীয় ভেকছিন ক্ৰমে ক'ভাক্সিন আৰু কোভিশ্বিল্ড কাৰ্যকৰী ।

  • যদি মোৰ পূৰ্বে ক'ভিড হৈছে তেন্তে মই ডেল্টা প্ৰকাৰত আক্ৰান্ত হ'ব পাৰো নেকি?

যিসকল লোক ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈছে তেওঁলোক ইয়াৰ দ্বাৰা সুৰক্ষিত, অৱশ্যে এইটো সম্পূৰ্ণ নিশ্চিত নহয় ।

লগতে পঢ়ক: CBSE ৰ মূল্যাংকনৰ বাবে টেবুলেচন প’ৰ্টেল মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.