ETV Bharat / bharat

China Standard Map Controversy: চীনৰ ভূখণ্ডত অৰুণাচলক চামিল; চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 12:57 PM IST

China Standard Map Controversy
China Standard Map Controversy

চীন চৰকাৰে নিজৰ মানক মানচিত্ৰ, ২০২৩ মুকলি কৰাৰ পিছত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে । এই মানচিত্ৰত অৰুণাচল প্ৰদেশ, আকচাই চীন অঞ্চল, টাইৱান আৰু দক্ষিণ চীন সাগৰ চীনৰ বুলি দাবী কৰিছে ।

নিউজ ডেস্ক, ৩০ আগষ্ট : চীনৰ ষ্টেণ্ডাৰ্ড মেপ বা মানক মানচিত্ৰ, ২০২৩ মুকলিক লৈ হোৱা বিতৰ্কৰ পিছত বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ আক্ৰমণ কৰিছে । বিৰোধী দলবোৰে চৰকাৰক এই বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰন্তৰ হেঁচা প্ৰয়োগ কৰি আছে । এই প্ৰসংগত কংগ্ৰেছ সাংসদ শশী থাৰুৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰিছে । পোষ্টটোত তেওঁ চৰকাৰক তীক্ষ্ণ প্ৰশ্ন সুধিছে ।

শেহতীয়াভাৱে চীনে প্ৰকাশ কৰা ষ্টেণ্ডাৰ্ড মেপ বা মানক মানচিত্ৰক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত মানচিত্ৰত অৰুণাচল প্ৰদেশক চীনৰ ভূখণ্ডৰ অন্তৰ্ভুক্ত কৰি দক্ষিণ চীন হিচাপে দেখুওৱা হৈছে । ইফালে এই মানচিত্ৰ প্ৰকাশৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ পৰা উচিত প্ৰতিক্ৰিয়া তথা কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী তুলি সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ ।

  • So we have protested China's latest outrage, the issuance of yet another map claiming Arunachal Pradesh as their territory: https://t.co/dCXNyHJ6LO
    Yes @DrSJaishankar is right, it IS an "old habit" of theirs. It's also their habit to ignore our protests. So are we going to leave…

    — Shashi Tharoor (@ShashiTharoor) August 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই প্ৰসংগত কংগ্ৰেছ সাংসদ শশী থাৰুৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰিছে । কংগ্ৰেছ সাংসদজনে তেওঁৰ পোষ্টত বাতৰিৰ প্ৰতিবেদনৰ লিংক শ্বেয়াৰ কৰি কৈছে যে আমি চীনৰ ওপৰত আমাৰ নতুনকৈ ক্ষোভ প্ৰকাশ কৰি অৰুণাচল প্ৰদেশক নিজৰ ভূ-খণ্ড হিচাপে দেখুওৱা আন এখন মানচিত্ৰ মুকলি কৰাৰ বিৰোধিতা কৰিছোঁ । লগতে তেওঁ লিখিছে, "হয়, ড৹ জয়শংকৰে ঠিকেই কৈছে, এয়া তেওঁলোকৰ (চীনৰ) 'পুৰণি অভ্যাস' । আমাৰ প্ৰতিবাদক উপেক্ষা কৰাটোও তেওঁলোকৰ অভ্যাস ।"

তেওঁ এক্সত লিখিছে, তেন্তে আমি ইয়াক তেনেকৈয়ে এৰি দিম নেকি ? আমি আমাৰ অসন্তুষ্টি দেখুৱাবলৈ আন একো কৰিব নোৱাৰোঁ নেকি ? আমি তিব্বতৰ পৰা অহা চীনা পাছপোৰ্ট ধাৰকসকলক মুখ্য ভিছা কিয় জাৰি কৰা আৰম্ভ নকৰোঁ ? তেওঁ লিখিছে যে আমি এক চীন নীতিৰ প্ৰতি আমাৰ সমৰ্থন প্ৰকাশ কৰাটো কিয় বন্ধ নকৰোঁ ?

আনহাতে, বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে, চীনে ভাৰতৰ কিছু অংশক নিজৰ বুলি দাবী কৰিছে । এইটো উদ্বেগজনক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কথা পাতিব লাগে । ইয়াৰ পূৰ্বে চীনে সোমবাৰে নিজৰ মানক মানচিত্ৰ, ২০২৩ মুকলি কৰে । ইফালে চীনে মুকলি কৰা শেহতীয়া মানচিত্ৰ সন্দৰ্ভত মঙলবাৰে ভাৰতে চীনৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনায়, য'ত অৰুণাচল প্ৰদেশ আৰু আকচাই চীনক চীনৰ ভূখণ্ড বুলি বৰ্ণনা কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এমইএ) মুখপাত্ৰ অৰিন্দম বাগচীয়ে মঙলবাৰে কয়, "আমি আজি চীনৰ তথাকথিত মানচিত্ৰ, ২০২৩-ৰ ওপৰত কূটনৈতিক মাধ্যমৰ জৰিয়তে চীনা পক্ষৰ ওচৰত তীব্ৰ প্ৰতিবাদ দাখিল কৰিছোঁ ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে এই মানচিত্ৰখনে ভাৰতৰ ভূখণ্ড দাবী কৰিছে । আমি এই দাবী অস্বীকাৰ কৰিছোঁ । কিয়নো ইয়াৰ কোনো ভিত্তি নাই । তেওঁ কয় যে চীনে গ্ৰহণ কৰা এনে পদক্ষেপে কেৱল সীমা সমস্যা সমাধানৰ পথ জটিল কৰি তুলিব ।

লগতে পঢ়ক :Inclusion of Arunachal in China Map : চীনক প্ৰতিহত কৰিবলৈ দক্ষিণ এছিয়াৰ ঐক্যৰ আহ্বান তিব্বতীয় নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.