ETV Bharat / bharat

পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ দায়িত্ব চিবিআইক; বিপদত পৰিব পাৰে মমতা

author img

By

Published : Aug 19, 2021, 9:26 PM IST

পশ্চিম বংগত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাৰ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ প্ৰদান কলকাতা উচ্চ ন্যায়ালয়ৰ ৷ পৰৱৰ্তী ছয় সপ্তাহৰ ভিতৰত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ ৷ ন্যায়ালয়ৰ এই ৰায়ৰ পাচত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Calcutta HC orders CBI
বিপদত পৰি পাৰে মমতা

নিউজ ডেস্ক, 19 আগষ্ট : কলকাতা উচ্চ ন্যায়ালয়ৰ এখন পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধান আয়োগ (Central Bureau of Investigation) চমুকৈ চিবিআই (CBI) ক পশ্চিম বংগত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ তাৰোপৰি তিনিজন সদস্যৰ দ্বাৰা এটা বিশেষ তদন্তকাৰী গোট (Special Investigation Team) গঠন কৰি তুলনামূলকভাৱে কম গুৰুতৰ অপৰাধসমূহৰ তদন্ত কৰিবলৈও নিৰ্দেশ প্ৰেৰণ কৰিছে ৷

আদালতৰ নিৰ্দেশ অনুসৰি হত্যা, ধৰ্ষণ আৰু অস্বাভাৱিক মৃত্যু আদি গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত চিবিআয়ে তদন্ত কৰিব ৷ বাকী সমূহ অভিযোগৰ তদন্ত তিনিজনীয়া বিশেষ তদন্তকাৰী গোটে কৰিব ৷ কলকাতাৰ আৰক্ষী আয়ুক্ত সৌমেন মিত্ৰ আৰু ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান সুমন বালা চাহুক অন্তৰ্ভুক্ত কৰি এই SIT গঠন কৰা হ’ব ৷

চিবিআই আৰু এছ আই টি উভয়কে আদালতে পৰৱৰ্তী ছয় সপ্তাহৰ ভিতৰত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ প্ৰতিবেদন দাখিলৰ পাচতে কলকাতা উচ্চ ন্যায়ালয়ৰ এখন সুকীয়া বিচাৰপীঠে ঘটনাৰ শুনানি গ্ৰহণ কৰিব ৷ বৃহস্পতিবাৰে আদালতে ৰাজ্য চৰকাৰকো নিৰ্বাচনৰ পৰৱৰ্তী সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বলি হোৱা লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

ৰাজ্যখনৰ আইনী বিশেষজ্ঞৰ মতে, কলকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকলাপ কঠোৰভাৱে বজাই ৰাখিছিল ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কলকাতা উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ এক নিৰ্দেশ মৰ্মে এই ঘটনা নিৰীক্ষণৰ বাবে এটা গোট গঠন কৰি দিছিল ৷ সেই গোটে পশ্চিম বংগত সংঘাত জৰ্জৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি এক প্ৰতিবেদন দাখিল কৰে ৷ এই প্ৰতিবেদন ৰাজ্য চৰকাৰ তথা শাসকীয় তৃণমূল কংগ্ৰেছ দলৰ বিৰুদ্ধে আছিল ৷ মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিম বংগ চৰকাৰে এই প্ৰতিবেদনক পক্ষপাতিত্বমূলক প্ৰতিবেদন আখ্যা দিছিল ৷

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুণাল বসুৱে ইটিভি ভাৰতৰ আগত কয় যে, যিহেতু উচ্চ ন্যায়লয়ে ৰায় প্ৰদান কৰিছে, গতিকে এই সন্দৰ্ভত তেওঁ কোনো মত ব্যক্ত নকৰে ৷ ‘‘আমি আমাৰ আইনী বিশেষজ্ঞৰ সৈতে আলোচনা কৰিহে মত আগবঢ়াম’’ বুলি উল্লেখ কৰে বসুৱে ৷ ন্যায়ালয়ৰ এই ৰায়ৰ পাচত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক : কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.