ETV Bharat / bharat

Chhattisgarh Bypoll : ছত্তীশগড়ৰ উপ-নিৰ্বাচনত ভানুপ্ৰতাপপুৰ কংগ্ৰেছৰ দখলত

author img

By

Published : Dec 8, 2022, 6:44 PM IST

Chhattisgarh Bypoll
Chhattisgarh Bypoll

কংগ্ৰেছ প্ৰাৰ্থী সাবিত্ৰী মান্দাৱীয়ে ভানুপ্ৰতাপপুৰ উপ-নিৰ্বাচনত জয়লাভ কৰিছে । তেওঁ বিজেপি প্ৰাৰ্থী ব্ৰহ্মানন্দ নেতামক ২১,০০০ তকৈও অধিক ভোটত পৰাস্ত কৰে । তিনি তৰপীয়া নিৰাপত্তাৰ মাজত 19 টা ৰাউণ্ডত ভোট গণনা সম্পূৰ্ণ কৰা হয় । উপ-নিৰ্বাচনত মুঠ ৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল (congress win Chhattisgarh Bypoll) ।

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : বৃহস্পতিবাৰে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা হয় (counting of Gujrat and Himachal election) । লগতে আন কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰো ভোট গণনা অনুষ্ঠিত হয় । উক্ত উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰে (congress win Chhattisgarh Bypoll) । আজি ছত্তীশগড়ৰ ভানুপ্ৰতাপপুৰ উপ-নিৰ্বাচনৰ ভোটগণনা 19 টা ৰাউণ্ডত সম্পূৰ্ণ হয় । প্ৰথমতে ডাক বেলট গণনা কৰা হয় ।

য'ত কংগ্ৰেছ প্ৰাৰ্থী সাবিত্ৰী মান্দাৱীয়ে অগ্ৰগতি লাভ কৰে । কংগ্ৰেছ প্ৰাৰ্থী সাবিত্ৰী মান্দাৱীয়ে ই ভি এম গণনাত জয়ী হৈ বিজেপিৰ ব্ৰহ্মানন্দ নেতামক ২১,০৯৮ টা ভোটত পৰাস্ত কৰে (chhattisgarh bhanupratappur bypoll) । ইফালে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ভানুপ্ৰতাপপুৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত এটা বিবৃতি দিছে । "চৰকাৰৰ ওপৰত মানুহৰ বিশ্বাস অটুট আছে । মনোজ মান্দাৱীৰ কামৰ বাবে এই বিজয় অৰ্জন কৰা হৈছে । জনতাৰ সমৰ্থন এতিয়াও বৰ্তী আছে । ভাৰতীয় জনতা পাৰ্টীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰি আছে ।"

আনহাতে, হিমাচল প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Chhattisgarh CM Bhupesh Baghel) কয়, "আমি ফলাফল শেষ হোৱালৈ অপেক্ষা কৰা উচিত । হিমাচলত আমাৰ যেনেধৰণৰ আশা আছিল তেনে হোৱা যেন লাগিছে (Himachal Pradesh assembly election 2022) ।"

ইফালে গুজৰাট বিধানসভা নিৰ্বাচন সন্দৰ্ভত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে কয়, "গুজৰাট এখন ডাঙৰ ৰাজ্য । ফলাফলবোৰ আহিবলৈ সময় লাগিব (Gujrat assembly election 2022) । শেষলৈকে অপেক্ষা কৰোঁ আহক । ফলাফল পলমকৈ আহিব । গুজৰাট এখন ডাঙৰ ৰাজ্য, পৰিৱৰ্তন হ'ব পাৰে । আম আদমি পাৰ্টীয়ে কৈছিল যে কংগ্ৰেছ শেষ, কিন্তু নিজেই তাত বিলীন হৈছে (Aam Admi Party) । "

উল্লেখ্য, ভোট গণনাৰ নৱম পৰ্যায়ত কংগ্ৰেছৰ সাবিত্ৰী মান্দাৱী 14 হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছিল । ব্ৰাহ্মণন্দ নেতাম দ্বিতীয় নম্বৰত আছে । ইয়াৰ পূৰ্বে সপ্তম আৰু অষ্টম ৰাউণ্ডত, মান্দাৱীয়ে 12 হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি গৈছিল ।

লগতে পঢ়ক :Mainpuri Bye poll: দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ ডিম্পল যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.