চিতা প্ৰকল্পক 'তামাচা' আখ্যা কংগ্ৰেছৰ

author img

By

Published : Sep 18, 2022, 1:19 PM IST

Congress calls Cheetah project a 'tamasha'

ভাৰতলৈ চিতা প্ৰৱৰ্তনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্ম বাক্যবান কংগ্ৰেছৰ ৷ চিতা মুকলি কৰাৰ অনুষ্ঠানটোক "তামাচা" আখ্যা কংগ্ৰেছৰ(Congress calls Cheetah project a tamasha) ৷ ৰাষ্ট্ৰীয় সমস্যা আৰু কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা দৃষ্টি আকৰ্ষণ এক কৌশল বুলি উল্লেখ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা মুকলি কৰাৰ অনুষ্ঠানটোক "তামাচা" বুলি উল্লেখ কৰিছে কংগ্ৰেছে(Congress calls Cheetah project a tamasha) ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ অভিযোগ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে(Divert attention from Bharat Jodo Yatra) ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে টুইট কৰি কয় যে, প্ৰধানমন্ত্ৰীয়ে শাসনৰ ধাৰাবাহিকতা খুব কমহে গ্ৰহণ কৰে ।

  • पीएम शासन में निरंतरता को शायद ही कभी स्वीकार करते हैं। चीता प्रोजेक्ट के लिए 25.04.2010 को केपटाउन की मेरी यात्रा का ज़िक्र तक न होना इसका ताज़ा उदाहरण है। आज पीएम ने बेवजह का तमाशा खड़ा किया। ये राष्ट्रीय मुद्दों को दबाने और #BharatJodoYatra से ध्यान भटकाने का प्रयास है। 1/2 pic.twitter.com/V0Io8OMYyD

    — Jairam Ramesh (@Jairam_Ramesh) September 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে- "ভাৰতলৈ চিতা প্ৰত্যাৱৰ্তনৰ পদক্ষেপ ২০২০ চনৰ ২৫ এপ্ৰিলত মই কেপটাউন ভ্ৰমণলৈ য়োৱা সময়ত লোৱা হৈছিল ৷ মোৰ ভ্ৰমণৰ কথা উল্লেখ নকৰাটো ইয়াৰ শেহতীয়া উদাহৰণ । আজি প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা তামাচা অবাঞ্ছিত ৷ ৰাষ্ট্ৰীয় সমস্যা(Attempt to suppress national issues) আৰু কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা দৃষ্টি আনফালে আকৰ্ষণ কৰা আন এক কৌশল ৷"

তেওঁ আৰু কয় যে, চিতা প্ৰকল্পৰ সফলতাৰ বিষয়ে তেওঁ আশাবাদী আছিল(Optimistic about the Cheetah Project ) আৰু ২০০৯-১১ বৰ্ষত প্ৰথমবাৰৰ বাবে চিতাক পান্না আৰু সৰিস্কালৈ স্থানান্তৰিত কৰা সময়ত বহুতে এই প্ৰকল্প বিফল হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৷ কিন্তু সেইয়া ভুল প্ৰমাণিত হৈছিল । অৱশ্যে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক এই প্ৰকল্পৰ বাবে শুভেচ্ছা জনাইছে ৷

লগতে পঢ়ক: কলকাতাত তৃণমূল কংগ্ৰেছক তীব্ৰ আক্ৰমণ জয়ৰাম ৰমেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.