ETV Bharat / bharat

Gang rape : লিফ্ট দিয়াৰ গইনাৰে যুৱতীক জংঘললৈ নি দলবদ্ধ ধৰ্ষণ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 9:47 AM IST

CRIME NEWS UP GANG RAPE WITH BA STUDENT IN MEERUT
যুৱতীক দলবদ্ধ ধৰ্ষণ

উত্তৰ প্ৰদেশৰ মীৰাটত জঘন্য ঘটনা ৷ লিফ্ট দিয়াৰ গইনাৰে যুৱতীক জংঘললৈ নি দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দুই চুবুৰীয়া যুৱকৰ বিৰুদ্ধে ৷ জানক সবিশেষ...

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনীত অপৰাধ ৷ এইবাৰ উত্তৰ প্ৰদেশৰ মীৰাটত এগৰাকী যুৱতী দুই যুৱকৰ কামনাৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ যুৱতীগৰাকীক লিফ্ট দিয়াৰ চলেৰে জংঘললৈ নি দুই চুবুৰীয়া যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ভুক্তভোগী যুৱকীগৰাকীৰ পৰিয়ালে সৰুৰপুৰ আৰক্ষী থানাত দুয়ো চুবুৰীয়া যুৱকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 21 অক্টোবৰত মীৰাটৰ সৰুৰপুৰ আৰক্ষী থানা অঞ্চলৰ যুৱতীগৰাকীয়ে প্ৰতিদিনৰ দৰে কলেজলৈ যাবলৈ বাছৰ বাবে অপেক্ষা কৰি আছিল ৷ তেনেতে তেওঁৰ চুবুৰীয়া দুজন যুৱকে এখন বাইক লৈ বাছ ষ্ট’পেজলৈ আহিছিল ৷ দুই যুৱকে যুৱতীগৰাকীক কলেজলৈ লিফ্ট দিম বুলি কৈ তেওঁলোকৰ সৈতে বাইকত বহিবলৈ দিছিল ৷ যুৱতীগৰাকীয়ে চুবুৰীয়া হোৱাৰ হেতুকে যুৱক দুজনক বিশ্বাস কৰি তেওঁলোকৰ সৈতে বাইকত বহিছিল ৷ তাৰ পিচতে যুৱক দুজনে বাইকখন মাইনাপুথি গাঁৱৰ জংঘলৰ মাজলৈ লৈ গৈছিল ।

যুৱতীগৰাকীয়ে ভয় খাই যুৱক দুজনক ৰ'বলৈ কৈছিল ৷ কিন্তু দুই যুৱকে যুৱতীগৰাকীৰ কোনো কথাই মানি ল’বলৈ মান্তি হোৱা নাছিল ৷ যুৱতীগৰাকীক ভয় খুৱাবলৈ দুই যুৱকে তেওঁক হত্যা কৰাৰ ভাবুকি দি কুঁহিয়াৰ খেতিলৈ লৈ গৈছিল । কুঁহিয়াৰ খেতিত দুি যুৱকে যুৱতীগৰাকীৰ লগত নিজৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰে ৷

এই ঘটনাৰ কথা আন কাৰোবাক ক’লে যুৱতীগৰাকীক হত্যা কৰাৰ ভাবুকি যুৱক দুজনে পলায়ন কৰে ৷ যুৱতীগৰাকীয়ে মুমূৰ্ষ অৱস্থাত নিজ বাসগৃহত উপস্থিত হৈ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰিছিল ।

সৰুৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ সিং ৰাৱাটে কৈছিল যে যুৱতীগৰাকী আৰু পৰিয়ালৰ লোকে আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা বিৱৰি কৈছিল । এই ঘটনাটো যোৱা 21 অক্টোবৰত সংঘটিত হৈছিল যদিও এই ঘটনাৰ অভিযোগ যোৱা 25 অক্টোবৰত দাখিল কৰা হৈছিল ৷

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.