ETV Bharat / bharat

উত্তৰাখণ্ডৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

author img

By

Published : Jun 13, 2021, 2:29 PM IST

Congress leader Indira Hridayesh dies of cardiac arrest
উত্তৰাখণ্ডৰ বিধানসভাৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে (Chief Minister Tirath Singh Rawat) টুইট কৰি বিৰোধী দলপতি ইন্দিৰা হৃদয়েশ (Indira Hridayesh)ৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

নেশ্যনেল ডেস্ক, 13 জুন : উত্তৰাখণ্ডৰ বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িকা ইন্দিৰা হৃদয়েশে (Indira Hridayesh)দেওবাৰে নতুন দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে । হৃদৰোগত (cardiac arrest) আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছ বিধায়িকা গৰাকীৰ ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে (Chief Minister Tirath Singh Rawat) টুইট কৰি বিৰোধী দলপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ তীৰথ সিং ৰাৱটে কংগ্ৰেছ বিধায়িকা গৰাকীক তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ দৰে আছিল বুলি উল্লেখ কৰে । তেওঁ লগতে ইন্দিৰা হৃদয়েশে (Indira Hridayesh) সদায় বিধানসভাত জনস্বাৰ্থৰ বিষয়বোৰ উত্থাপন কৰিছিল বুলি উল্লেখ কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে পঢ়ক : ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত 724 গৰাকী চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.