ETV Bharat / bharat

CISF constable shoots self at IGI airport: বিমানবন্দৰত নিজকে গুলীয়াই হত্যা CISF ৰ কনিষ্টবলৰ

author img

By

Published : Jan 11, 2023, 8:11 AM IST

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত কৰ্তব্যৰত চি আই এছ এফৰ এজন কনিষ্টবলৰ সন্দেহজনক অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷ সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে স্পষ্ট হ’ব (CISF constable commits suicide at IGI airport) ৷

CISF constable shot himself at Delhi Airport
চি আই এছ এফৰ কনিষ্টবলৰ সন্দেহজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাঞ্চল্যকৰ ঘটনা (Indira Gandhi International Airport) ৷ সন্দেহজনক অৱস্থাত উদ্ধাৰ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (CISF) এজন কনিষ্টবলৰ মৃতদেহ ৷ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত কৰ্তব্যৰত অৱস্থাত আছিল কনিষ্টবলজন ৷

জানিব পৰা মতে ঘটনাৰ দিনা কনিষ্টবলজনক ‘B’ শ্বিফ্টৰ ডিউটিত নিয়োগ কৰা হৈছিল (CISF constable commits suicide at IGI airport)। পৰৱৰ্তী সময়ত বিমানবন্দৰৰ লেভেল ২ ৰ ৱাশ্বৰুমত উদ্ধাৰ হয় কনিষ্টবলজনৰ মৃতদেহ (Body Found in Washroom on Level 2) ।

ইফালে মৃতদেহৰ কাষতে পৰি আছিল তেওঁৰ লগত থকা চাৰ্ভিচ গানটো । মৃত্যু হোৱা জোৱানজন কনিষ্টবল ৰেংকৰ জোৱান জিতেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে (CISF Constable Dies by Suicide at IGI Airport)। অৱশ্যে মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷

CISF constable shot himself at Delhi Airport
চি আই এছ এফৰ কনিষ্টবলৰ সন্দেহজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা ৷ চিআইএছএফৰ জোৱানজনে ৱাশ্বৰুমত ৯ এমএম পিষ্টলৰে নিজকে গুলীয়াই হত্যা কৰিছে । অৱশ্যে এয়া আৰক্ষীৰ সন্দেহহে ৷ এই কথা বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যে তেওঁ আত্মহত্যা কৰিছে নে কোনো দুৰ্বৃত্তই তেওঁক হত্যা কৰিছে ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ জেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰিক্ষণ কৰে ৷ আনহাতে বৰ্তমানলৈকে মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ হোৱা নাই কোনো চুইচাইড নোট (CISF constable shoots himself in washroom) ৷

  • A CISF constable deployed in 'B' shift duty at Terminal 3 of Indira Gandhi International Airport died allegedly by shooting himself inside the washroom on Level 2 of the airport.

    — ANI (@ANI) January 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, যোৱা ৪ জানুৱাৰীতো দিল্লী আৰক্ষীৰ এগৰাকী হেড কনিষ্টবলৰ মৃত্যু হৈছিল ৷ নৱ বৰ্ষৰ প্ৰথমটো সপ্তাহতে অৰ্থাৎ ৪ জানুৱাৰীত বসন্ত বিহাৰস্থিত ইজৰাইলৰ দূতাবাসত নিয়োজিত দিল্লী আৰক্ষীৰ হেড কনিষ্টবলজনৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছিল । তেওঁৰ নাম আছিল অশোক কুমাৰ । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা বন্দুক । জানিব পৰা মতে মৃত্যু হোৱা হেড কনিষ্টবলজনৰৰ ঘৰত কোনো পাৰিবাৰিক সংঘাত চলি আছিল ৷ আৰক্ষীৰ সন্দেহ পাৰিবাৰিক সংঘাতেই হ’ব পাৰে মৃত্যুৰ এটা কাৰণ ৷ অৱশ্যে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷ বৰ্তমানেও এই লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু তদন্তৰ অন্ততহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ ৷

আনহাতে ৰাজধানী চহৰখনত বিগত বৰ্ষৰ ১৩ অক্টোবৰত সংঘটিত আন এটা ঘটনা অনুসৰি, নতুন দিল্লীৰ মেট্ৰ’ ষ্টেচনত আত্মহত্যা কৰিছিল চিআইএছএফৰ আন এজন জোৱানে ৷ ২০২২ বৰ্ষৰ ১৩ অক্টোবৰত ৱেলকাম মেট্ৰ’ ষ্টেচনৰ শৌচাগাৰত নিজকে গুলীয়াই হত্যা কৰিছিল চিআইএছএফৰ জোৱানজনে ৷ মৃত্যু হোৱা চিআইএছএফৰ জোৱানজনৰ নাম অজয় ​​কুমাৰ (৩০)। তেওঁ বিহাৰৰ ৰোহতাছ জিলাৰ বাসিন্দা আছিল ৷ আৰক্ষীয়ে কৰা প্ৰাৰম্ভিক তদন্তত ঘৰুৱা অশান্তিৰ বাবেই জোৱানজনে আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২১ চনত চিআইএছএফত যোগদান কৰিছিল জোৱানজনে । তেওঁ শাস্ত্ৰী পাৰ্কত অৱস্থিত চি আই এছ এফৰ চৰকাৰী আৱাসত বাস কৰিছিল । তেওঁক ৱেলকাম মেট্ৰ’ ষ্টেচনত নিয়োজিত কৰা হৈছিল ৷

লগতে পঢ়ক: Burnt Bible in Chapel : মধ্যপ্ৰদেশৰ গীৰ্জাত অচিনাক্ত দুৰ্বৃত্তই জ্বলালে বাইবেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.