ETV Bharat / bharat

গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ শীৰ্ষ বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Feb 12, 2021, 3:13 PM IST

অতিৰিক্ত মুখ্য ন্যায়াধীশৰ আদেশ মৰ্মে ভেলপুৰ আৰক্ষীয়ে গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মেনেজাৰ সঞ্জয় কুমাৰ আৰু মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই সহ 17 জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ চিইও সুন্দৰ পিচাইৰ বিৰুদ্ধে গোচৰ ৰুজু
গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ চিইও সুন্দৰ পিচাইৰ বিৰুদ্ধে গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী: সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীক কৰা অশালীন মন্তব্যৰ বিৰোধীতা কৰি ফোন যোগে ভাবুকি প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু ৷ অতিৰিক্ত মুখ্য ন্যায়াধীশৰ আদেশ মৰ্মে ভেলপুৰ আৰক্ষীয়ে ৰুজু কৰে গোচৰ ৷ গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মেনেজাৰ সঞ্জয় কুমাৰ আৰু মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইকে ধৰি মুঠ 17 জন লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

ঘটনা অনুসৰি, গাজিপুৰৰ নৌনহৰা চহৰৰ বিচুপুৰ অঞ্চলৰ বাসিন্দা বিশাল গাজিপুৰী ওৰফে বিশাল সিং নামৰ লোকজনে তেওঁৰ পত্নীৰ সৈতে এটি গীত পৰিৱেশন কৰিছিল, য'ত প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা হৈছিল ৷ এই ভিডিঅ'টোৰ জৰিয়তে দুই পতি পত্নীয়ে ফেচবুকৰ যোগেদি ধন সংগ্ৰহো কৰিছিল ৷ হোৱাটচ এপ যোগে ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ সময়তে শংকৰ জয়চৱাল নামৰ এজন লোকে ইয়াক প্ৰত্যক্ষ কৰি আদালতত ৰুজু কৰে এটা গোচৰ ৷

ভিডিঅ'টো কেৱল হোৱাটচ এপতে নহয়, বিশাল সিং নামৰ লোকজনে ইউটিউবতো তেওঁৰ নম্বৰ প্ৰকাশ কৰি আপলোড কৰিছিল ৷ এই ভিডিঅ'টো দেখাৰ পাচত প্ৰায় 8,000 লোকে দুয়োকে ফোন যোগে ককৰ্থনা কৰাৰ লগতে ভিডিঅ’টো আঁতৰাই দিবৰ বাবে অনুৰোধ জনাইছিল ৷ কিন্তু তেওঁলোকে ইয়াৰ পাছতো ভিডিঅ'তো আঁতৰোৱা নাছিল ৷

লগতে পঢ়ক: শনিবাৰে ৰাজ্যসভাৰ বৈঠক বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.