ETV Bharat / bharat

Excise policy scam: মণীষ ছিছোডিয়াক পত্নীক সাক্ষাতৰ অনুমতি ন্যায়ালয়ৰ

author img

By

Published : Jun 2, 2023, 7:15 PM IST

শনিবাৰে পত্নীক সাক্ষাৎ কৰিব পাৰিব মণীষ ছিছোডিয়াই ৷ দিল্লী উচ্চ ন্যায়ালয়ে শনিবাৰে পুৱা 10 বজাৰ পৰা 5 বজালৈকে পত্নীক সাক্ষাৎ কৰাৰ বাবে ছিছোডিয়াক অনুমতি প্ৰদান কৰে (Manish Sisodia bail) ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 2 জুন: আবকাৰী কেলেংকাৰীৰ অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ জামিন আবেদন সন্দৰ্ভত শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ পুনৰবাৰ দিল্লী উচ্চ ন্যায়ালয়য়ে ছিছোডিয়াৰ জামিন আবেদনৰ ওপৰত স্থগিতাদেশ জাৰি কৰে ৷ ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাৰ বিচাৰপীঠে শুকুৰবাৰে যুক্তিৰ সমাপ্তিৰ পিচত মণীষ ছিছোডিয়াৰ জামিন আবেদনৰ আদেশ পুনৰ বিবেচনাৰ কৰাৰ সিদ্ধান্ত লয় ৷ অৱশ্যে তেওঁৰ পত্নী অসুস্থ হৈ থকাৰ বাবে শনিবাৰে পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰে (Excise policy scam update) ৷

ইফালে বিজয় নায়াৰৰ জামিন আবেদনৰ আদেশটোও পুনৰ বিবেচনাৰ কৰাৰ সিদ্ধান্ত লয় বিচাৰপীঠে । একেখন বিচাৰপীঠে বৃহস্পতিবাৰে একেটা গোচৰত হায়দৰাবাদৰ ব্যৱসায়ী অভিষেক বইনপল্লীৰ আবেদনৰ ওপৰতো স্থগিতদেশ জাৰি কৰিছিল । উল্লেখ্য যে পূৰ্বেও বহুবাৰ জামিন বিচাৰি আদালতত মুখ থেকেচা খাইছিল মণীষ চিছোডিয়াই (Manish Sisodia seeks interim bail) ৷

শুকুৰবাৰে মণীষ ছিছোডিয়াক পত্নীক সাক্ষাতৰ অনুমতি প্ৰদান কৰি কয় যে এই সময়ছোৱাত তেওঁ পৰিয়ালৰ লোকৰ বাহিৰে আন কোনো লোককে সাক্ষাৎ কৰিব নোৱাৰিব (Manish Sisodia to meet wife) ৷ সংবাদমাধ্যমৰ আগতো কোনো ধৰণৰ মন্তব্য প্ৰদান কৰিব নোৱাৰিব ছিছোডিয়াই ৷ লগতে এই সময়ছোৱাত ছিছোডিয়াক ম’বাইল ফোন বা ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰা নহ’ব ৷

অৱশ্যে EDয়ে আদালতৰ এই ৰায়দানৰ বিৰোধিতা কৰিছিল ৷ প্ৰৱৰ্তন সঞ্চালকালয়ৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে ছিছোডিয়াই মন্ত্ৰী হিচাবে 18 টা দপ্তৰ পৰিচালনা কৰিছিল আৰু সেই সময়ত তেওঁৰ পত্নীক সাক্ষাৎ কৰাৰ বাবে সময় নাছিল ৷ কেৱল জামিন লাভ কৰিবৰ বাবেই ছিছোডিয়াই এই সকলোবোৰ নাটক ৰচনা কৰিছে (Delhi excise policy case) ৷

লগতে তেওঁ কয় যে মাত্ৰ চাৰি দিন পূৰ্বে ছিছোডিয়াই নিজেই অন্তৱৰ্তীকালীন জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল ৷ কিন্তু তেওঁ পুনৰ একেই আবেদন লৈ আহিছে ৷ ছিছোডিয়াৰ পত্নীৰ স্বাস্থ্যৰ কোনো অৱনতি ঘটা নাই বুলিও মন্তব্য কৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ৷

লগতে পঢ়ক: FIR against WFI Chief : কি কি অভিযোগ আছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.