ETV Bharat / bharat

আফগানিস্তানৰ চৰকাৰী কৰ্মচাৰীলৈ কি ঘোষণা তালিবানৰ ?

author img

By

Published : Aug 17, 2021, 6:33 PM IST

তালিবানে আফগানিস্তানৰ ৰাজধানী দখল কৰাৰ পাছতে সকলো স্তব্ধ হৈ পৰিছে । চৰকাৰী কাৰ্যালয়, দোকান, ব্যৱসায় সকলো বন্ধ হৈ পৰিছে । ইয়াৰ মাজতে তালিবানে সকলো সাধাৰণ নাগৰিক আৰু বিষয়া-কৰ্মচাৰীক উদ্দেশ্যি বিশেষ ঘোষণা কৰিছে ।

Taliban announces general amnesty
আফগানিস্তানৰ চৰকাৰী কৰ্মচাৰীলৈ কি ঘোষণা তালিবানৰ

নেশ্যনেল ডেস্ক,১৭ আগষ্ট : তালিবানে (Taliban) দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুল নিজৰ দখললৈ আনে । আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে যুদ্ধ বিধ্বস্ত দেশখন পুনৰ তালিবানে দখল কৰে । লগে লগে সমগ্ৰ দেশখনত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় ।

আনকি ৰাষ্ট্ৰপতিও দেশ এৰি পলায়ন কৰে । নিৰাপত্তাহীনতাত ভুগি বহু লোকে দেশ এৰি পলায়নৰ চেষ্টা কৰে । একপ্ৰকাৰ স্তব্ধ হৈ পৰে সমগ্ৰ আফগানিস্তান ।

দোকান পোহাৰ বন্ধ হোৱাৰ লগতে সকলো চৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰিছে । সাধাৰণ লোকসকলে ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছে । কাবুল দখলৰ ঠিক দুদিন পাছতে তালিবানে এক বিশেষ ঘোষণা কৰে । তালিবানে দেশৰ সকলো নাগৰিকৰ বাবে ৰাজক্ষমা (general amnesty) ঘোষণা কৰে ।

তালিবানে জাৰি কৰা বিবৃতি অনুসৰি সকলোকে নিজৰ নিজৰ কামলৈ ঘূৰি আহিবলৈ আহ্বান জনাই তালিবানে । সম্পূৰ্ণ আত্মবিশ্বাসেৰে আৰু নিচিন্তে নিয়মীয়া জীৱন আৰম্ভ কৰিবলৈও সাধাৰণ নাগৰিকক আহ্বান জনাইছে তালিবানে । ইফালে ভাৰত চৰকাৰে কাবুলস্থিত ভাৰতীয় দূতাবাসৰ (Indian embassy) পৰা ভাৰতীয় কৰ্মচাৰী, কূটনীতিবিদ আৰু বিষয়াসকলক স্থানান্তৰ কৰিছে ।

ভাৰতীয় বায়ুসেনাৰ চি-১৭ বিমানেৰে কাবুলৰ পৰা কূটনীতিবিদ, বিষয়া আৰু সাংবাদিকসকলক ভাৰতলৈ অনা হৈছে । আফগানিস্তানৰ ভাৰতীয় ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনসহ আন ১২০ গৰাকী কূটনীতিবিদ আৰু বিষয়াও আছে বিমানখনত ।

ইতিমধ্যে বিমানখন গুজৰাটৰ জামনগৰত অৱতৰণ কৰিছে আৰু বিমানখন মঙলবাৰে বিয়লি নতুন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । আনহাতে সোমবাৰে এখন চি-১৭ ৰ জৰিয়তে বায়ুসেনাই ৪৫ গৰাকী সাধাৰণ ভাৰতীয়সহ কাবুলত কৰ্মৰত কৰ্মচাৰী আৰু বিষয়া আৰু আন বিভিন্ন সামগ্ৰীৰ সৈতে ভাৰত অভিমুখে ৰাওনা হয় ।

লগতে পঢ়ক : ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.