ETV Bharat / bharat

অযোধ্যাৰ দীপোৎসৱ : এতিয়াও বাকী 50 হাজাৰ চাকি নিৰ্মাণৰ কাম

author img

By

Published : Nov 13, 2020, 9:03 AM IST

5.51 লাখ মাটিৰ চাকিৰে অযোধ্যাত উদযাপন কৰা হ'ব দীপোৎসৱ ৷ ইতিমধ্যে আয়োজক সকলে দীপাৱলীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ 100 জনৰো অধিক কৰ্মচাৰী জড়িত হৈ আছে এই প্ৰস্তুতি কাৰ্যত ৷

'Deepotsav' preparations fall short of 'diyas'; to be arranged soon
অযোধ্যাত দীপোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ

নেশ্যনেল ডেস্ক,13 নৱেম্বৰ: অযোধ্যাত দীপোৎসৱ উদযাপনৰ আয়োজক সকলে দীপাৱলীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ প্ৰায় 50,000 চাকিৰ নিৰ্মাণৰ কাম বাকী আছে যদিও সোনকালে ইয়াৰ প্ৰস্তুতি সম্পন্ন হ'ব বুলি আয়োজক সকলে জনাইছে ৷ 11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই দীপোৎসৱৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে চিত্ৰকলাৰে চাকি সমূহ ধুনীয়াকৈ সজায় এক সুন্দৰ পৰিৱেশ গঢ়ি তোলে ৷

এইবাৰ "ৰাম কি পেইডি ঘাট"ত প্ৰায় 5.51 লাখ মাটিৰ চাকি জ্বলোৱা হ'ব ৷ কিন্তু আয়োজক সকলে এই বছৰ চাকিৰ সংখ্যা কিছু কমোৱাৰ সিদ্ধান্ত লৈছে ৷ উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাত আয়োজন কৰা এই দীপোৎসৱে এইবাৰ চতুৰ্থ বৰ্ষত ভৰি দিলে ৷ প্ৰায় 100 জনৰো অধিক কৰ্মচাৰী জড়িত হৈ আছে এই প্ৰস্তুতি কাৰ্যত ৷ দীপোৎসৱৰ শোভা যাত্ৰাত ৰং বিৰঙৰ চাকি আৰু পৰম্পৰাগত নৃত্যও প্ৰদৰ্শন কৰা হ'ব ৷ বিভাগীয় কৰ্তৃপক্ষই কয় যে, ইয়াৰ পিছত দীপোৎসৱ ৰামৰ জনমভূমিত অনুষ্ঠিত কৰা হ'ব ৷

লগতে পঢ়ক: সম্প্ৰতি অসমত সাংবাদিকসকল নিৰাপত্তাহীন : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.