ETV Bharat / bharat

দিল্লী সংঘৰ্ষ : দুই অভিযুক্তৰ জামিন মঞ্জুৰ

author img

By

Published : Jan 20, 2021, 7:22 PM IST

পূব দিল্লীত কা সমৰ্থনকাৰী আৰু বিৰোধীৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড সংঘৰ্ষৰ । য'ত ৫৩ গৰাকী লোকৰ মৃত্য়ু হৈছিল আৰু প্ৰায় ২০০ জন লোক আঘাটপ্ৰাপ্ত হৈছিল । এই ঘটনাৰ দুই অভিযুক্তৰ জামিন মঞ্জুৰ কৰে দিল্লী আদালতে ।

দিল্লী সংঘৰ্ষ : দুই অভিযুক্তৰ জামিন মঞ্জুৰ
দিল্লী সংঘৰ্ষ : দুই অভিযুক্তৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক , ২০ জানুৱাৰী : যোৱা বছৰ দিল্লী নাগৰিকত্ব সংশোধনী আইন বলবৎৰ পূৰ্বে এক সাম্প্ৰদায়িক সংঘৰ্ষৰ দুইগৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰে দিল্লী আদালতে । এই সংঘৰ্ষত জাফ্ৰাবাদত এগৰাকী ব্য়ক্তিৰ ঘৰ জ্বলাই দিয়া ঘটনাত জড়িত দুই অভিযুক্ত চানু আৰু জাৰিফক ২০ হাজাৰ টকাৰ জৰিমণা বিহাৰ লগতে তেওঁলোকৰ জামিন আবেদন মঞ্জুৰ কৰে সত্ৰ আদালতে ।

বিগত বছৰৰ ৮ এপ্ৰিলৰ পৰাই দুয়োগৰাকী অভিযুক্ত ন্য়ায়িক জিম্মাত আছিল । ইফালে এই ঘটনাৰ লগত জড়িত আন দুই অভিযুক্তক ইয়াৰ পূৰ্বে জামিন মঞ্জুৰ কৰা হৈছিল । জামিন মঞ্জুৰ কৰাৰ লগতে দুয়োগৰাকীকে বিনা অনুমতিত দিল্লীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব বুলিও নিৰ্দেশ দিয়ে আদালতে । শুনানীৰ সময়ত দুয়োগৰাকী অভিযুক্তৰ হৈ অধিবক্তাই দাবী কৰিছিল যে তেওঁলোকক মিছাকৈয়ে এই ঘটনাৰ লগত জড়িত কৰা হৈছে ।

উল্লেখ যে কা আন্দোলনৰ সময়ত পূব দিল্লীত কা সমৰ্থনকাৰী আৰু বিৰোধীৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট । য'ত ৫৩ গৰাকী লোকৰ মৃত্য়ু হৈছিল আৰু প্ৰায় ২০০ জন লোক আঘাটপ্ৰাপ্ত হৈছিল ।


লগতে পঢ়ক :পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ কয়দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.