CBI questions Wankhede:ড্ৰাগছ গোচৰত অভিযুক্ত আৰিয়ান খান সন্দৰ্ভত ৱাংখেড়েক পাঁচ ঘণ্টা জেৰা চিবিআইৰ

author img

By

Published : May 23, 2023, 7:34 AM IST

CBI questions Wankhede

ড্ৰাগছৰ সৈতে যেন বেয়াকৈ নাম সাঙোৰ খাই পৰিছে আৰিয়ান খানৰ ৷ আদালতে আৰিয়ানক দোষমুক্ত ঘোষণা কৰা সত্বেও ড্ৰাগছ ঘটনাই পিছ এৰা নাই আৰিয়ানৰ ৷ আৰিয়ানক দোষমুক্ত কৰাৰ নামত NCBৰ প্ৰাক্তন সঞ্চালক সমীৰ ৱাংখেড়েই শ্বাহৰুখৰ পৰা উৎকোচ লোৱা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাচেতই (CBI questions Wankhede) আকৌ সৰ্বত্ৰে আলোচনা চলিছে ২০২১ চনৰ ৩ অক্টোবৰত কৰ্ডেলিয়া ক্ৰুজৰ ড্ৰাগছ ঘটনাৰ বিষয়ে ৷

নিউজ ডেস্ক, ২৩ মে’: NCBৰ প্ৰাক্তন সঞ্চালক সমীৰ ৱাংখেড়েক পুনৰ চিবিআইৰ জেৰা । সোমবাৰে পুনৰ চিবিআইয়ে প্ৰায় ৫ ঘণ্টা ধৰি জেৰা চলাই ৱাংখেড়েক । ২০২১ ৰ কৰ্ডেলিয়া ক্ৰুজত ড্ৰাগছ উৎখাতৰ ঘটনাত দুৰ্নীতি আৰু ধনদাবীৰ গোচৰত নাম সাঙুৰ খাই পৰিছিল সমীৰ ৱাংখেড়েৰ । উল্লেখ্য যে কৰ্ডেলিয়া ক্ৰুজত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকো গ্ৰেপ্তাৰ কৰা হৈছিল (CBI questions Wankhede) ।

চিবিআইৰ এজাহাৰক প্ৰত্যাহ্বান জনাই ৱাংখেড়েই দাখিল কৰা আবেদনৰ শুনানি বম্বে উচ্চ ন্যায়ালয়ে সোমবাৰে গ্ৰহণ কৰিব । সেই আবেদনৰ শুনানি গ্ৰহণ কৰালৈকে চিবিআইয়ে ৱাংখেড়েৰ বিৰুদ্ধে যিকোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে ।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখত কৰা আবেদনত ৱাংখেড়েই আদালতক চিবিআইৰ এজাহাৰ বাতিল কৰিবলৈ আহ্বান জনায় । লগতে কেইবাখনো নথিৰ উদ্ধৃতি দি দাবী কৰে যে তেওঁ কোনো উৎকোচ লোৱা নাই অথবা ধন দাবী কৰা নাই । তেওঁ দাখিল কৰা নথিৰ ভিতৰত আছে ২০২১ চনৰ অক্টোবৰত কাৰাগাৰৰ জিম্মাত থকা সময়ত আৰিয়ান খানে উচ্চ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা এডিটিভ ।

ড্ৰাগছ সেৱনৰ গোচৰত কৰ্ডেলিয়া ক্ৰুজ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাচতে গোচৰটোৰ এজন সাক্ষী প্ৰভাকৰ চেইলে এক শপতনামাৰ জৰিয়তে দাবী কৰিছিল যে গোচৰটোত আৰিয়ানক সুৰক্ষা দিয়াৰ বাবে শ্বাহৰুখ খানৰ পৰা সমীৰ ৱাংখেড়ে ২৫ কোটি টকা দাবী কৰিছিল । ইফালে, ঘটনাৰ আন এজন সাক্ষীয়ে ৱাংখেড়েৰ বিৰুদ্ধে আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ৫০ লাখ টকা লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল । চেইল নামৰ সাক্ষ্য প্ৰদানকাৰী লোকজনৰ মতে গোচৰটোৰ বাবে ৱাংখেড়েই ধন লোৱাৰ কথা ফোনত আলোচনা কৰা শুনা পাইছিল । এনচিপি নেতা নৱাব মালিকেও এই একেটা বিষয়কে উত্থাপন কৰিছিল ।

উল্লেখ্য যে ২০২১ চনৰ ৩ অক্টোবৰত কৰ্ডেলিয়া ক্ৰুজত অভিযান চলাই আৰিয়ান খানক এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল (Aryan khan drugs case) । মাদকদ্ৰব্য বিৰোধী সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে তিনি সপ্তাহৰ পিছত বম্বে উচ্চ ন্যায়ালয়ে আৰিয়ানক জামিন প্ৰদান কৰিছিল । আনহাতে, চিবিআয়ে এনচিবিৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত উৎকোচ সম্পৰ্কীয় ব্যৱস্থাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধনদাবীৰ ভাবুকিৰ বাবে ৱাংখেড়ে আৰু আনসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে যে এনচিবিৰ মুম্বাই জ'নে ২০২১ চনৰ অক্টোবৰত ব্যক্তিগত ক্ৰুজত বিভিন্ন ব্যক্তিৰ দ্বাৰা নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ আৰু লগত ৰখা সম্পৰ্কীয় তথ্য লাভ কৰিছিল । আনহাতে, এনচিবিৰ কিছুসংখ্যক বিষয়াই ষড়যন্ত্ৰ কৰি অভিযুক্তৰ পৰা উৎকোচৰ ৰূপত যথেষ্ট সুবিধা লাভ কৰিছিল ।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে ৱাংখেড়েক পাঁচ দিনৰ বাবে বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা প্ৰদান কৰে । লগতে উপযুক্ত ন্যায়ালয়ৰ কাষ চাপিবলৈ স্বাধীনতা প্ৰদান কৰে । উল্লেখ্য যে চিবিআয়ে গোচৰটোৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে ৱাংখেড়েক বৃহস্পতিবাৰে মুম্বাইলৈ মাতি পঠিয়াইছিল । কিন্তু তেওঁ সংস্থাটোৰ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হোৱা নাছিল ।

লগতে পঢ়ক : Priya Ahuja Rajda On Asit Modi: অসিত মোদীৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ তুলিলে প্ৰিয়া আহুজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.