ETV Bharat / bharat

Manipur Election 2022 : ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা

author img

By

Published : Mar 9, 2022, 7:19 AM IST

10 মাৰ্চত ঘোষণা কৰা হ’ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন (Manipur Election 2022) ৰ ফলাফল ৷ তাৰ পূৰ্বে যাতে মণিপুৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীসকলে আন দলসমূহ বিশেষকৈ বিজেপিৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে, তাৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে (Congress planning to keep candidates together to avoid poaching attempt) ৷

Congress planning to keep candidates together to avoid poaching attempt
ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা

নিউজ ডেস্ক, 9 মাৰ্চ : 10 মাৰ্চত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা আৰু পঞ্জাৱৰ দৰে চাৰিখন ৰাজ্যৰ সমান্তৰালকৈ মণিপুৰতো ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচন (Manipur Election 2022) ৰ ফলাফল ৷ তাৰ পূৰ্বে যাতে মণিপুৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীসকলে আন দলসমূহ বিশেষকৈ বিজেপিৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে, তাৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে (Congress planning to keep candidates together to avoid poaching attempt) ৷

সেই অনুসৰি, কংগ্ৰেছৰ সকলোবোৰ নিৰ্বাচনী প্ৰাৰ্থীক একেলগে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৰ শীৰ্ষ নেতাসকলে ৷ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক দলটোৰ এগৰাকী শীৰ্ষ নেতাই এই বিষয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ৰাজ্যখনত বুধবাৰে উপস্থিত হ’ব AICC ৰ বহুকেইজন শীৰ্ষ নেতা ৷

উল্লেখ্য যে, 10 মাৰ্চত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত বিজেপিয়ে যাতে কোনো প্ৰকাৰৰে বিজয়ী প্ৰাৰ্থীসকলক প্ৰলোভিত কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

বিগত 2017 চনলৈকে একেৰাহে তিনিবাৰ মণিপুৰত শাসন চলোৱা দলটোৱে উক্ত বৰ্ষতে বিধানসভা নিৰ্বাচনত বিজেপিৰ হাতত পৰাজিত হৈছিল । এই বছৰৰ নিৰ্বাচনত দলটোৱে মণিপুৰৰ 60 খন বিধানসভা আসনৰ ভিতৰত 53 খন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷

বিগত বৰ্ষত অসমত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে একে ধৰণৰ কৌশল গ্ৰহণ কৰিছিল । অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ এআইইউডিএফ-ৰ সৈতে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটোৱে বিজেপিৰ দ্বাৰা প্ৰাৰ্থীসকল প্ৰভাৱিত নহ’বৰ বাবে, ভোট গণনাৰ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰাৰ্থীসকলক ৰাজস্থানলৈ স্থানান্তৰিত কৰি এখন হোটেলত গোপনে বাহৰ পাতিছিল ।

লগতে চাওক: ৩৩ শতাংশ চৰকাৰী চাকৰি হ’ব মহিলাৰ বাবে সংৰক্ষণ: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.