ETV Bharat / bharat

Rajnath Singh on Agniveer: অগ্নিবীৰসকলক সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ-ব্যক্তিগত খণ্ডক আহ্বান ৰাজনাথ সিঙৰ

author img

By

Published : Jan 3, 2023, 9:39 PM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথৰ মন্তব্য
Rajnath Singh on Agniveer

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্ত্ৰণালয়, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডক অগ্নিবীৰসকলক নতুন সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনাইছে (Rajnath Singh on Agniveer) ৷ তেওঁ কয় যে, অগ্নিবীৰসকস কেৱল জাতিৰ সুৰক্ষাবীৰেই নহয়, তেওঁলোক জাতিটোৰ সমৃদ্ধিত অৰিহণা যোগোৱা ‘সমৃদ্ধিবীৰ’ ।

নিউজ ডেস্ক, 3 জানুৱাৰী: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডক অগ্নিবীৰসকলক সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায় (Rajnath Singh on agnipath) ৷ যিসকলে “জাতি সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰে” তেওঁলোকক সহায় কৰাটো “ব্যৱস্থা”ৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে । নতুন দিল্লীত অনুষ্ঠিত শিক্ষা মন্ত্ৰণালয় আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয়ৰ এক বুজাবুজি চুক্তিৰ বিনিময় অনুষ্ঠানত ভাৰ্চুৱেলী অংশ গ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

এই অনুষ্ঠানৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয়, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয় আৰু তিনিওটা সেৱাই বুজাবুজি চুক্তিৰ আদান-প্ৰদান কৰে ৷ এই অনুষ্ঠানত বিভিন্ন অংশীদাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰি সশস্ত্ৰ সেৱা আগবঢ়োৱাৰ সময়ত অগ্নিবীৰসকলৰ অবিৰত শিক্ষাৰ সুবিধাৰ বাবে চুক্তিবদ্ধ হয় ৷ তেওঁলোকৰ অভিজ্ঞতা অনুসৰি বল প্ৰয়োগ আৰু উপযুক্ত দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিষয়েও আলোচনা কৰা হয় (Agnipath scheme latest news)।

নেশ্যনেল ইনষ্টিটিউট অৱ অ’পেন স্কুল (NIOS) আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) সৈতে হোৱা এই বুজাবুজি চুক্তিৰ অধীনত অগ্নিবীৰসকলক ক্ৰমে উপযুক্ত দ্বাদশ শ্ৰেণীৰ প্ৰমাণপত্ৰ আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হ’ব ।

অগ্নিবীৰসকলক বিভিন্ন সেৱাত সহায় আগবঢ়োৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰণালয়, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়, ৰে’ল মন্ত্ৰণালয়, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বাকী মন্ত্ৰণালয়, ৰাজ্য চৰকাৰ আৰু কৰ্পৰেট খণ্ডক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ এই পদক্ষেপে অধিক উৎসাহেৰে অগ্নিবীৰসকলক যিমান পাৰি নতুন সুযোগ প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে (Defense Minister Rajnath Singh) ।

তেওঁ "জাতিৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা অগ্নিবীৰসকলক নতুন সুযোগ প্ৰদান কৰাটো ব্যৱস্থাটোৰ দায়িত্ব" বুলি অভিহিত কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, অগ্নিপথ আঁচনিখন সশস্ত্ৰ বাহিনীৰ বাবে গেম-চেঞ্জাৰ ৷ ই ভাৰতীয় সামৰিক বাহিনীক যুৱ, উচ্চ প্ৰযুক্তি আৰু অতি আধুনিক দৃষ্টিভংগীৰে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শক্তিশালী তথা বহুগুণক হিচাপে কাম কৰিবলৈ ওলাইছে বুলি মন্ত্ৰী সিঙে উল্লেখ কৰে ৷

পূৰ্বে প্ৰচাৰিত খবৰৰ দৰে অগ্নিপথ আঁচনিৰ অধীনত প্ৰথম অৱস্থাত চাৰি বছৰৰ বাবে যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব । চাৰি বছৰীয়া সেৱা শেষ হ’লে তেওঁলোক সকলোৱে গুচি যাব আৰু তেওঁলোকৰ মাজৰ ২৫ শতাংশক বাহিনীসমূহৰ স্থায়ী কেডাৰ হিচাপে কাম কৰিবলৈ পুনৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব (Rajnath Singh asks private sector to provide jobs) ।

