ETV Bharat / bharat

Maoist attack in Chhattisgarh : মাওবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএএফ জোৱান

author img

By

Published : Feb 26, 2023, 2:09 PM IST

ছত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণ (Maoist attack)। এইবাৰ মাওবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ ছট্টিশগড় সশস্ত্ৰ বাহিনীৰ জোৱান সঞ্জয় লাক্ৰা । শনিবাৰেও মাওবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল ৩ জনকৈ জোৱান । একেদিনাই ছুটিত ঘৰলৈ যোৱা সেনা জোৱানক মাওবাদীয়ে গুলীয়াই হত্যা কৰে ।

Maoist attack in Chhattisgarh
মাওবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএএফ জোৱান

নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ছট্টিশগড়ত মাওবাদীৰ সন্ত্ৰাস যথেষ্ট বