ETV Bharat / bharat

মেকুৰী হত্যাৰ বাবে দিয়া হ’ল গোচৰ

author img

By

Published : Apr 9, 2022, 8:28 PM IST

পুনেত চুবুৰীয়া এগাৰাকী মহিলাৰ বিৰুদ্ধে এটা মেকুৰীৰ গৰাকীয়ে দিলে হত্যাৰ গোচৰ ৷ চাৰি মহীয়া মেকুৰীটোৰ মৃত্যুকলৈ এতিয়া চলিছে ব্যাপক চৰ্চা (Cat murder in Pune)৷

মেকুৰী হত্যাৰ বাবে দিয়া হ’ল গোচৰ

নেচনেল ডেস্ক, 9 এপ্ৰিল : এটা চাৰি মহীয়া মেকুৰীৰ মৃত্যুকলৈ এতিয়া ব্যাপক চৰ্চা চলিছে পুনেত (Cat murder case)৷ উল্লেখিত মেকুৰীটোৰ হঠাৎ মৃত্যু হোৱাত মৰণোত্তৰ পৰীক্ষা কৰিছিল মেকুৰীৰ গৰাকীয়ে । পিছে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে আচৰিত কৰি তুলিছিল সকলোকে ৷ প্ৰতিবেদন অনুসৰি, মৃত মেকুৰীটোৰ মূৰত গধুৰ বস্তুৰ দ্বাৰা আঘাত হোৱাৰ কথা প্ৰকাশ পাইছিল ৷ ইয়াৰ পিছত গৰাকীয়ে এই ঘটনাৰ সৈতে চুবুৰীয়া এগাৰাকী মহিলা জড়িত হোৱাৰ অভিযোগ কৰিছিল ৷

এই অনুসৰি, 2 এপ্ৰিলত নীলকান্ত শিৰ্কে নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে Animal Cruelty Act ৰ আইনৰ অধীনত ৰুজু হ’ল গোচৰ (Case filed for cat murder) ৷ উল্লেখ্য যে, গুড়িপৰ্বাৰ দিনা মেকুৰীটোৰ গৰাকী গৃহিনীগৰাকীয়ে, ঘৰৰ বাহিৰত ৰংগোলী সজাই থকাৰ সময়তে, খোলা দুৱাৰৰ মাজেৰে সুবিধা পাই বাহিৰলৈ ওলাই আহিছিল মেকুৰীটো ৷ ইয়াৰ পিছতে সি পোনে পোনে চুবুৰীয়াৰ ঘৰলৈ গ'ল ।

গৰাকীয়ে তাতকৈ মেকুৰীটোক চট-ফটাই থকা অৱস্থাত পৰিলক্ষিত কৰে আৰু ইয়াৰ কিছু সময় পিছতে মেকুৰীটোৰ মৃত্যু হয় ৷ এতিয়া এই ঘটনাৰ পিছত মেকুৰীটোৰ গৰাকীয়ে গোচৰ তৰিছে প্ৰতিৱেশী নীলকান্ত শিৰ্কেৰ ওপৰত ৷

লগতে পঢ়ক : পাঁচ কোটি টকীয়া সম্পতিৰ মালিক হৈয়ো অনাথ হ’ল দুটা হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.