ETV Bharat / bharat

Union Budget 2023: বাজেট দাখিলৰ পূৰ্বে কি কি কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

author img

By

Published : Feb 1, 2023, 10:21 AM IST

২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট
বাজেট দাখিলৰ পূৰ্বে কি কি কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বুধবাৰে পুৱা 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২৩ (Union Budget 2023)। কেন্দ্ৰীয় বাজেট ২০২৩ দাখিলৰ পূৰ্বে তথা বিত্তমন্ত্ৰীগৰাকীয়েকি কি কৰিব সেই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন (complete schedule of Finance Minister)...

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: প্ৰতিগৰাকী ভাৰতীয়ৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বাজেটে ৷ আজি দাখিল হ’ব 2023-2024 বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Union Budget 2023) ৷ ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰৰ পুৱা ১১ বজাত দাখিল কৰিব । সদনৰ বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী গৰাকীয়ে কৰিব বাজেট দাখিলৰ পূৰ্বে কৰিবলগীয়া কিছু কৰ্তব্য । সেই সন্দৰ্ভত জনাবলৈ আপোনালোকলৈ আগবঢ়াইছো আমাৰ এই প্ৰতিবেদন (complete schedule of Finance Minister) ৷

পুৱা প্ৰায় ৮.৩০ বজাতে চৰকাৰী কাৰ্যালয়ত উপস্থিত হয় বিত্তমন্ত্ৰীগৰাকী । নিয়ম অনুসাৰে বিত্ত মন্ত্ৰালয়ৰ নৰ্থ ব্লকৰ পৰা বিত্তমন্ত্ৰী গৰাকীয়ে পুৱা প্ৰায় ৮.৩০ বজাতে তেওঁৰ দ্বাৰা প্ৰস্তাৱিত বাজেটখনত চূড়ান্ত ষ্টাম্প সংগ্ৰহৰ বাবে যায় । ১৯৫০ চনলৈকে বাজেটৰ নথি-পত্ৰ ৰাষ্ট্ৰপতি ভৱনত ছপা হৈছিল । পৰৱৰ্তী সময়ত ইয়াক নতুন দিল্লীৰ মিণ্টো ৰোডৰ এটা প্ৰেছলৈ স্থানান্তৰ কৰা হয় । ১৯৮০ চনৰ পৰা উত্তৰ ব্লকত স্থাপন কৰা চৰকাৰী প্ৰেছত বাজেট ছপা হৈ আহিছে । নথি-পত্ৰ ফাদিল হোৱাৰ বাবেই প্ৰেছৰ ক্ষেত্ৰত এই সাল-সলনি ঘটোৱা হৈছিল । উল্লেখ্য যে, ছপা আৰু প্ৰক্ৰিয়াকৰণৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিশেষ দলটো বাজেট আৰম্ভ হোৱা দিনটো পৰ্যন্ত বন্দী হৈ থাকিব লাগে । "কাৰামুক্ত" কৰাৰ পূৰ্বে প্ৰথাগত ‘হালৱা’ অনুষ্ঠান অনুষ্ঠিত হয় । এইবাৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল ‘হালৱা’ অনুষ্ঠান (Halwa ceremony)।

নৰ্থ ব্লক এৰাৰ পূৰ্বে পুৱা প্ৰায় ৯ বজাত বিত্তমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰালয়ৰ বাজেট প্ৰস্তুতিৰ সৈতে জড়িত সমগ্ৰ দলটোৰ সৈতে ফটো উঠে বিত্তমন্ত্ৰীগৰাকীয়ে । পুৱা ৯.৩০ বজাৰ ভিতৰত এই ফটো উঠা কাৰ্যসূচীৰ অন্ত পৰে । এই কাৰ্যসূচীৰ অন্ত হোৱাৰ ঠিক পিচতেই, পুৱা প্ৰায় ৯.৩০ বজাৰ আশে-পাশে বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয় ৷ বাজেট দাখিল কৰাৰ পূৰ্বে বিত্তমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে (President Droupadi Murmu) আৰু আজি 11 বজাত দাখিল হ’বলগীয়া বাজেটত অনুমোদন বিচাৰি বাজেটৰ প্ৰতিলিপি ৰাষ্ট্ৰপতিগৰাকীক জমা দিয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman)৷

ৰাতিপুৱা ১০ বজাৰ ভিতৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে এখন চমু বৈঠকতো অংশগ্ৰহণ কৰে । চমু সময়ৰ ভিতৰত যিহেতু সমগ্ৰ বাজেটখন ৰাষ্ট্ৰপতিয়ে পুংখানুপুংখ ভাৱে চোৱাটো সম্ভৱ নহয়, সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰি বিত্তমন্ত্ৰী গৰাকীৰ দ্বাৰা প্ৰস্তুত কৰা ‘সাৰাংশ’ অনুমোদনৰ বাবে দাখিল কৰা পৰিলক্ষিত হয় (Prime Minister Narendra Modi)। কেন্দ্ৰীয় বাজেট ২০২৩ৰ সাৰাংশ পঢ়ি মুৰ্মুৱে কেন্দ্ৰীয় বাজেট 2023-2024 ত অনুমোদন প্ৰদান কৰে ।

অনুমোদন লাভ কৰাৰ পিচত বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ সংসদলৈ গৈ কেবিনেটৰ সতীৰ্থসকলক সাক্ষাৎ কৰিব । মোডীৰ নেতৃত্বত কেবিনেটৰ সন্মুখত তেওঁ একেধৰণৰ সাৰাংশ দাখিল কৰিব । পুৱা ১০.১৫ ভিতৰত এইখিনি কাম সম্পন্ন কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । ইয়াৰ পিচত ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতিলিপি হাতত লৈ প্ৰধানমন্ত্ৰীৰ সৈতে ফটোৰ বাবে প’জ দিয়ে বিত্তমন্ত্ৰী গৰাকীয়ে । ইতিমধ্যে সংবাদ গোষ্ঠীসমূহে মুকলি কৰি দিয়া ফটোত বিত্তমন্ত্ৰীগৰাকীক এটা ৰঙা বেগ হাতত লৈ থকা অৱস্থাত তথা ছপা মাধ্যম যোগে প্ৰস্তুত কৰা বাজেটখন লৈ থকা দেখিবলৈ পোৱা গৈছে (Nirmala Sitharaman to present her fifth Budget today)।

পুৱা ১১ বজাত বিত্তমন্ত্ৰীয়ে ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সংসদত দাখিল কৰিব । বিত্তমন্ত্ৰীগৰাকীয়ে সদনত উত্থাপন কৰাৰ পিচত বাজেটৰ নথি-পত্ৰসমূহ বিত্ত মন্ত্ৰালয়ৰ ৱেবছাইটত অনলাইনযোগে সংলগ্ন কৰা হ’ব আৰু জনসংযোগে সেয়া প্ৰচাৰ কৰিব । দিনটোৰ শেষত বিয়লি ৩ বজাত বাজেটৰ পৰৱৰ্তী সন্মিলনত ভাষণ প্ৰদান কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.