ETV Bharat / bharat

Cyclone Biparjoy updates :50 হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

author img

By

Published : Jun 14, 2023, 7:27 PM IST

ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সংহাৰী ৰূপ ৷ বুধবাৰে বিয়লিলৈকে ৰাজ্যখনৰ উপকূলীয় বিপদশংকুল স্থানৰ পৰা প্ৰায় 50,000 লোকক স্থানান্তৰ কৰা হৈছে ৷ সাগৰৰ পৰা উপকূলৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধলৈ কোনো লোকৰে ক্ষতি হ’ব নোৱাৰাকৈ পদক্ষেপ হাতত লৈছে প্ৰশাসনে ৷

Cyclone Biparjoy updates
50 হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

নিউজ ডেস্ক, 14 জুন: ভাৰতত ঘূৰ্ণীবতাহ বিপৰ্যয়ে সংহাৰী ৰূপ লৈছে ৷ গুজৰাটৰ উপকূল অঞ্চলত প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰৰ সমীপত ঘূৰ্ণীবতাহ 'বিপৰ্যয়ে' প্ৰত্যাশিত ভূমিস্খলনৰ পূৰ্বে উপকূলীয় অঞ্চলৰ পৰা প্ৰায় 50,000 লোকক সুৰক্ষিত আশ্ৰয় শিৱিৰলৈ স্থানান্তৰিত কৰিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ ফলত ভূমিস্খলন হোৱাৰ আশংকা কৰা হৈছে ৷ ইতিমধ্যে ৰাজ্য প্ৰশাসনে গুজৰাটত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছে নিশ্চয়তা প্ৰদান কৰিছে ৷ বুধবাৰে বিয়লিলৈকে ৰাজ্যখনৰ উপকূলীয় বিপদশংকুল স্থানৰ পৰা প্ৰায় 50,000 লোকক স্থানান্তৰ কৰা হৈছে ৷ সাগৰৰ পৰা উপকূলৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধলৈ কোনো লোকৰে ক্ষতি হ’ব নোৱাৰাকৈ পদক্ষেপ হাতত লৈছে প্ৰশাসনে ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কয় যে এই ঘূৰ্ণীবতাহে বৃহস্পতিবাৰে বিয়লিলৈ "অতি তীব্ৰ ঘূৰ্ণীবতাহ" লৈ পৰিৱৰ্তিত হৈ ভূমিস্খলন হোৱাৰ আশংকা আছে ৷ এই ঘূৰ্ণীবতাহৰ বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ লৈকে হ'ব পাৰে । বতৰ বিজ্ঞান বিভাগে কমলা ৰঙৰ সংকেতৰ পৰা ৰঙা অৰ্থাৎ বিপজ্জনক সংকেত চিহ্নলৈ সলনি কৰিছে ৷ এই অতি তীব্ৰ ঘূৰ্ণীবতাহে সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলৰ কিছু অংশতো নতুনকৈ প্ৰভাৱে পেলাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে ৷

ভূমিস্খলনৰ পূৰ্বে ধাৰাসাৰ বৰষুণঃ

ইতিমধ্যে এই ঘূৰ্ণীবতাহৰ ফলত গুজৰাটৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হয়। এই 24 ঘণ্টাৰ ভিতৰত দেৱভূমি দ্বাৰকা জিলাৰ খাম্ভলিয়া তালুকাত সৰ্বাধিক 121 মিঃমিঃ পৰ্যন্ত বৰষুণ হয়, তাৰ পিচত দ্বাৰকাত (92 মিঃমিঃ) আৰু কল্যাণপুৰ (70 মিঃমিঃ) বৰষুণ হয় ৷ এক বিজ্ঞপ্তিযোগে এই তথ্য সদৰী কৰে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই ৷

ৰাজ্যিক সাহায্য আয়ুক্ত আলোক কুমাৰ পাণ্ডেয়ে কোৱা অনুসৰি এই ঘূৰ্ণীবতাহটো বৰ্তমান কচ্ছৰ পৰা প্ৰায় 290 কিলোমিটাৰ দূৰত্বত আছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে, ইতিমধ্যে উপকূলীয় অঞ্চলত বাস কৰা প্ৰায় 50,000 লোকক অস্থায়ী আশ্ৰয়লৈ স্থানান্তৰিত কৰা হৈছে ৷ উপকূলীয় অঞ্চলসমূহত স্থানান্তৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু বাকী 5,000 লোকক সন্ধিয়াৰ ভিতৰত সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ'ব ৷

পাণ্ডেয়ে লগতে কয় যে, 50 হাজাৰ লোকৰ ভিতৰত প্ৰায় 18 হাজাৰ লোকক কচ্ছ জিলাৰ আশ্ৰয়স্থললৈ স্থানান্তৰিত কৰা হৈছে, আনহাতে আনসকলক জুনাগড়, জামনগৰ, পোৰবন্দৰ, দেৱভূমি দ্বাৰকা, মৰবি আৰু ৰাজকোটৰ পৰা স্থানান্তৰ কৰা হৈছে । এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী), এছডিআৰএফৰ 12 টা দল (ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী), ৰাজ্যিক পথ আৰু নিৰ্মাণ বিভাগৰ 115 টা দল আৰু বিভিন্ন উপকূলীয় জিলাত ৰাজ্যিক বিদ্যুৎ বিভাগৰ 397 টা দল মোতায়েন কৰা হৈছে।

