ETV Bharat / bharat

ঘূৰ্ণীবতাহ মিচাউং: অন্ধ্ৰৰ উপকূলত সতৰ্কবাণী জাৰি

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 4:38 PM IST

অন্ধ্ৰপ্ৰদেশৰ উপকূল অঞ্চললৈ তীব্ৰ গতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ মিচাউং । ৰাজ্যখনৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈছে । বানপীড়িত লোকসকলক স্থানান্তৰ কৰা হৈছে । (CYCLONE MICHAUNG)

Cyclone MICHAUNG
অন্ধ্ৰৰ উপকূলত ঘূৰ্ণীবতাহ মিচাউঙৰ সতৰ্কবাণী জাৰি

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : শেহতীয়াকৈ দেশৰ কিছু প্ৰান্তত ঘূৰ্ণীবতাহ মিচাউঙৰ ভয়ংকৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । চেন্নাইত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । অন্ধ্ৰপ্ৰদেশৰো কিছু প্ৰান্তত বৰষুণ হোৱা দেখা গৈছে । শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণীবতাহ মিচাউং অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চললৈ গতি কৰিছে । এই ঘূৰ্ণীবতাহ চেন্নাইৰ পৰা ৯০ কিলোমিটাৰ আৰু নেল্লোৰৰ পৰা ১২০ কিলোমিটাৰ, বাপটলাৰ পৰা ৩১০ কিলোমিটাৰ আৰু মছলিপট্টনমৰ পৰা ৩১০ কিলোমিটাৰ দূৰত আছে । বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে কোৱা মতে ই তীব্ৰ ধুমুহালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে আৰু মঙলবাৰে পুৱা কৃষ্ণা জিলাৰ দিৱাসীমাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ।

ইফালে উপকূল পাৰ হোৱাৰ পূৰ্বে এই ঘূৰ্ণীবতাহ অন্ধ্ৰ উপকূলৰ সমান্তৰালভাৱে আগবাঢ়িব । বিষয়াসকলে কয় যে উপকূলৰ ওপৰেৰে ঘূৰ্ণীবতাহ ১১০ মাইল প্ৰতি ঘণ্টাত গতি কৰিব বুলি আশা কৰা হৈছে । ঘূৰ্ণীবতাহৰ ফলত উপকূলীয় অন্ধ্ৰৰ নেল্লোৰ, প্ৰাকচম, বাপটলা, গুন্টুৰ, কৃষ্ণা আৰু পশ্চিম গোদাৱৰী জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত অন্ধ্ৰপ্ৰদেশৰ বহু ঠাইত নেৰানেপেৰা বৰষুণ হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে । মানুহে প্ৰচণ্ড ধুমুহাৰ বাবে সাজু হ'বলৈও সতৰ্ক কৰি দিয়া হৈছে । ঘূৰ্ণীবতাহ প্ৰভাৱিত জিলাসমূহত এনডিআৰএফ আৰু এছডিআৰএফ দল মোতায়েন কৰা হৈছে । ঘূৰ্ণীবতাহ মিচাউঙৰ আটাইতকৈ বেছি প্ৰভাৱ নেল্লোৰ জিলাত দেখা গৈছে ।

যোৱা ২৪ ঘণ্টাত জিলাখনত প্ৰচণ্ড বৰষুণ হৈছে । কিছুমান অঞ্চল বানৰ কৱলত পৰিছে । প্ৰশাসনে বাকিংহাম খাল আৰু উপকূলীয় গাঁওসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । বান প্ৰভাৱিত অঞ্চলৰ লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক:ঘূৰ্ণীবতাহ মিচাউং: জলমগ্ন চেন্নাই; স্বাভাৱিক জীৱন বিঘ্নিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.