ETV Bharat / bharat

Daily Horoscope For 25th February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

author img

By

Published : Feb 25, 2023, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 25th February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে । ব্যৱসায় হওক বা আনন্দৰ কাৰণে হওক, নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বহুত ভাল । আপুনি এতিয়া যি কোনো কাম কৰাৰ বাবে অত্যন্ত উদ্যমী হৈ আছে ।

বৃষ ৰাশি: কিবা এটা কথা আপোনাক এতিয়াও আমনি দি আছে, আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা নাই । দুচিন্তাত ভুগিব পাৰে ৷ ধ্যান কৰক ৷

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল । আজি আপুনি য’তেই হাত দিব, তাতেই সোণ ফলিব । ইয়াৰ সুফল ভোগ কৰি যাওঁক । ব্যৱসায়-বাণিজ্যত ৰাজহ বৃদ্ধি হ’ব, বিনিয়োগ আদিৰপৰা লাভ পাব । বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব । তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলক ৷ সন্ধিয়া বহুতো সু-সংবাদ পাব পাৰে ।

কৰ্কট ৰাশি: আপোনাৰ গ্ৰহ আজি অনুকূল অৱস্থানত বিৰাজ কৰি আছে, গতিকে আপোনাৰ সময়টো ভালে । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সৌভাগ্যবান! কালিৰপৰা আপোনালোকে যি সৌভাগ্য উপভোগ কৰি আছে, সেয়া আজিও অব্যাহত থাকিব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ধৈয্য ধৰি থাকক । আপোনাৰ লগত যি হৈ আছে এইবোৰ গ্ৰহৰ বাবে হৈ আছে । আপুনি অত্যধিক চিন্তাত পৰি থাকিব, শৰীৰ ভালে নাযাব বা ভাগৰুৱা লাগি থাকিব আপোনাৰ । কোনোবাৰ কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব । তৰ্ক-বিতৰ্ক কৰা মানুহৰ পৰা দূৰত থাকক ।

কন্যা ৰাশি: কোনো কথাত আপুনি চিন্তিত হৈ থাকিব পাৰে । গতিকে যিয়ে কৰিব ভাবি চিন্তি কৰিব । আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধে যোৱা কোনো কাম কৰিবলৈ নাযাব । এইবোৰ কৰিবলৈ গ’লে আপুনি বিপদতহে পৰিব । ব্যয়বৃদ্ধি হ’ব পাৰে, আৰু পৰিস্থিতিও হতাশাজনক হ’ব পাৰে । বৰ বেছি উত্তেজিত হৈ নুঠিব, নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক । আপোনাৰ স্বাস্থ্যৰ মূল্য আছে ।

তুলা ৰাশি: বিবাহিতসকলে নিজৰ জীৱনসংগী বা সংগিনীৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ আকৌ নতুন আৰম্ভণি কৰিব পাৰে । অবিবাহিতসকলৰ বাবেও গ্ৰহ উজ্জ্বল হৈ আছে । প্ৰিয়জনৰ সৈতে ভ্ৰমণো বৰ আনন্দদায়ক হ’ব । ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবেও সময়টো বৰ ভাল । আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে, আপোনাৰ অভাৱনীয় সৌভাগ্যলাভ হ’ব পাৰে ।

বৃশ্চিক ৰাশি: পুৱাৰে পৰা আপুনি হঠাৎ নিজক তজবজীয়া অনুভৱ কৰিব, চাৰিওফালে এক ইতিবাচক পৰিৱেশো অনুভৱ কৰিব । আপুনি প্ৰেম জগতত ডুবি থাকিব ৷ পিতৃ-মাতৃৰ পৰা উৎসাহজনক সংবাদ পাব । আৰ্থিক লাভৰ যোগ । ৰৈ থকা কামবোৰ আপুনি অতি সহজতে সম্পন্ন কৰিব পাৰিব । বন্ধু আৰু পৰিয়ালৰ সৈতে জীৱনৰ ভাল বস্তুবোৰ ভগাই লওঁক ।

ধনু ৰাশি: আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই । সেই বাবে আপুনি অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে । খোৱা-লোৱা সম্বন্ধে সতৰ্ক থাকক, কাৰণ হজম সম্বন্ধীয় অসুখ হোৱাৰ যোগ আছে । আপুনি সন্তানক লৈ হয়তো দুশ্চিন্তা কৰি আছে । দীঘলীয়া এক উশাহ লওঁক আৰু যি যেনেকৈ হৈ আছে, তাক তেনেকৈয়ে হৈ যাবলৈ দিয়ক । কিতাপ পঢ়া বা সৃজনশীল কামত শান্তি বিচাৰি লওঁক ।

মকৰ ৰাশি: আজিৰ দিনটো টোপনি টোপনি লাগি থাকিব, এলেহুৱা লাগি থাকিব । ত আপুনি কোনো কামত ভালকৈ আগবঢ়ি যাব নোৱাৰিব বা কোনো কামত মনোযোগো দিব নোৱাৰিব । আনকি আপোনাৰ চাৰিওফালে থকা মানুহেও আপোনাক সহযোগিতা নকৰিব । আজি গোটেই দিন বহু সমস্যা ভুগিবলগীয়া হ’ব ৷ ধৈৰ্য ধৰি থাকক আৰু সতৰ্ক থাকক। এতিয়া এই পাৰদৰ্শিতা দেখুওৱাৰ সময় নহয় । তুচ্ছ বিষয়ক লৈ আলোচনা অহেতুক সংঘাতৰ সৃষ্টি কৰিব পাৰে ৷ সাৱধানে থাকক! আৰাম কৰক, টোপনি মাৰক ।

কুম্ভ ৰাশি: আজিৰ দিনটো বিগত এপষেকৰ আটাইতকৈ আপোনাৰ বাবে আনন্দদায়ক দিন হৈ উঠিব । আপুনি হাঁহি-ফুৰ্তিৰে থাকিব, আনন্দ অনুভৱ কৰিব আৰু আপোনাৰ ইচ্ছা হ’ব বাহিৰত ওলাই গৈ মানুহক লগ ধৰা । আপুনি মৰম ভাই-ভনী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সংগ উপভোগ কৰিব । আনন্দ কৰক!

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব, যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে । গ্ৰহৰ অৱস্থান সামান্য উন্নত হৈছে, কিন্তু এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই । আপুনি যি ৰন্ধনকৌশল পুনৰ আৰম্ভ কৰিছে, সেইটোক নষ্ট হ’বলৈ নিদিব । বাহিৰত খাবলৈ নাযাব । স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক । মানসিক শান্তি অটুট ৰাখিবলৈ মেল নাপাতিব বা বিতৰ্কিত কথা বতৰাত অংশ নল’ব । নেতিবাচক প্ৰভাৱৰপৰা দূৰত থাকক । ক্ৰোধ নিয়ন্ত্ৰণ কৰক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.