ETV Bharat / bharat

Patna Urinating Case : সামাজিক অৱক্ষয় ! মহিলাক প্ৰহাৰ কৰি দেহত মূত্ৰ-ত্যাগ গুণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 11:47 AM IST

Patna Urinating Case
মধ্যপ্ৰদেশ সদৃশ ঘটনা এইবাৰ পাটনাত

মধ্যপ্ৰদেশৰ প্ৰস্ৰাৱৰ ঘটনাটোৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ পাটনাতো সংঘটিত হৈছে সদৃশ ঘটনা । শনিবাৰে নিশা খুচৰুপুৰত এগৰাকী মহাদলিত মহিলাক প্ৰহাৰ কৰি মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যখনত । আৰক্ষীয়ে নস্যাৎ কৰিছে এই অভিযোগক ৷ অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ ভুক্তভোগীৰ ৷

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ: দেশজুৰি বৃদ্ধি পাবলৈ ধৰিছে অসহিষ্ণুতাৰ ঘটনা ৷ মধ্যপ্ৰদেশৰ সিধিৰ দৰে বিহাৰৰ ৰাজধানী পাটনাটো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে মানৱতাক ভুলুণ্ঠিত কৰা এই লজ্জাজনক ঘটনা । গুণ্ডাৰ দলে এগৰাকী মহাদলিত মহিলাক বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে । সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এই ঘটনা সংঘটিত হৈছে পাটনাৰ খুচৰুপুৰ থানা এলেকাত । অৱশ্যে আৰক্ষীয়ে অস্বীকাৰ কৰিছে এই ঘটনাক । আৰক্ষীয়ে জনোৱা মতে, ধনৰ লেনদেনৰ বাবে মহিলাগৰাকীক নিৰ্যাতন চলোৱা হৈছিল ।

আৰক্ষীয়ে কয়, "বিষয়টো ধনৰ লেনদেনৰ । তদন্তত যিটো পোহৰলৈ আহিছে সেয়া হ'ল মহিলাগৰাকীয়ে টকাখিনি ঘূৰাই দিছিল । কিন্তু তেওঁ আন কাৰোবাকো কিছু টকা দিছিল, যিখিনি ঘূৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল । কিন্তু, মহিলাগৰাকীৰ কাপোৰ খুলি তাইৰ ওপৰত প্ৰস্ৰাৱ কৰা বুলি ওলোৱাটো মিছা ।"

কি হৈছিল প্ৰকৃততে: চিকিৎসালয়ত ভৰ্তি ভুক্তভোগী মহিলাগৰাকীৰ মতে শনিবাৰে নিশা 10 বজাত পুত্ৰ আৰু চাৰিজন সহযোগীৰ সৈতে গাঁৱৰ এজন গুণ্ডা তেওঁৰ ঘৰলৈ আহিছিল । বলপূৰ্বকভাৱে মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ যায় গুণ্ডাবাহিনীয়ে । মহিলাগৰাকীৰ কাপোৰ খুলি লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰে । ইয়াৰ পিছত তেওঁ পুত্ৰক মহিলাগৰাকীৰ মুখত প্ৰস্ৰাৱ কৰিবলৈ কয় । কিবাকৈ মহিলাগৰাকীয়ে নিজৰ জীৱনটো বচায় পলাবলৈ সক্ষম হৈছিল বুলি ভুক্তভোগীয়ে কয় ।

ধনৰ লেনদেনৰ সমস্যা: এই ঘটনাৰ কাৰণ কি বুলি সোধাত ভুক্তভোগীয়ে কয় যে এইটো ধনৰ লেনদেনৰ সমস্যা । পৰিয়ালৰ এজন সদস্যই জনোৱা মতে, মহিলাগৰাকীয়ে সুতত 1500 টকা লৈছিল । লগতে ভুক্তভোগীয়ে সুত আৰু মূলধন ইতিমধ্যে ঘূৰাই দিছে । ইয়াৰ পিছতো অধিক ধন ওভতাই দিবলৈ বাকী আছে বুলি কৈ টকা নিদিলে গাঁৱত মহিলাগৰাকীক উলংগ কৰি পেৰেড কৰাৰ ভাবুকি প্ৰদান কৰা হৈছিল গুণ্ডাৰ দলে ।

আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ: শনিবাৰৰ পুৱাও ভুক্তভোগীক আক্ৰমণ কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁক ফোন কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল । আৰক্ষীয়ে আহি সোধা-পোছা কৰিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । অভিযুক্তক মুকলি কৰি দিয়া হ’ল । ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পিছত অভিযুক্তই খঙত প্ৰহাৰ কৰি নিশা প্ৰস্ৰাৱ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, দেশখনৰ সামাজিক অৱক্ষয় আৰু বৰ্ণবাদী চৰিত্ৰ উদঙাই দেখুওৱা এনে ঘটনা যিমানেই বৃদ্ধি হৈছে সিমানেই অনিশ্চয়তাত ভুগিবলগীয়া হৈছে দেশৰ নাগৰিকসকল ৷

লগতে পঢ়ক : AIMIM MP Owaisi on Bidhuri remarks: সদনত এদিন গণ প্ৰহাৰৰ বলি হ’ব মুছলমান সাংসদ; ওৱেইচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.