ETV Bharat / bharat

'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ সম্ভাৱনা

author img

By

Published : Mar 31, 2021, 1:47 PM IST

২০২০ চনৰ ছেপ্তেম্বৰ মাহত ড৹ ৰেড্ডীয়ে 'স্পুটনিক ভি'ৰ ক্লিনিকেল পৰীক্ষণ আৰু ভাৰতত ইয়াৰ বিতৰণ অধিকাৰৰ বাবে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ (আৰডিআইএফ) সৈতে অংশীদাৰ হৈছিল । ভাৰতে ৰাছিয়ান 'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

ভাৰতে 'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন দিয়াৰ সম্ভাৱনা
ভাৰতে 'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন দিয়াৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ: ভাৰতত ক'ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ পিছত অতি শীঘ্ৰে কৰ'ণাৰ নতুন প্ৰতিষেধক ৰাছিয়াৰ 'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে । এই বিষয়ত বুধবাৰে কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংগঠন(চি়এছচিঅ') ৰ বিশেষজ্ঞ সমিতিয়ে এক বৈঠকত মিলিত হ'ব । ভাৰতৰ প্ৰতিষেধক নিৰ্মাতা ড০ ৰেড্ডীয়ে ইতিমধ্যে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সুৰক্ষা আৰু ইমিউন'জেনিচিতিৰ তথ্য দাখিল কৰিছে ।

দিল্লী হাৰ্ট এণ্ড লাং ইনষ্টিটিউটত দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনেও কয় যে সম্প্ৰতি প্ৰায় ৭ টাকৈ প্ৰতিষেধক ক্লিনিকেল পৰীক্ষণত আছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, প্ৰতিষেধকসমূহৰ কিছুমান এতিয়াও পৰীক্ষণৰ উন্নত পৰ্যায়ত আছে । ইফালে প্ৰায় ২০ৰো অধিক প্ৰতিষেধক ক্লিনিকেল পৰীক্ষণৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে ।

২০২০ চনৰ ছেপ্তেম্বৰ মাহত ড০ ৰেড্ডীয়ে 'স্পুটনিক ভি'ৰ ক্লিনিকেল পৰীক্ষণ আৰু ভাৰতত ইয়াৰ বিতৰণ অধিকাৰৰ বাবে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ (আৰডিআইএফ) সৈতে অংশীদাৰ হৈছিল । গামালেয়া ৰাষ্ট্ৰীয় গৱেষণা মহামাৰী বিজ্ঞান আৰু মাইক্ৰ'বাইঅ'ল'জী প্ৰতিষ্ঠানৰ দ্বাৰা এই প্ৰতিষেধকটো যোৱা বছৰৰ ১১ আগষ্টত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে পঞ্জীয়ন কৰিছিল ।

লগতে পঢ়ক: দিল্লীৰ ছফদৰজংগ হাস্পতালত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.