২০২২ চনৰ জুন মাহত ঘোষণা কৰা এই আঁচনিখনে চাৰি বছৰীয়া সেৱাৰ অন্তত সশস্ত্ৰ বাহিনী ত্যাগ কৰা যুৱকসকলৰ ভৱিষ্যতক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল । ইয়াৰ পিছতে চৰকাৰে কেৱল পেকেজ ঘোষণা কৰাই নহয়, অগ্নিবীৰসকলৰ বাবে চাকৰিত সংৰক্ষণৰ কথাও ঘোষণা কৰে ।

ভাৰতীয় উপকূলৰক্ষী বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, প্ৰতিৰক্ষা ৰাজহুৱা কেন্দ্ৰ আণ্ডাৰটেকিং আৰু প্ৰতিৰক্ষা অসামৰিক পদত যোগদান কৰিলে অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ থাকিব । যুৱক-যুৱতীসকলক আৰ্থিক স্বাধীনতা প্ৰদান কৰা ‘‘সেৱা নিধি পেকেজ’’ৰ পৰা চাৰি বছৰীয়া কাৰ্যকালৰ শেষত প্ৰায় ১১.৭১ লাখ আৰ্থিক পেকেজ দিয়া হ’ব (Jobs to agniveer)।

অগ্নিবীৰসকলৰ চাকৰিৰ ভূমিকা আৰু দক্ষতা, সশস্ত্ৰ বাহিনীৰ সৈতে প্ৰশিক্ষণ আৰু নিয়োজিত হোৱাৰ সময়ত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম আৰু খণ্ড দক্ষতা পৰিষদৰ সৈতে সমন্বয়ত ৰাষ্ট্ৰীয় বৃত্তিগত মানদণ্ডৰ সৈতে মেপ কৰা হৈছে । এই অৰ্হতাৰ ভিত্তিত বজাৰ সাজু আৰু উদ্যোগে গ্ৰহণ কৰা ‘‘কৌশল প্ৰমান পত্ৰ’’ অগ্নিবীৰসকলক সশস্ত্ৰ বাহিনীৰ পৰা ওলাই অহাৰ সময়ত প্ৰদান কৰা হ’ব ।

এই প্ৰক্ৰিয়াটোক নিৰৱচ্ছিন্নভাৱে সহজ কৰি তুলিবলৈ এম অ’ এছ ডি ইৰ বিভিন্ন বিভাগে সশস্ত্ৰ বাহিনীত ব্যাপক সহযোগিতা আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে বঁটা প্ৰদানকাৰী সংস্থা আৰু মূল্যায়ন সংস্থা হিচাপে দ্বৈত শ্ৰেণীৰ স্বীকৃতি প্ৰদান কৰিছে । ইয়াৰ উপৰিও এম অ’ এছ ডি ইৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে অগ্নিবীৰসকলক ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমাণপত্ৰ প্ৰদানৰ সুবিধাও প্ৰদান কৰিব ।

ৰাজনাথ সিঙে উল্লেখ কৰে যে, এই বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অগ্নিবীৰসকলে সময়মতে শিক্ষা সম্পূর্ণ কৰি অতিৰিক্ত গুণ আৰু দক্ষতা বিকাশ কৰিবলৈ সক্ষম হ’ব ৷ এই সকলোবোৰ গুণেৰে সজ্জিত হৈ যেতিয়া অগ্নিবীৰসকল সমাজলৈ ঘূৰি আহিব, তেতিয়া তেওঁলোকে জাতি গঠনত অৰিহণা যোগাব বুলিও তেওঁ কয় ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘অগ্নিবীৰ’ক সহায় কৰাটো সকলোৰে বাবে বিজয়ী পৰিস্থিতিৰ দৰে হ’ব ৷ কাৰণ তেওঁলোক কেৱল সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াই জাতিৰ বাবে ‘সুৰক্ষাবীৰ’ হোৱাই নহয়, জাতিটোৰ সেৱাত অৰিহণা যোগাই ‘সমৃদ্ধিবীৰ’ হ’ব ৷

লগতে পঢ়ক: Defence Minister at Arunachal pradesh: অৰুণাচলত প্ৰতিৰক্ষা মন্ত্রীৰ ২৮ টাকৈ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.