কলকাতাত তৃণমূল কংগ্ৰেছক তীব্ৰ আক্ৰমণ জয়ৰাম ৰমেশৰ

author img

By

Published : Sep 18, 2022, 10:14 AM IST

Jairam Ramesh

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত দলৰ স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু দিগ্বিজয় সিং । ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছক বিভিন্ন ধৰণে সমালোচনা কৰিলে জয়ৰাম ৰমেশে (Jairam Ramesh slams TMC)। বহুতো দল আছে যিয়ে নিজৰ নাম কংগ্ৰেছৰ নামেৰে ৰাখিছে আৰু কংগ্ৰেছক বাদ দি বিজেপি বিৰোধী ৰাজনৈতিক শক্তি গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে ।

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ (Upcoming Lok Sabah election) প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা কংগ্ৰেছ দলে ৰণকৌশল প্ৰস্তুত কৰিছে । ইতিমধ্যে দেশৰ জনসাধাৰণৰ মন জয় কৰাৰ উদ্দেশ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দলে ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে (Congress Bharat Jodo Yatra)। ইয়াৰ মাজতে জয়ৰাম ৰমেশ আৰু দিগ্বিজয় সিঙে দলৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ কলকাতা ভ্ৰমণ কৰিছে ।

কলকাতাত তৃণমূল কংগ্ৰেছক তীব্ৰ আক্ৰমণ জয়ৰাম ৰমেশৰ

এই ভ্ৰমণৰ মাজতে তৃণমূল কংগ্ৰেছৰ দুৰ্গ পশ্চিমবংগত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বিস্ফোৰক মন্তব্য (Congress leader Jairam Ramesh at Kolkata)। দলৰ নাম নোলোৱাকৈয়ে জয়ৰাম ৰমেশে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিলে । শনিবাৰে এক সংবাদমেলত তেওঁ কয় যে এনে বহুতো দল আছে যিয়ে নিজৰ নাম কংগ্ৰেছৰ নামেৰে ৰাখিছে আৰু কংগ্ৰেছক বাদ দি বিজেপি বিৰোধী ৰাজনৈতিক শক্তি গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে । অৱশ্যে জয়ৰাম ৰমেশে দাবী কৰে যে কংগ্ৰেছৰ অবিহনে বিৰোধী দল গঢ়ি তোলাটো অসম্ভৱ (Jairam Ramesh slams TMC)।

তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছ ত্যাগ কৰি নতুন ৰাজনৈতিক দল গঠন কৰা বহুলোকে নতুন দলটোৰ নামৰ সৈতে 'কংগ্ৰেছ' শব্দটো ব্যৱহাৰ কৰি আছে । একপ্ৰকাৰ তৃণমূল কংগ্ৰেছকে উপহাস কৰি এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰি জয়ৰাম ৰমেশে কয় যে কংগ্ৰেছ মুক্ত ভাৰত গঢ়ি তোলা কেতিয়াও সম্ভৱ নহয় কিয়নো কোনেও কেতিয়াও কংগ্ৰেছক শেষ কৰিব নোৱাৰে । ৰমেশে বিশ্বাস কৰে যে ৰাজনৈতিক মিত্ৰতাৰ অৰ্থ হৈছে সম্পৰ্ক দিয়া আৰু লোৱা । এটা দলে কিবা দিয়ে তাৰ বিনিময়ত আনটো দলে আন কিবা দিয়ে । এনেদৰে পাৰস্পৰিক বুজাবুজিৰ আধাৰত মিত্ৰতা হয় । কিন্তু, বেছিভাগ ৰাজনৈতিক দলে প্ৰকৃততে মিত্ৰতাৰ নামত আনটো দলক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহুতো ৰাজনৈতিক দলে কংগ্ৰেছক ধ্বংস কৰি বিজেপি বিৰোধী শক্তি গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে । কিন্তু সেই দলে নিজৰ নামটোত 'কংগ্ৰেছ' শব্দটো ধাৰ লৈ দিছে । জয়ৰাম ৰমেশৰ মতে বিজেপিক আক্ৰমণ কৰিবলৈ কংগ্ৰেছ দুৰ্বল হ'ব নালাগিব । লগতে কংগ্ৰেছক পিঠিত চুৰি মাৰিব নালাগে বুলিও তেওঁ আন দলবোৰক সকীয়াই দিয়ে ।

উল্লেখ্য যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ সংকল্পবদ্ধ হৈছে আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে । তেনে সময়তে জয়ৰাম ৰমেশৰ এই মন্তব্যৰ পাছতে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :RSSৰ দশেৰা উৎসৱলৈ প্ৰথমবাৰলৈ আমন্ত্ৰিত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.