ETV Bharat / bharat

নাগালেণ্ডৰ পৰা যাত্ৰা আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰা দলৰ

author img

By ANI

Published : Jan 16, 2024, 12:51 PM IST

Bharat Jodo Nyay Yatra: আজি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ তৃতীয়টো দিন ৷ মঙলবাৰে পুৱতি নিশাৰ পৰা নাগালেণ্ডৰ ক’হিমাৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ ন্যায় যাত্ৰা আৰম্ভ কৰে ।

Bharat Jodo Nyay Yatra
নাগালেণ্ডৰ পৰা পুনৰ আৰম্ভ হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : যোৱা 14 জানুৱাৰীৰৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ আজি ন্যায় যাত্ৰাৰ তৃতীয়টো দিন ৷ কংগ্ৰেছ নেতাগৰাকীয়ে মঙলবাৰে মণিপুৰৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰি সোমবাৰে সন্ধিয়া নাগালেণ্ডত প্ৰৱেশ কৰেহি ৷

তাৰ পিচতে তৃতীয় দিন, মঙলবাৰে পুৱতি নিশাৰ পৰা নাগালেণ্ডৰ কহিমাৰ পৰা কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে পুৱা নাগালেণ্ডৰ ক’হিমাত স্থানীয় লোকসকলক সাক্ষাৎ কৰে ৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে X ত নাগালেণ্ডৰ পথৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে ৷

জয়ৰাম ৰমেশে উল্লেখ কৰে, "তৃতীয় দিনা ভাৰত জোড়ো ন্যায় যাত্ৰা অচিৰেই ক’হিমাৰ বিশ্বেমাৰ পৰা আৰম্ভ হ'ব ৷ ইফালে, সোমবাৰে নিশাৰ শিবিৰৰ পৰা 29 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কৰা যাত্ৰা এক শাস্তিস্বৰূপ ৷ প্ৰধানমন্ত্ৰীৰ দাবী বাস্তৱৰ পৰা বহু দূৰত ৷"

ইফালে ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এক পোষ্টযোগে কয় যে, তেওঁ মণিপুৰৰ জনসাধাৰণৰ হৈ সমৰ্থন জনাই এই যুঁজ অব্যাহত ৰাখিব। "আপোনালোকে আমাক দিয়া মৰম আৰু উষ্ম আদৰণিৰ বাবে মণিপুৰবাসীক ধন্যবাদ ৷ আপোনালোকে শান্তি আৰু ন্যায় নোপোৱালৈকে মই আপোনালোকৰ সৈতে থিয় দি আপোনালোকৰ হৈ যুঁজ দিম ৷"

X ত পোষ্ট কৰা অন্য এটা পোষ্টত গান্ধীয়ে কয় যে, এই ন্যায় যাত্ৰা হৈছে বিজেপিৰ বিভাজন আৰু অৱহেলাৰ ৰাজনীতিৰ দ্বাৰা আহত ভাৰতীয়ৰ বাবে একতা আৰু প্ৰেমৰ মলম ৷

গান্ধীয়ে লগতে উল্লেখ কৰে, "বৰ্তমান সময়ত মণিপুৰে বহু আশা লৈ সমগ্ৰ দেশবাসীলৈ চাই আছে । আমি তেওঁলোকক প্ৰাপ্য ঘূৰাই পোৱাত সমৰ্থন কৰিব লাগিব ৷ আমি একেলগে খোজ কাঢ়িম, আমি একেলগে যুঁজিম । ন্যায় নোপোৱালৈকে এই যুঁজ অব্যাহত থাকিব ৷"

লগতে পঢ়ক: মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.