ETV Bharat / bharat

CBSE results 2022: দুটা ভাগত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই বৰ্ষৰ ফলাফল উন্নত হৈছে: বিদ্যালয়ৰ অধ্যক্ষ

author img

By

Published : Jul 23, 2022, 6:43 PM IST

ক’ভিড মহামাৰীৰ পূৰ্বে হৈ যোৱা পৰীক্ষা সমূহতকৈ 2021-22 শৈক্ষিক বৰ্ষৰ CBSE পৰীক্ষাৰ ফলাফল কিছু উন্নত হৈছে ৷ অধিকাংশ শিক্ষাৰ্থীয়ে লাভ কৰিছে 90% উৰ্ধৰ নম্বৰ ৷

CBSE results 2022
2022 বৰ্ষৰ ফলাফল অতি উন্নত

নেশ্যনেল ডেস্ক, 23 জুলাই : শুকুৰবাৰে ঘোষণা কৰা হ’ল CBSE পৰীক্ষাৰ ফলাফল (CBSE results 2022)৷ এই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এতিয়া ভিন্ন জনে ভিন্ন মত পোষণ কৰিছে ৷ ক’ভিড মহামাৰীৰ পূৰ্বে হৈ যোৱা পৰীক্ষা সমূহতকৈ 2021-22 শৈক্ষিক বৰ্ষৰ পৰীক্ষাৰ ফলাফল কিছু উন্নত হৈছে ৷

সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে CBSE ৰ অন্তৰ্গত বিদ্যালয়মূহৰ অধ্যক্ষসকলে ৷ বিদ্যালয়সমূহৰ অধ্যক্ষসকলে উল্লেখ কৰা অনুসৰি, এই CBSE পৰীক্ষা দুটা ভাগত অনুষ্ঠিত কৰা হৈছে ৷ নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছে CBSE ৰ প্ৰথম চেচন আৰু দ্বিতীয় চেচন অনুষ্ঠিত হৈছিল মে’-জুন মাহত ৷

DPS RNE ৰ অধ্যক্ষ পল্লৱী উপাধ্যায়ে কয়, ‘‘টাৰ্মিনেল পৰীক্ষা আৰম্ভ হোৱাৰ আগত শিক্ষাৰ্থীসকলে যথেষ্ট সময় লাভ কৰিছিল ৷ যাৰ দ্বাৰা তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ যথেষ্ট আছিল ৷ আনকি শিক্ষাৰ্থীসকলে যথেষ্ট সময় লাভ কৰাৰ বিপৰীতে তেওঁলোকৰ পাঠ্যক্ৰম পূৰ্বতকৈ কিছু সহজ আছিল’’ ৷

DPS ইন্দিৰাপুৰমৰ অধ্যক্ষা সংগীতা হাজেলাই কয়, ‘‘চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰস্তুতি চলাবলৈ যথেষ্ট সময় লাভ কৰিছিল শিক্ষাৰ্থীসকলে ৷ যিহেতু পাঠ্যক্ৰমৰ কাৰ্যসূচী যথেষ্ট ডাঙৰ আছিল ৷ CBSE ৰ এই চূড়ান্ত পৰীক্ষা দুটা চেচনত অনুষ্টিত হোৱাৰ বাবে ই শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট লাভদায়ক হৈছিল’’ ৷

লগতে পঢ়ক : CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা

উল্লেখ্য যে, শুকুৰবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । এইবাৰ মুঠ 92.7 শতাংশ শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীৰ (CBSE Class 12th Result 2022) আৰু 94.40 শতাংশই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে (CBSE Class 10th Result 2022)৷

তথ্য অনুসৰি, দ্বাদশ শ্ৰেণীত 1,34,797 গৰাকী শিক্ষাৰ্থীয়ে 95 শতাংশৰ ওপৰত নম্বৰ লাভ কৰাৰ বিপৰীতে 33,432 গৰাকী শিক্ষাৰ্থীয়ে 90 শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে । লগতে দশম শ্ৰেণীত 64,908 গৰাকী শিক্ষাৰ্থীয়ে 95 শতাংশৰ ওপৰত আৰু 2,36,993 গৰাকীয়ে 90 শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে ।

ইফালে CBSE পৰীক্ষাৰ নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে কয়, "ক’ভিড, শ্ৰেণী পৰিচালনা নকৰা (Non Conduct of classes), দুবাৰ পৰীক্ষা অনুষ্ঠিত কৰা (holding examinations two times), বস্তুনিষ্ঠ প্ৰকাৰৰ পৰীক্ষা কৰা (Conducting an objective type examination), OMR ৰ ওপৰত উত্তৰ দিয়া, বিদ্যালয়ৰ দ্বাৰা মূল্যাংকন আদিৰ বাবে পূৰ্বৰ কোনো পৰীক্ষাৰ লগতে তুলনা কৰিব নোৱাৰি 2021-22 বৰ্ষৰ CBSE পৰীক্ষা’’ ৷

লগতে এই বছৰৰ বিপৰীতে আকৌ পূৰ্বৰ দৰে CBSE য়ে পৰীক্ষা অনুষ্ঠিত কৰিব ৷ এই কথা সদৰি কৰে CBSE পৰীক্ষাৰ নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে ৷

লগতে পঢ়ক : CBSE Class 10th Result 2022: ৯৯.৮০% ৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে লোচনা বাচটোলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.