ETV Bharat / bharat

দূৰৱৰ্তী অঞ্চলৰ অস্থায়ী কৰ্মচাৰীৰ বাবে বিশেষ বীমা আঁচনি

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 2:09 PM IST

Group Term Insurance Scheme
দূৰৱৰ্তী অঞ্চলৰ অস্থায়ী কৰ্মচাৰীৰ বাবে বিশেষ বীমা আঁচনি আৰম্ভ

Group Term Insurance Scheme: সীমান্ত আৰু দূৰৱৰ্তী অঞ্চলৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে প্ৰতিৰক্ষা বিভাগে আৰম্ভ কৰিছে বিশেষ বীমা আঁচনি । শ্ৰমিকসকলৰ বাবে এক সমূহীয়া (টাৰ্ম) বীমা আঁচনি (চিপিএল) আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । শ্ৰমিকৰ যিকোনো ধৰণৰ মৃত্যুত পৰিয়াল বা আত্মীয়ই পাব ১০ লাখ টকা ।

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে চলিত আঁচনিৰ কামৰ বাবে সীমান্ত পথ সংগঠন/সাধাৰণ ৰিজাৰ্ভ অভিযন্তা বাহিনীৰ দ্বাৰা নিয়োজিত অস্থায়ী শ্ৰমিকসকলৰ বাবে এক সমূহীয়া (টাৰ্ম) বীমা আঁচনি (চিপিএল) আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

এই আঁচনি অনুসৰি যিকোনো ধৰণৰ মৃত্যুত বীমা হিচাপে ১০ লাখ টকাৰ বীমা মূল্য চিপিএল পৰিয়াল/নিকট আত্মীয়সকলক প্ৰদান কৰা হ'ব । প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত কাম কৰা অস্থায়ী শ্ৰমিকৰ প্ৰতিকূল বতৰ, বৃত্তিগত স্বাস্থ্য সমস্যা আৰু তেওঁলোকৰ ব্যস্ততাৰ সময়ত হোৱা মৃত্যুৰ কথা বিবেচনা কৰি, মানৱীয় ভিত্তিত বীমা কভাৰেজৰ ব্যৱস্থা চিপিএলৰ বাবে এক মহান মনোবল বঢ়োৱা হিচাপে প্ৰমাণিত হ'ব বুলিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে ।

বিবৃতিত উল্লেখ কৰা মতে এই আঁচনিয়ে দেশৰ দূৰৱৰ্তী আৰু সীমান্ত অঞ্চলত কাম কৰা অস্থায়ী কৰ্মচাৰীসকলৰ বাবে এক সামাজিক সুৰক্ষা আৰু কল্যাণমূলক পদক্ষেপ হিচাপে কাম কৰিব । ই তেওঁলোকৰ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰাত সহায়ক হ'ব ।

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ অস্থায়ী কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে বহুতো কল্যাণমূলক ব্যৱস্থাত অনুমোদন জনাইছে । যাৰ ভিতৰত আছে 'নশ্বৰ দেহ সংৰক্ষণ আৰু পৰিবহণ আৰু পৰিবহন ভাট্টাৰ অধিকাৰ', "অন্ত্যেষ্টিক্ৰিয়াৰ সহায় ১,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা' আৰু 'মৃত্যুৰ তাৎক্ষণিক সহায় হিচাপে ৫০,০০০ টকাৰ অনুদান ক্ষতিপূৰণৰ বিপৰীতে আগতীয়া পৰিশোধ ইত্যাদি ।

লক্ষণীয়ভাৱে চৰকাৰৰ এনে পদক্ষেপৰ পাছতে এতিয়া দূৰৱৰ্তী অঞ্চলত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলৰ মুখ হাঁহি বিৰিঙিছে । কৰ্মচাৰী আৰু পৰিয়ালৰ লোকে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ।

লগতে পঢ়ক :নেপালত বাছ দুৰ্ঘটনাত ২ ভাৰতীয়সহ ১২ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.