ETV Bharat / bharat

ত্ৰিপুৰা উপ-নিৰ্বাচনৰ বাবে ২৩ জুনত ৪ সমষ্টিত বন্ধ ঘোষণা

author img

By

Published : Jun 17, 2022, 11:02 AM IST

ত্ৰিপুৰা বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে 23 জুনত স্থানীয় বন্ধ ঘোষণা । ভোটদানৰ বাবে চাৰিওটা বিধানসভা সমষ্টিৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু দণ্ডাধীশ আদালত বন্ধ থাকিব । জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা-135বি ৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা ।

tripura election
ত্ৰিপুৰাত ২৩ জুনত উপ-নিৰ্বাচনৰ বাবে ৪ সমষ্টিত বন্ধ ঘোষণা

আগৰতলা, 17 জুন: ত্ৰিপুৰাত অহা 23 জুনত বিধানসভাৰ চাৰিখন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব (Tripura Bye -Election on 23 june) । ৰাজ্য়খনৰ আগৰতলা, বৰদোৱালী, সুৰমা(অনুসূচীত) আৰু জুবাৰাজনগৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন । নিৰ্বাচনত ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ এই চাৰিওটা বিধানসভা সমষ্টিৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু দণ্ডাধীশ আদালত ২৩ জুনত বন্ধ থাকিব(All Educational Institutions, Government Offices And Magistratecourts Closed On June 23)। ত্ৰিপুৰা প্ৰশাসনে বৃহস্পতিবাৰে এক জাননীত যোগে সদৰি কৰে এই তথা ।

জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা-135বি ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে ৷ নিৰ্দেশনাটোত লগতে উল্লেখ কৰা অনুসৰি নিৰ্বাচনৰ দিনা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰী, ত্ৰিপুৰা চৰকাৰৰ আন সকলো প্ৰতিষ্ঠান আৰু ত্ৰিপুৰাৰ যিকোনো ব্যৱসায় -বাণিজ্যৰ শ্ৰমিক/কৰ্মচাৰীসকলৰ উপৰি অধিকাৰ ক্ষেত্ৰৰ অধীনত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ বাবে Paid Holiday ঘোষণা কৰা হৈছে । উক্ত নিৰ্দেশটোত পুনৰ উল্লেখ কৰা হৈছে যে যিসকল কৰ্মচাৰী এই সমষ্টিকেইটাৰ অধিকাৰক্ষেত্ৰত পঞ্জীভুক্ত ভোটাৰ আৰু তেওঁলোক সমষ্টিৰ বাহিৰত নিযুক্তিপ্ৰাপ্ত, এই ক্ষেত্ৰত তেওঁলোকক ভোটদান কৰিবলৈ বিশেষ নৈমিত্তিক ছুটিৰ বাবে অনুমতি দিয়া হ'ব ।

একেদৰে, উক্ত বিধানসভা সমষ্টিৰ বাহিৰত কাম কৰা নৈমিত্তিক/দৈনিক মজুৰি কৰ্মীসকলে জনপ্ৰতিনিধিত্ব আইন,1951 ৰ ধাৰা 135বি(1)ৰ অধীনত 23 জুনত পৰিশোধিত বন্ধৰ সুবিধা লাভ কৰিব । অৱশ্য়ে ভোটদাতাৰ অনুপস্থিতিয়ে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত বিপদ বা লোকচান কৰিব পৰা কৰ্মক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহয় বুলিও নিৰ্দেশনাটো উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: নলবাৰী জিলাত ১৮ জুনলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.