ETV Bharat / bharat

Political violence in Agartala : বিজেপি-কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষ

author img

By

Published : Feb 27, 2022, 1:51 PM IST

ত্ৰিপুৰাত ৰাজনৈতিক হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এইবাৰ আগৰতলাত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত (Clashes between BJP and Congress workers)। ঘটনাত দুয়োটা দলৰে কেইবাগৰাকী নেতা-কৰ্মী আহত । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বহু জোৱানক মোতায়েন ।

Political violence in Agartala
বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষ

আগৰতলা, ২৭ ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছে । শাসকীয় বিজেপি আৰু বাকী বিৰোধী দলসমূহৰ মাজৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । চিপিআই(এম)ৰ পাছত এইবাৰ কংগ্ৰেছৰ সৈতে বিজেপি দলৰ সংঘাত । দুয়োটা দলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আগৰতলা চহৰত উত্তেজনাময় পৰিৱেশ ।

কংগ্ৰেছৰ এখন সভাত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ পাছতে সমগ্ৰ চহৰখনতে উত্তেজনা বৃদ্ধি পাইছে । শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা বিজেপিৰ প্ৰাক্তন বিধায়ক সুদীপ ৰয় বৰ্মন, আশীষ কুমাৰ সাহাৰ নেতৃত্বত কংগ্ৰেছৰ এখন ৰাজহুৱা সভাত বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি সামাজিক মাধ্যমত উক্ত ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ।

বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষ

উল্লেখ্য যে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ সমষ্টি বনমালিপুৰ বিধানসভা সমষ্টিৰ কামাৰপুকুৰ পাৰত কংগ্ৰেছ দলে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল । কিন্তু কংগ্ৰেছৰ এই ৰাজহুৱা সভাত একাংশ লোকে হেলমেট পৰিধান কৰি শিলগুটি নিক্ষেপ কৰে । কংগ্ৰেছৰ মতে এই আক্ৰমণ বিজেপিয়ে কৰিছে ।

ইয়াৰ পাছতে উত্তেজিত কংগ্ৰেছ কৰ্মীসকলে সমষ্টিটোত বিজেপিৰ এটা মণ্ডল কাৰ্যালয়ত আক্ৰমণ কৰে । প্ৰাক্তন বিধায়ক বৰ্মনে কয় যে আবেলি প্ৰায় ৪.৩০ মান বজাত যেতিয়া কংগ্ৰেছৰ সভা আৰম্ভ হৈছিল আৰক্ষীৰ সহায়ত বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ নেতা-কৰ্মীসকলক আক্ৰমণ কৰে । শিলগুটি নিক্ষেপ কৰাৰ লগতে লাঠি লৈ আহিছিল গুণ্ডা বাহিনীয়ে । তেওঁলোকে প্ৰাক্তন বিধায়কগৰাকীক পিষ্টল দেখুৱাই ভাবুকি দিয়া বুলিও অভিযোগ কৰিছে বৰ্মনে ।

আনকি এই ঘটনা বৰ্মনৰ নিৰাপত্তাৰক্ষীও মূৰত আঘাত পোৱা বুলি তেওঁ উল্লেখ কৰে । আৰক্ষীৰ নিৰৱ ভূমিকাক লৈ প্ৰশ্ন তুলি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে আৰক্ষীও বিজেপিৰ সৈতে আহিছিল আৰু এয়া এক পূৰ্ব পৰিকল্পিত আক্ৰমণ ।

উত্তেজনাময় পৰিৱেশে বিৰাজ কৰাৰ মাজতে সন্ধিয়া ত্ৰিপুৰা প্ৰদেশ বিজেপিয়ে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে । এই সমদলৰ মাজতে বিজেপি কৰ্মীয়ে কংগ্ৰেছ ভৱনত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে, বিজেপি নেতাসকলে দাবী কৰা মতে কংগ্ৰেছ কৰ্মীসকলেহে বিজেপি সমৰ্থক তথা কৰ্মীসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি যুৱ মৰ্চাৰ উপ-সভাপতিয়ে কয় যে প্ৰাক্তন বিধায়ক বৰ্মনে ৰাজ্যৰ ৰাজনীতিত পেট্ৰ'ল বোমা নামৰ এটা নতুন অস্ত্ৰ প্ৰৱৰ্তন কৰিছে ।

প্ৰাক্তন বিধায়ক সুদীপ বৰ্মনে চিপিআই(এম)ক ক্ষমতালৈ অনাৰ বাবে এনে ধৰণৰ কাম কৰি আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । কিন্তু কোনো শক্তিয়ে বিজেপিক ২০২৩ চনত শাসনলৈ অহাত বাধা দিব নোৱাৰে বুলিও তেওঁ দাবী কৰে । ইফালে আইন শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ পূৰ্বে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মোতায়েন কৰা হয় ।

উত্তেজিত লোকসকলক ছত্ৰভঙ্গ দিবৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়াও হয় । ইফালে এই ঘটনাত বহু লোক আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক : CPIM public rally in Tripura:ত্ৰিপুৰাত চিপিআই(এম) দলৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.