ETV Bharat / bharat

নিৰ্বাচনকেন্দ্ৰিক ঘটনাক লৈ বিজেপিক সমালোচনা ৰাহুল-প্ৰিয়ংকাৰ

author img

By

Published : Jul 11, 2021, 10:34 AM IST

উত্তৰ প্ৰদেশৰ মণ্ডল পৰ্যায়ৰ নিৰ্বাচন সমাগত । মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ কংগ্ৰেছৰ । শনিবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বিজেপিৰ বিৰুদ্ধে ।

Congress slammed the BJP government in Uttar Pradesh over poll violence
উত্তৰ প্ৰদেশৰ নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনাক লৈ বিজেপিক সমালোচনা কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, 11 জুলাই : উত্তৰ প্ৰদেশত হিংসাত্মক ঘটনাৰ নতুন নাম হৈছে 'মাষ্টাৰষ্ট্ৰোক'-ৰাজ্যখনত সংঘটিত হোৱা নিৰ্বাচনকেন্দ্ৰিক ঘটনা সন্দৰ্ভত শনিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । উত্তৰ প্ৰদেশৰ মণ্ডল পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মহিলা প্ৰাৰ্থীৰ সৈতে বিজেপি কৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই অভিযোগ উত্থাপন কৰে যে, নিৰ্বাচনৰ বাবে এগৰাকী মহিলাই মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ বিজেপিয়ে সকলো সীমা অতিক্ৰম কৰিছে ।

তেওঁ লগতে অভিযোগ তোলে যে, কেইবছৰমান পূৰ্বে ধৰ্ষণৰ বলি হোৱা এগৰাকী নিৰ্যাতিতাই এজন বিজেপি বিধায়কৰ বিৰুদ্ধে মাত মাতিছিল ৷ তেতিয়া নিৰ্যাতিতাক পৰিয়ালৰ সৈতে হত্যা কৰাৰ চেষ্টা কৰা হৈছিল । আজি বিজেপিয়ে এগৰাকী মহিলাৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াত বাধা দিবলৈ সকলো সীমা অতিক্ৰম কৰিছে ৷

টুইটযোগে চৰকাৰ একেই আৰু আচৰণো একেই আছে বুলি প্ৰকাশ কৰি এগৰাকী মহিলাক মনোনয়ন দাখিল কৰাত বাধা দিয়া দৃশ্য থকা এটা ভিডিঅ' শ্বেয়াৰ কৰে ।

  • कुछ सालों पहले एक बलात्कार पीड़िता ने भाजपा विधायक के खिलाफ आवाज उठाई थी, उसे व उसके परिवार को मारने की कोशिश की गई थी।

    आज एक महिला का नामांकन रोकने के लिए भाजपा ने सारी हदें पार कर दीं।

    सरकार वही।
    व्यवहार वही। pic.twitter.com/rTcGQiG3Ai

    — Priyanka Gandhi Vadra (@priyankagandhi) July 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে, উত্তৰ প্ৰদেশত হিংসাত্মক ঘটনাৰ নাম সলনি কৰি "মাষ্টাৰষ্ট্ৰোক" ৰখা হৈছে । টুইটটোত তেওঁ লিখিছে যে, বাহৰাইচত খণ্ড উন্নয়ন সমিতিৰ এজন সদস্যৰ খুলশালীক হত্যা কৰা হৈছিল ৷ ইয়াৰ কাৰণ আছিল তেওঁ পঞ্চায়ত সভাপতিৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ স্বামী আৰু সমৰ্থকৰ দ্বাৰা আত্মীয়ক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

  • उत्तर प्रदेश में ‘हिंसा’ का नाम बदलकर ‘मास्टरस्ट्रोक’ रख दिया गया है। pic.twitter.com/poT0aOxxBD

    — Rahul Gandhi (@RahulGandhi) July 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

খেৰীতো সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আৰু বিজেপি কৰ্মীৰ মাজত হতাহতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পিছত প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ৬ গৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তোলে যে, এগৰাকী মহিলা বিডিচি সদস্যাক আৰক্ষীৰ সন্মুখতে বিবস্ত্ৰ কৰাৰ চেষ্টা কৰা হৈছিল । ইয়াৰ আঁৰতো বিজেপি কৰ্মী থকা বুলি গান্ধীয়ে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: বৃদ্ধি পালে Mother Dairy ৰ গাখীৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.