ETV Bharat / bharat

Congress Hits Back at BJP : বিজেপিয়ে জিন্নাৰ মুছলিম লীগ ভালপায়; ৰাহুলক আক্ৰমণৰ প্ৰত্যুত্তৰ কংগ্ৰেছৰ

author img

By

Published : Jun 2, 2023, 8:11 PM IST

Congress Hits Back at BJP
Congress Hits Back at BJP

"মুছলিম লীগৰ সৈতে বিজেপিৰ পুৰণি সম্পৰ্ক আছে আৰু তেওঁলোকক পাহৰিব নোৱাৰে । বিজেপিৰ প্ৰতিষ্ঠাপক এল কে আদৱানীয়ে পাকিস্তান ভ্ৰমণৰ সময়ত জিন্নাৰ স্মৃতিসৌধলৈ গৈছিল আৰু তেওঁক আটাইতকৈ ডাঙৰ ধৰ্মনিৰপেক্ষ নেতা হিচাপে বৰ্ণনা কৰিছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো ভাৰতীয় নেতা পাকিস্তানলৈ গৈছিল । কিন্তু কোনেও জিন্নাৰ স্মাৰক পৰিদৰ্শন কৰা নাছিল আৰু তেওঁক আটাইতকৈ ডাঙৰ ধৰ্মনিৰপেক্ষ নেতা হিচাপে প্ৰশংসা কৰা নাছিল । বিজেপিয়ে গৈ আদৱানীৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচৰা উচিত ।" কংগ্ৰেছৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে এনেদৰে কয় (Congress hits back at BJP for targeting Rahul) ।

নিউজ ডেস্ক, ২ জুন : গেৰুৱা দলটোৱে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক লক্ষ্য কৰি মুছলিম লীগক ধৰ্মনিৰপেক্ষ সংগঠন বুলি কোৱাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছে বিজেপিক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে (Congress hits back at BJP for targeting Rahul) । "ৰাহুল গান্ধীয়ে প্ৰকৃততে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (Indian Union Muslim League) কথাহে উল্লেখ কৰিছিল, যাৰ ভিত্তি কেৰালাত আছে । পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাই গঠন কৰা মুছলিম লীগত নহয় । বিজেপি প্ৰকৃততে মুছলিম লীগৰ প্ৰেমত আছে (ruling party loves Jinnah Muslim League)। কিয়নো দলটোৰ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে এসময়ত পশ্চিমবংগত জিন্নাৰ মুছলিম লীগৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল ।" কংগ্ৰেছৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে এনেদৰে কয় ।

তেওঁ লগতে কয়, মুছলিম লীগৰ সৈতে বিজেপিৰ পুৰণি সম্পৰ্ক আছে আৰু সেয়ে তেওঁলোকক পাহৰিব নোৱাৰে । যেতিয়া বিজেপিৰ প্ৰতিষ্ঠাপক এল কে আদৱানীয়ে (BJP founder LK Advani) পাকিস্তান ভ্ৰমণ কৰিছিল, তেওঁ জিন্নাৰ স্মৃতিসৌধলৈ গৈছিল আৰু তেওঁক আটাইতকৈ ডাঙৰ ধৰ্মনিৰপেক্ষ নেতা হিচাপে বৰ্ণনা কৰিছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো ভাৰতীয় নেতা পাকিস্তানলৈ গৈছিল, কিন্তু কোনেও জিন্নাৰ স্মাৰক পৰিদৰ্শন কৰা নাছিল আৰু তেওঁক আটাইতকৈ ডাঙৰ ধৰ্মনিৰপেক্ষ নেতা হিচাপে প্ৰশংসাও কৰা নাছিল । বিজেপিয়ে গৈ আদৱানীৰ পৰা এনে প্ৰশ্নৰ উত্তৰ বিচৰা উচিত ।"

উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰত এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কৈছিল যে মুছলিম লীগ এটা ধৰ্মনিৰপেক্ষ দল । আইইউএমএল (IUML) দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সহযোগী আছিল আৰু আনকি কেন্দ্ৰৰ পূৰ্বৰ ইউপিএ চৰকাৰৰো অংশীদাৰ আছিল । বিজেপিয়ে এই মন্তব্যকে ব্যৱহাৰ কৰি অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে ভালদৰে পঢ়া-শুনা কৰা নাছিল আৰু ইতিহাসৰ বিষয়ে তেওঁৰ জ্ঞান কম ।

