ETV Bharat / bharat

Karnataka Election 2023: কৰ্ণাটকত ২৬৫ কোটিৰ নগদ ধন আৰু সুৰা জব্দ

author img

By

Published : Apr 26, 2023, 12:25 PM IST

নিৰ্বাচন আহিলেই ধন আৰু সুৰাৰ বন্যা আৰম্ভ হয় (Flow of money in election state)। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়তো একেই ঘটনা সংঘটিত হৈছে । এই পৰ্যন্ত ৰাজ্যখনত নগদ ধন আৰু সুৰাকে ধৰি জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ২৬৫.২০ কোটি বুলি সদৰী কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে (Karnataka State Election Commission)।

Karnataka State Election Commission
কৰ্ণাটক বিধানসভা নিৰ্বাচন

নেশ্য়নেল ডেস্ক, ২৬ এপ্ৰিল : 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য়খনত উঠিছে ধনৰ জোৱাৰ (Karnataka Election 2023) । বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যখনত যিমান পৰিমাণৰ নগদ ধনৰ লগতে সুৰা আৰু উপহাৰ জব্দ কৰা হৈছিল, এইবাৰ তাতকৈ বেছি জব্দ কৰা হৈছে । এতিয়ালৈকে ২৬৫.২০ কোটি টকাৰ অবৈধ নগদ ধন, সুৰা আৰু সামগ্ৰী জব্দ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে এক বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি আয়োগে মুঠ ৮৮.০৩ কোটি টকা নগদ, ২০.৬২ কোটি টকাৰ উপহাৰ, ৫৯.৯২ কোটি টকাৰ ১৫.৭৩ লাখ লিটাৰ সুৰা, ৭৫.১৫ কোটি টকাৰ সোণ, ৪.৩২ কোটি টকাৰ ৰূপ আৰু ১৭.১৪ কোটি টকাৰ ১,২৮৫ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে (Cash and liquor seized in Karnataka)।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য় অনুসৰি ইতিমধ্য়ে 2,036 খন এফ আই আৰ পঞ্জীয়ন কৰা হৈছে । এই এফ আই আৰ ইণ্টেলিজেঞ্চ স্কোৱাড, ফিক্সড চাৰ্ভিলেঞ্চ দল আৰু আৰক্ষী বিষয়াসকলে পঞ্জীয়ন কৰিছে । নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পৰা মুঠ ৬৯,৭৭৮ টা অস্ত্ৰ জমা কৰা হৈছে । ২০ টা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে । চিআৰপিচিৰ অধীনত 5,080 টা গোচৰ ৰুজু কৰা হৈছে ।

ইপিনে,নিৰ্বাচন ঘোষণা কৰাৰ দিনৰ পৰা 13,640 টা জামিনবিহীন ৱাৰেণ্ট জাৰী কৰা হৈছে । আবকাৰী বিভাগে সুৰাৰ অনুজ্ঞাপত্ৰ উলংঘনৰ 2,600 টা গুৰুতৰ গোচৰ আৰু 2,244 টা গোচৰ, এনডিপিএছৰ অধীনত 79 টা গোচৰ আৰু কৰ্ণাটক আবকাৰী আইন (Karnataka Excise Act), 1965ৰ ধাৰা 15 (এ)ৰ অধীনত, মুঠ 19,122 টা গোচৰ ৰুজু কৰিছে । তদুপৰি বিভিন্ন প্ৰকাৰৰ 1,776 খন বাহন জব্দ কৰিছে ।

বেংগালুৰু মহানগৰ পূব জিলাৰ পুলাকেশীনগৰ বিধানসভা সমষ্টিত ইণ্টেলিজেঞ্চ স্কোয়াডে ৫৩,৮৫,০০০ টকাৰ ড্ৰাগছ জব্দ কৰে । আনহাতে, চিকাৰীপুৰা বিধানসভা সমষ্টিত ৯৮,০০,০০০ নগদ ধন জব্দ । ফিক্সড চাৰ্ভিলেঞ্চ দলে বাংগালুৰু গ্ৰাম্য জিলাৰ হস্কোট বিধানসভা সমষ্টিৰ পৰা নগদ ৩২,৬৫,৫৭৭ টকা আৰু বেলাগাভি জিলাৰ কাগাভাদা বিধানসভা সমষ্টিত ৭০,০০,০০০ টকা জব্দ কৰে ।

লগতে পঢ়ক:Fastrack's Smartwatch: মাত্ৰ ১০ মিনিট চাৰ্জ কৰি ২৪ ঘণ্টা পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব Fastrackৰ এই নতুন Smartwatch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.