ETV Bharat / bharat

কুনমিং-ইয়াংগনৰ মাজৰ গোপন নৈশ বিমান বিষয়ক প্ৰতিবেদনক লৈ চীনৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 27, 2021, 9:00 PM IST

চীনৰ কুনমিং আৰু ম্যানমাৰৰ ইয়াংগনৰ মাজৰ গোপন নৈশ বিমানৰ সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদনে ক্ৰোধিত কৰিছে বেইজিঙক । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কে আৰ বাৰুৱাই তেওঁৰ লেখাত প্ৰকাশ কৰা মতে, এই প্ৰতিবেদনক লৈ বেইজিঙে ব্যক্ত কৰা অসন্তুষ্টি ভাৰতৰ বাবে এক সতৰ্কবাণী হিচাপে চিহ্ন হ'ব পাৰে ।

কুনমিং-ইয়াংগনৰ মাজৰ গোপন নৈশ বিমান বিষয়ক প্ৰতিবেদনক লৈ চীনৰ প্ৰতিক্ৰিয়া
কুনমিং-ইয়াংগনৰ মাজৰ গোপন নৈশ বিমান বিষয়ক প্ৰতিবেদনক লৈ চীনৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : পূৱ লাডাখত সুদীৰ্ঘ ৯ মাহৰ পিছতো চীনৰ সামৰিক বাহিনীৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ বাবে ভাৰতীয় পক্ষৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰয়াস কৰা হৈছে । এনে সময়তে ম্যানমাৰত চীনে নিজৰ প্ৰভাৱ বিস্তাৰ আৰু শক্তিশালী কৰা কাৰ্য ভাৰতৰ বাবে উদিগ্নতাৰ কাৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । ভাৰতে গুৰুত্বপূৰ্ণ 'এক্ট ইষ্ট পলিচি' (এইপি)ত যথেষ্ট বিনিয়োগ কৰিছে আৰু ইয়াত দক্ষিণ-পূব এছিয়া আৰু পূৱ এছিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ বাবে ম্যানমাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ।

আনহাতে, অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজী পলিচি ইনষ্টিটিউটয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি এটা নিশাৰ ভিতৰতে দক্ষিণ চীনৰ কুনমিং আৰু ম্যানমাৰৰ ইয়াংগনৰ মাজত পঞ্জীয়নভুক্ত আৰু অপঞ্জীয়নভুক্ত ৫ খন গোপন নৈশ বিমান চলাচলৰ তথ্য পোৱা গৈছে । অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজী পলিচি ইনষ্টিটিউট হৈছে প্ৰতিৰক্ষা আৰু কৌশলগত বিষয়ক এক অগ্ৰণী প্ৰতিষ্ঠান যাক অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পুঁজি প্ৰদান কৰে । ম্য়ানমাৰৰ শাসনৰ ক্ষমতা সেনাই নিজৰ দখললৈ নিয়াৰ এসপ্তাহৰ পিছতে কুনমিং আৰু ম্যানমাৰৰ ইয়াংগনৰ মাজত গোপন নৈশ বিমান পৰিবহন সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশিত হোৱাৰ পিছতে এই বিষয়ক লৈ ৰাজ্যিক মালিকানাধীন চীনা সংবাদ মাধ্যমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কমিউনিষ্ট পাৰ্টীৰ মুখপত্ৰ 'গ্ল'বেল টাইমছে' শুকুৰবাৰে এটা লেখা প্ৰকাশ কৰিছে আৰু ইয়াত কোৱা হৈছে যে, উক্ত প্ৰতিবেদনখন ভিত্তিহীন অভিযোগেৰে ভৰি আছে । বৰ্তমানৰ ম্যানমাৰৰ সামৰিক বাহিনীক চীনে গোপনে সমৰ্থন কৰাৰ মিছা অভিযোগ উত্থাপিত হৈ বুলি লোখাটোত উল্লেখ কৰা হৈছে । অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজী পলিচি ইনষ্টিটিউটে প্ৰস্তুত কৰা প্ৰতিবেদনত দুটা সম্ভাৱনাৰ ইংগিত দিছে । হয়তো তথ্য আৰু ইণ্টাৰনেট লাভৰ নিয়ন্ত্ৰণ লাভ কৰাত 'তাতমাডাও'ক সহায় কৰিবলৈ চীনৰ পৰা চাইবাৰ বিশেষজ্ঞক ম্যানমাৰলৈ লৈ যোৱা হৈছে অথবা ম্যানমাৰলৈ অস্ত্ৰ লৈ যোৱা হৈছে ।

নিৰ্বাচনত চান চ্যু কিৰ নেতৃত্বত নেশ্যনেল ডেমক্ৰেটিক লীগে(এনএলডি) অভূতপূৰ্ব সমৰ্থন লাভ কৰাৰ পিছতে সেনাই হঠাতে ম্যানমাৰৰ শাসন ব্যৱস্থা নিজৰ দখললৈ অনাৰ লগতে বহু ৰাজনৈতিক নেতাক অজ্ঞাত স্থানলৈ লৈ গৈছিল । নেশ্যনেল ডেমক্ৰেটিক লীগে মুঠ ৪৭৬ খন আসনৰ ভিতৰত ৩৯৬ খন আসন লাভ কৰিছিল । আনহাতে, জাণ্টা সমৰ্থিত ইউনিয়ন ছলিডেৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টীয়ে কেৱল ৩৩ খন আসন লাভ কৰে ।

ম্যানমাৰ সেনাই শেহতীয়াকৈ এক বৈদেশিক নীতি গ্ৰহণ কৰিছে যি ভাৰতৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । জাণ্টাক অত্যাধিক সমালোচনা কৰাৰ কাৰ্যই ম্যানমাৰৰ চীনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ব বুলি এক সকীয়নি দিয়া হৈছে । অষ্ট্ৰেলিয়া 'কৱাড' গোটৰ এক সদস্য যাক ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত চীন বিৰোধী মিত্ৰতা বুলি জনা যায় ।

লগতে পঢ়ক:পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.