"বিদ্যুৎ, পথ আৰু ভৱন বিভাগৰ বিষয়াসকলেও সংযোগ আৰু বিদ্যুৎ যোগান পুনৰুদ্ধাৰৰ বাবে নিৰ্ধাৰিত স্থানত উপনীত হৈছে । আমি যোগাযোগত ব্যাঘাত নজন্মিবলৈ বাবে উপকূলীয় অঞ্চলত এইছ এ এম ৰেডিঅ' ছেট আৰু ছেটেলাইট ফোন কঢ়িয়াই অনা দলসমূহো মোতায়েন কৰিছো ৷" পাণ্ডেয়ে লগতে উল্লেখ কৰে ৷ উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে মঙলবাৰে নিশা ৰাজ্য চৰকাৰৰ জৰুৰীকালীন অভিযান কেন্দ্ৰলৈ অনাকাংক্ষিত বিপদৰ প্ৰস্তুতিৰ বাবে পৰ্যালোচনা কৰিবলৈ গৈছিল

স্বাস্থ্যমন্ত্ৰীয়ে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰেঃ

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ কচ্ছৰ চিকিৎসালয়সমূহ পৰিদৰ্শন কৰোৰ লগতে চিকিৎসালয়সমূহত উপলব্ধ অক্সিজেন, ভেণ্টিলেটৰ আৰু বিচনাসমূহৰ বিষয়ে তথ্য বিচাৰে । তেওঁ ঘূৰ্ণীবতাহৰ পিচত প্ৰয়োজন হ'ব পৰা স্বাস্থ্য সুবিধাসমূহ নিশ্চিত কৰাৰ বাবে কৰা প্ৰস্তুতিৰ বাবে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে সেৱা প্ৰধানসকলৰ সৈতে কথা পাতিছেঃ

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে, তেওঁ তিনিওজন সেৱা প্ৰধানৰ সৈতে কথা পাতিছে আৰু ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ বাবে হ’বপৰা ভূমিস্খলনৰ বাবে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে। ঘূৰ্ণীবতাহৰ ফলত যিকোনো পৰিস্থিতি বা আকস্মিক পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অসামৰিক কৰ্তৃপক্ষক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সশস্ত্ৰ বাহিনী সাজু বুলি ৰাজনাথ সিঙে সদৰী কৰে ৷

শেহতীয়া ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বুলেটিনঃ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়া বুলেটিনত কৈছিল যে ১৫ জুনত ঘূৰ্ণীবতাহ গুজৰাট উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে বৰষুণৰ মাত্ৰা বৃদ্ধি পাব ৷ ফলত কচ্ছ, দেৱভূমি দ্বাৰকা আৰু জামনগৰ জিলাৰ বিভিন্ন স্থানত অত্যাধিক ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণীবতাহ বিপৰ্যয়ে ১৫ জুন, সন্ধিয়াৰ ভিতৰত জাখৌ বন্দৰৰ (গুজৰাট) ওচৰৰ মাণ্ডৱী (গুজৰাট) আৰু কৰাচী (পাকিস্তান)ৰ মাজত সৌৰাষ্ট্ৰ আৰু কচ্ছ আৰু ইয়াৰ কাষৰীয়া পাকিস্তান উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ এই বিপৰ্যয়ে 125-135 বেগেৰে কিলোমিটাৰ প্ৰতি ঘণ্টাত বলিব ৷

ইয়াৰ ফলত বৃহস্পতিবাৰে পোৰবন্দৰ, ৰাজকোট, মৰবি, জুনাগড় আৰু সৌৰাষ্ট্ৰ আৰু উত্তৰ গুজৰাট অঞ্চলৰ বাকী জিলাসমূহতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আই এম ডিয়ে শুক্ৰবাৰে উত্তৰ গুজৰাট জিলা আৰু ইয়াৰ কাষৰীয়া দক্ষিণ ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰৰ পৰা অত্যাধিক ধাৰাসাৰ বৰষুণৰ সৈতে পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিছে ৷

আই এম ডিয়ে লগতে উল্লেখ কৰে যে, বুধবাৰে দুপৰীয়াৰ পৰা পোৰবন্দৰ আৰু দেৱভূমি দ্বাৰকা জিলাৰ উপকূলত বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত 65-75 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি হ'ব।

মাছ মৰাৰ সকলো কাৰ্যকলাপ স্থগিত কৰা হৈছেঃ

ভাৰতীয় বতৰ বিজ্ঞানৰ ভৱিষ্যতবাণী অনুসৰি, অহা 16 জুনলৈকে মাছ ধৰা কাৰ্যকলাপ স্থগিত ৰখা হৈছে, আৰু বন্দৰবোৰ বন্ধ ৰখা হৈছে, সাগৰৰ কঠিন পৰিস্থিতি আৰু আহি থকা ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰতিকূল বতৰৰ বাবে জাহাজবোৰ নিষিদ্ধ কৰা হৈছে।

লগতে পঢ়ক: Cyclone Biparjoy : উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ অভিযানত উদ্ধাৰ ৫০ জন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.