ETV Bharat / bharat

অৰুণাচলত কৌশলগত পথ প্ৰকল্পৰ বাবে 1,782 কোটি আৱণ্টন কেন্দ্ৰৰ

author img

By PTI

Published : Jan 10, 2024, 4:48 PM IST

অৰুণাচলত কৌশলগত পথ প্ৰকল্পৰ বাবে 1,782 কোটি আৱণ্টন কেন্দ্ৰৰ
অৰুণাচলত কৌশলগত পথ প্ৰকল্পৰ বাবে 1,782 কোটি আৱণ্টন কেন্দ্ৰৰ

National Highway Ministry : কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উজনি চিয়াং জিলাৰ পাংগোৰ পৰা জৰ্গিংলৈ ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড পথ নিৰ্মাণৰ বাবে প্ৰকল্পটোত অনুমোদন জনাইছে ।

নিউজ ডেস্ক, ১০ জানুৱাৰী : কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কয় যে কেন্দ্ৰই অৰুণাচল প্ৰদেশত এক কৌশলগত পথ প্ৰকল্প নিৰ্মাণৰ বাবে ১,৭৮২ কোটি টকা মঞ্জুৰ কৰিছে ।

মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৰাজ্যখনৰ উজনি চিয়াং জিলাৰ পাংগোৰ পৰা জৰ্গিংলৈ ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড পথ নিৰ্মাণৰ বাবে প্ৰকল্পটোত অনুমোদন জনাইছে । প্ৰকল্পটোৱে পেকেজ-1 আৰু ২ সামৰি ল'ব । এক্স পোষ্টত গাডকাৰীয়ে কয় ।

"প্ৰস্তাৱিত প্ৰকল্পটোৰ উদ্দেশ্য হৈছে নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত যান-বাহনৰ চলাচল নিশ্চিত কৰা, অঞ্চলটোৰ গাঁওসমূহৰ সৈতে গোটেই বছৰজুৰি সংযোগ স্থাপন কৰা । ইয়াৰ ফলত জিলাখনৰ পাহাৰীয়া অঞ্চলসমূহত আৰ্থ-সামাজিক উন্নয়ন কৰিব পৰা যাব ।" মন্ত্ৰীগৰাকীয়ে কয় ।

আনহাতে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথটোৱে নিৰাপত্তা বাহিনীৰ বাবেও যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব । ইয়াৰ ফলত সীমান্ত অঞ্চলত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব । গাডকাৰীয়ে লগতে কয় । ইফালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই প্ৰকল্প ঘোষণাত আনন্দ প্ৰকাশ কৰিছে ।

খাণ্ডুৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰুণাচল প্ৰদেশত যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

"মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত অৰুণাচল প্ৰদেশত যোগাযোগ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ।" খাণ্ডুৱে এক্স পোষ্টত কয় ।

"উজনি চিয়াং জিলাৰ পাংগোৰ পৰা জৰ্গিংলৈ ৮২ কিলোমিটাৰ গ্ৰীণফিল্ড পথ নিৰ্মাণৰ বাবে ১,৭৮২ কোটি টকা আৱণ্টন কৰাৰ বাবে মাননীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীজীলৈ কৃতজ্ঞতা জনালোঁ ।" মুখ্যমন্ত্ৰীয়ে আন এটা পোষ্টত কয় ।

উল্লেখ্য যে এই কৌশলগত প্ৰকল্পটোৱে সীমান্ত অঞ্চলসমূহত নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰা, আৰ্থ-সামাজিক বিকাশ সৃষ্টি কৰা আৰু আমাৰ নিৰাপত্তা বাহিনীৰ বাবে যাতায়াতৰ সময় হ্ৰাস কৰাৰ বাবে সাজু হৈছে । খাণ্ডুৱে লগতে কয় ।

লগতে পঢ়ক :স্বাধীনতাৰ শতবৰ্ষত উন্নত দেশ হ'ব ভাৰত; প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.