ETV Bharat / bharat

নগাসকলৰ সমস্যাৰ সমাধানৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ

author img

By PTI

Published : Jan 17, 2024, 9:46 AM IST

Nagaland Problem Needs Resolution, Rahul on Naga issue: দশক পুৰণি নগাসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থিতিক সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ৷

Congress committed to solution to Naga political issue: Rahul Gandhi
নগাসকলৰ সমস্যাৰ সমাধানৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে দশক পুৰণি নগাসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে তেওঁৰ দলটো প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে কয় । যদিও 2015 চনত কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)য়ে এই সমস্যাৰ সমাধান বিচাৰি কাঠামো চুক্তি স্বাক্ষৰ কৰিছিল, তথাপিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কি কৰিবলৈ চেষ্টা কৰি আহিছে আৰু আগুৱাই যোৱাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া কেইবাটাও নগা সংগঠনৰ বাবে স্পষ্ট নহয় বুলি কংগ্ৰেছ নেতাজনে দাবী কৰিছে ।

লগতে গান্ধীয়ে কয় যে এই সমস্যাটোৰ সমাধানৰ বাবে আলোচনা তথা ইটো পক্ষই সিটো পক্ষৰ কথা শুনি আগবঢ়াৰ প্ৰয়োজন ৷ ইয়াৰ অভাৱ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বুলি গান্ধীয়ে কয় । দেওবাৰে মণিপুৰৰ পৰা আৰম্ভ হোৱা 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ ৰ সময়ত নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বৰ চিয়েফ’ব’জৌত সংবাদ মাধ্যমৰ আগত নগা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

গান্ধীয়ে কয়, "মই যথেষ্ট সংখ্যক নগা নেতাৰ সৈতে কথা পাতি আহিছো আৰু তেওঁলোক আচলতে বিমোৰত পৰিছে যে কিয় কোনো অগ্ৰগতি হোৱা নাই ৷ আমি (কংগ্ৰেছ) নগা সমস্যাৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।" প্ৰধানমন্ত্ৰীয়ে বিশেষ কোনো চিন্তা নকৰাকৈয়ে প্ৰতিশ্ৰুতি আগবঢ়াইছে বুলি গান্ধীয়ে অভিযোগ কৰে ।

উল্লেখ্য যে, 1947 চনত আৰম্ভ হৈছিল নগা বিদ্ৰোহ । দশক দশক পুৰণি সমস্যাটোৰ সমাধান বিচাৰিবলৈ কেন্দ্ৰই 1997 চনৰ পৰা এন এছ চি এন-আই এম আৰু নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোটৰ (এন এন পি জি) কাৰ্যকৰী সমিতিৰ সৈতে পৃথকে পৃথকে আলোচনা চলাই আহিছে ৷ ইয়াত কমেও সাতটা গোট অন্তৰ্ভুক্ত ৷ মোদী চৰকাৰে 2015 চনত এন এছ চি এন-আই এমৰ সৈতে কাঠামো চুক্তি আৰু 2017 চনত পি জিৰ সৈতে চুক্তিবদ্ধ স্থিতি স্বাক্ষৰ কৰে ।

কিন্তু নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবীত এন এছ চি এন-আই এম অটল হৈ থকাৰ বাবে সমস্যাটোৰ চূড়ান্ত সমাধান এতিয়াও হোৱা নাই ।

লগতে পঢ়ক: নগা হ’হ’ৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.