ETV Bharat / bharat

আজিৰে পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Sep 7, 2022, 10:41 AM IST

Updated : Sep 7, 2022, 11:03 AM IST

bharat jodo yatra commenc from today
আজিৰে পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা(Congress launch Bharat Jodo Yatra) । এই ভ্ৰমণকালত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব(Kanyakumari to Kashmir Bharat Jodo Yatra) ।

নেশ্যনেল ডেস্ক, ৭ ছেপ্তেম্বৰ: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত এইবাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা(Kanyakumari to Kashmir Bharat Jodo Yatra) । আজিৰে পৰা পৰা আৰম্ভ কৰা হৈছে কংগ্ৰেছৰ এই যাত্ৰা । ১২ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ যাত্ৰা কৰিব এই ভাৰত জোড়ো যাত্ৰাত । এই যাত্ৰাৰ বাবে সময় লাগিব ১৫০ দিন ৷ ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হৈছে কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা (Congress launch Bharat Jodo Yatra) ৷

প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৭ ছেপ্টেম্বৰ, বুধবাৰে শ্ৰীপেৰুম্বুদুৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰকত এক প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰি যাত্ৰা আৰম্ভ কৰিব । উল্লেখ্য যে ইয়াতেই তিনি দশক আগতে সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল ৰাজীৱ গান্ধীৰ । কংগ্ৰেছ নেতাগৰাকীয়ে বুধবাৰে সন্ধিয়া কন্যাকুমাৰী সমুদ্ৰতীৰৰ ওচৰত এখন ৰাজহুৱা সভা সম্বোধন কৰি এই যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব(Congress Bharat Jodo Yatra) । উক্ত অনুষ্ঠানত উপস্থিত থাকিব তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ।

এক ভিডিঅ' বাৰ্তাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই জনতাক এই যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই ভ্ৰমণ খুবেই প্ৰয়োজনীয় কিয়নো দেশত নেতিবাচক ৰাজনীতি খেলা হৈছে আৰু জনসাধাৰণৰ সম্পৰ্কীয় প্ৰকৃত বিষয়বোৰ আলোচনা কৰা হোৱা নাই । তেওঁ লগতে কয় যে এই যাত্ৰাৰ উদ্দেশ্য হৈছে মুদ্ৰাস্ফীতি, নিবনুৱাৰ দৰে ৰাজহুৱা বিষয়ত গুৰুত্ব দিয়া ।

এই যাত্ৰাৰ বাবে কংগ্ৰেছে ৰাহুল গান্ধীৰ সৈতে এনে ১১৮ জন নেতাক বাছনি কৰিছে যিয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সমগ্ৰ যাত্ৰাত তেওঁৰ সৈতে যাব । এই লোকসকলক 'ভাৰত যাত্ৰী' নাম দিছে কংগ্ৰেছে । তেওঁলোকে প্ৰতিদিনে গড়ে ২২-২৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । যাত্ৰাটো কন্যাকুমাৰীৰ পৰা আৰম্ভ হ'ব আৰু তাৰ পিছত উত্তৰদিশে আগবাঢ়িব আৰু তাৰ পিছত তিৰুৱন্তপুৰম, কোচি, নীলাম্বুৰ, মহিসুৰ, বেল্লাৰী, ৰাইচুৰ, বিকাৰাবাদ, নান্দেদ, জলগাওঁ, ইন্দোৰ, কোটা, দৌচা, আলৱাৰ, বুলন্দচহৰ, দিল্লী, আম্বালা, পাঠানকোট, জম্মুৰ মাজেৰে পাৰ হ'ব আৰু শ্ৰীনগৰত সমাপ্ত হ'ব ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ অতিথিৰ মুখত কৰম পৰৱৰ গীত

Last Updated :Sep 7, 2022, 11:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.