ETV Bharat / bharat

কাশ্মীৰত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

author img

By

Published : Jan 30, 2021, 4:49 PM IST

কাশ্মীৰত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ
কাশ্মীৰত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

কাশ্মীৰত প্ৰচণ্ড শীত । শনিবাৰে শ্ৰীনগৰত তাপমাত্ৰা হৈছেগৈ মাইনাছ ৭.২ ডিগ্ৰী চেলছিয়াছ । ধাৰাবাহিকভাৱে হৈ থকা তুষাৰপাতৰ ফলত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ।

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: কাশ্মীৰত হাঁড় কঁপোৱা জাৰ । তুষাৰপাতৰ ফলত কাশ্মীৰত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । শনিবাৰে জম্মু-কাশ্মীৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰত তাপমাত্ৰা হ'লগৈ মাইনাছ ৭.২ ডিগ্ৰী চেলছিয়াছ আৰু শুক্ৰবাৰে নিশা শ্ৰীনগৰত তাপমাত্ৰা আছিল মাইনাছ ৭.৭ ডিগ্ৰী চেলছিয়াছ । কজিগুণ্ডত তাপমাত্ৰা আছিল মাইনাছ ৮.৮ ডিগ্ৰী চেলছিয়াছ । উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গ স্কী ৰিজৰ্টত ১০.০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হৈছেগৈ আৰু শুক্ৰবাৰে নিশা ১১.৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আছিল ।

দক্ষিণ কাশ্মীৰত অমৰনাথ যাত্ৰীৰ বাবে সেৱা আগবঢ়োৱা পহলগাম ট্যুৰিষ্ট ৰিজৰ্টত তাপমাত্ৰা হৈছেগৈ ১২.৫ ডিগ্ৰী চেলছিয়াছ । কুপৱাৰাত মাইনাছ ৩.৭ ডিগ্ৰী চেলছিয়াছ আৰু ক'কেৰনাগত ১০.৯ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আছিল । শীতৰ প্ৰকোপ বৃদ্ধিৰ ফলত উপত্যাকাৰ বহু অঞ্চলত জলাশয়, পানী যোগান ধৰা লাইনবোৰ বৰফ হৈ গৈছে । আগন্তুক কেইটামান দিনলৈকে কাশ্মীৰবাসীয়ে প্ৰচণ্ড শীতৰ মাজতে কটাব লাগিব বুলি আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।

অহা ২ ফেব্ৰুৱাৰীত কাশ্মীৰত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে বিভাগটোৱে । কাশ্মীৰত বৰ্তমান চিল্লাই কালান অৰ্থাৎ ৪০ দিনীয়া শীতকালীন কৃষিৰ সময় চলি আছে । আনহাতে, শীতৰ প্ৰকোপ বৃদ্ধিৰ বাবে ডাল হ্ৰদৰ পানী বৰফলৈ পৰিণত হৈছে ।

লগতে পঢ়ক:ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.