"আইইউএমএল হৈছে ভাৰতৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল । নিৰ্বাচন আয়োগে (Election Commission of India) ধৰ্মনিৰপেক্ষতা নথকা দলসমূহ পঞ্জীয়ন নকৰে । যদি এই দলটো সাম্প্ৰদায়িক, তেন্তে নিৰ্বাচন আয়োগে দলটোৰ পঞ্জীয়নৰ অনুমতি নিদিয়ে ।" অধ্যাপক বল্লভে কয় । আনহাতে, বিজেপিয়ে ৰাহুলক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে তেওঁ বিদেশত দেশক অপমান কৰিছে (BJP targeted Rahul saying insulted country abroad) । ইফালে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মন্তব্য সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত অধ্যাপক বল্লভে কয় যে ৰাহুলে কেতিয়াও বিদেশত ভাৰতক অপমান কৰা নাই, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে অতীজত কেইবাবাৰো এনে কৰিছে (congress slams RSS chief Mohan Bhagwat) ।

"মোহন ভাগৱতে প্ৰধানমন্ত্ৰী মোদীক সুধিব লাগে যে তেওঁ বিদেশৰ মাটিত দেশক কিয় অপমান কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ কোৰিয়াত ২০১৬ চনত বিধ্বংসী বিমুদ্ৰাকৰণৰ সন্মুখীন হোৱা মধ্যবিত্ত শ্ৰেণীক উপহাস কৰি কৈছিল যে মানুহে ভাৰতীয় হিচাপে জন্মগ্ৰহণ কৰিবলৈ লজ্জিত হয় । আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ২০১৪ চনৰ পূৰ্বে ভাৰতক সৰ্প মন্ত্ৰৰ দেশ হিচাপে গণ্য কৰা হৈছিল । ভাগৱতজী, আপুনি তেনে এজন ব্যক্তিক প্ৰধানমন্ত্ৰীৰ দৰে আসনত কিয় বহুৱাইছে ? ৰাহুল গান্ধীয়ে কেতিয়াও বিদেশত দেশক অপমান কৰা নাই । তেওঁ কেৱল নিবনুৱা আৰু মূল্যবৃদ্ধিৰ দৰে সামাজিক সমস্যাবোৰ দেখুৱাই দিছে আৰু সামাজিক আন্তঃগাঁথনি কেনেদৰে ভাঙি পৰিছে সেয়া দেখুৱাই দিছে । তেওঁ জনসাধাৰণক কেতিয়াও উপহাস কৰা নাই ।" অধ্যাপক বল্লভে লগতে কয় ।

আনহাতে, কংগ্ৰেছ নেতাজনে আঙুলিয়াই দিয়ে যে যদিও শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী এলবানিছে 'প্ৰধানমন্ত্ৰী মোদী বছ' বুলি বৰ্ণনা কৰা মন্তব্যত বিজেপি উৎফুল্লিত হৈছে, গেৰুৱা দলটোৱে পাহৰি গৈছে যে অষ্ট্ৰেলিয়াৰ দুখন বিশ্ববিদ্যালয়ে পাঁচখন পৃথক ৰাজ্যৰ ভাৰতীয় শিক্ষাৰ্থীক নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছে ।

"মোদীয়ে বিদেশলৈ গৈ তেওঁক নিজক নহয়, ভাৰতৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰে । ভাৰতীয় কৰদাতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ ব্যয় বহন কৰে । যদি এখন দেশত ভাৰতীয় লোকসকলক অসন্মান কৰা হয়, আপুনি তাত সন্মান পাব নোৱাৰে মোদী । মই ভাগৱতক প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিবলৈ অনুৰোধ জনাইছোঁ । আৰু যদি প্ৰধানমন্ত্ৰী আপোনাৰ নিয়ন্ত্ৰণত থাকে, যিটো মই নাভাবোঁ, তেন্তে আপুনি প্ৰধানমন্ত্ৰীক তেওঁৰ পূৰ্বৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ কোৱা উচিত ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :Delhi ordinance row : সমৰ্থন বিচাৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.