ETV Bharat / bharat

কাশ্মীৰত দ্ৰুতগতিত বৃদ্ধি পাইছে শীতল প্ৰৱাহ

author img

By

Published : Jan 29, 2021, 5:37 PM IST

কাশ্মীৰত দ্ৰুতগতিত বৃদ্ধি পাইছে শীতল প্ৰৱাহ
কাশ্মীৰত দ্ৰুতগতিত বৃদ্ধি পাইছে শীতল প্ৰৱাহ

শ্ৰীনগৰত পাৰাস্তম্ভ দুই ডিগ্ৰীলৈ অৱনমিত । আনহাতে উপত্যকাটোৰ আন ঠাইত নিম্নতম তাপমাত্ৰা হিমবিন্দুৰ ১০ ডিগ্ৰীলৈ অৱনমিত হয় ।

নিউজ ডেস্ক, ২৯ জানুৱাৰী: প্ৰচণ্ড শীতে দহিছে জন্মু-কাশ্মীৰত । হাঁড় কঁপোৱা শীতৰ পৰা পৰিত্ৰাণ পোৱা নাই ৰাজ্যবাসী । শ্ৰীনগৰত পাৰাস্তম্ভ দুই ডিগ্ৰীলৈ অৱনমিত হোৱাত শুকুৰবাৰে কাশ্মীৰত শীতল প্ৰৱাহ দ্ৰুতগতিত বৃদ্ধি পাইছে । আনহাতে উপত্যকাটোৰ আন ঠাইত নিম্নতম তাপমাত্ৰা ১০ ডিগ্ৰীলৈ অৱনমিত হয় । ৩১ জানুৱাৰীলৈকে বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ৩ ফেব্ৰুৱাৰীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

অৱশ্যে ৩ ফেব্ৰুৱাৰীত তুষাৰপাত হোৱাৰ এক উৰাবাতৰি বিয়পিছে আৰু এই উৰা বাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনায় জন্মু-কাশ্মীৰ আৰু লাডাখ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সোণম লতাছে । কাশ্মীৰত বিগত ৪০ দিনে 'চিলাই কালান' নামৰ প্ৰচণ্ড শীতকাল অব্যাহত আছে । ৩১ জানুৱাৰীলৈকে হাঁড় কপোৱা শীতে কঁপাব কাশ্মীৰবাসীক ।

তাপমাত্ৰা পাৰাস্তম্ভই পহলগামত মাইনাছ ১২.১ ডিগ্ৰী, গুলমাৰ্গত ১১.৫ ডিগ্ৰী, লেহত ১৩.৪, কাৰ্গিলত ১৯.৪ ডিগ্ৰী আৰু দ্ৰাছত ১৯.৬ ডিগ্ৰী চেলচিয়াছলৈ স্পৰ্শ কৰিছে সমান্তৰালকৈ বান্নিহালত মাইনাছ ২.৪ ডিগ্ৰী আৰু ভাদৰৱাহত মাইনাছ ২.১ ডিগ্ৰী নিম্নতম উষ্ণতা হ্ৰাস পাইছে ।

ইফালে জন্মুত ৬.৪, কাত্ৰাত ৫.৪, বাটতেত ০.১ ডিগ্ৰী নিম্নতম উষ্ণতা ।

লগতে পঢ়ক:বাজেট অধিৱেশন ২০২১-২২ঃ হীৰা উদ্যোগ খণ্ডৰ বাবে কেতবোৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.