ETV Bharat / bharat

Chandrayaan3 rover faces crater : চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানৰ যাত্ৰাপথত গহ্বৰ; সুৰক্ষিতভাৱে নতুন পথত অগ্ৰসৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:05 PM IST

ইছৰোৱে সোমবাৰে প্ৰকাশ কৰিছে যে চন্দ্ৰযান-৩ ৰ'ভাৰে ২৭ আগষ্টত ইয়াৰ অৱস্থানৰ ৩ মিটাৰ আগত অৱস্থিত ৪ মিটাৰ ব্যাসৰ এটা গাঁতৰ সন্মুখীন হৈছিল । ইয়াৰ পিছত ৰ'ভাৰটোক নিজৰ পথ পুনৰ বিচাৰি উলিয়াবলৈ আদেশ দিয়া হয় । ই এতিয়া সুৰক্ষিতভাৱে এটা নতুন পথত আগবাঢ়িছে । ইছৰোৱে কয় ।

Chandrayaan3 rover faces crater
Chandrayaan3 rover faces crater

নিউজ ডেস্ক, ২৮ আগষ্ট : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) সোমবাৰে প্ৰকাশ কৰিছে যে চন্দ্ৰযান-৩ৰ ৰ'ভাৰ ২৭ আগষ্টত চন্দ্ৰপৃষ্ঠত এটা গহ্বৰৰ সন্মুখীন হৈছিল । তাৰ পিছত ইয়াৰ পথ পুনৰ বিচাৰি উলিয়াবলৈ দিয়া হয় ।

মহাকাশ সংস্থাটোৱে জনাইছে যে ৰ'ভাৰটো বৰ্তমান সুৰক্ষিতভাৱে এটা নতুন পথত আগবাঢ়ি আছে । "চন্দ্ৰযান-৩ অভিযান : ২৭ আগষ্টত ৰ'ভাৰে ইয়াৰ অৱস্থানৰ ৩ মিটাৰ আগত অৱস্থিত ৪ মিটাৰ ব্যাসৰ এটা গহ্বৰৰ সন্মুখীন হয় । তাৰ পিছত ৰ'ভাৰক নিজৰ পথ পুনৰ বিচাৰি উলিয়াবলৈ আদেশ দিয়া হয় । ই এতিয়া সুৰক্ষিতভাৱে এটা নতুন পথত আগবাঢ়ি গৈ আছে ।" ইছৰোৱে এক্সত (পূৰ্বতে টুইটাৰ) এটা পোষ্টত এই কথা উল্লেখ কৰিছে ।

উল্লেখ্য যে ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউলে (এলএম) চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ লগে লগে ভাৰতে এক নতুন ইতিহাস ৰচনা কৰে । যাৰ ফলত এই কৃতিত্ব অৰ্জন কৰা ভাৰত কেৱল চতুৰ্থখন দেশ হিচাপে পৰিগণিত হোৱাই নহয়, পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোৰ অজ্ঞাত দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশৰো গৌৰৱ অৰ্জন কৰে । ইছৰোৰ অধ্যক্ষ এছ সোমনাথে মত পোষণ কৰে যে ভাৰতে অধিক আন্তঃগ্ৰহ অভিযান আৰম্ভ কৰিবলৈ সক্ষম আৰু মহাকাশ সংস্থাটোৰ উদ্দেশ্য হৈছে মহাকাশ খণ্ডৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ সামগ্ৰিক প্ৰগতি কৰা ।

তেওঁ শনিবাৰে নিশা তিৰুৱন্তপুৰমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকৰ আগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ মহাকাশ খণ্ড সম্পৰ্কে এক দীৰ্ঘম্যাদী দৃষ্টিভংগী আছে আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ইয়াক কাৰ্যকৰী কৰিবলৈ সাজু ।" আমি যিমান দূৰ জ্ঞাত, কেৱল মসৃণ অৱতৰণেই নহয়, চন্দ্ৰযান-৩ৰ সমগ্ৰ দিশবোৰ ১০০ শতাংশ সফল হৈছে । সমগ্ৰ দেশে ইয়াৰ বাবে গৌৰৱান্বিত আৰু আমাক সমৰ্থন আগবঢ়াইছে ।" সোমনাথে কয় ।

"আমি চন্দ্ৰ, মঙল বা শুক্ৰলৈ অধিক যাত্ৰা কৰিবলৈ সক্ষম... কিন্তু আমি তাৰ বাবে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব... ইয়াৰ উপৰি অধিক বিনিয়োগ হোৱা উচিত ।" তেওঁ লগতে কয় । আমাৰ মহাকাশ খণ্ডক দেশৰ সামগ্ৰিক প্ৰগতিৰ পৰিসৰ বৃদ্ধিত অধিক অৰিহণা যোগাব লাগে আৰু সেইটোৱে হৈছে ইছৰোৰ উদ্দেশ্য । ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় ।

লগতে পঢ়ক :Soil profiling of Moon: প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.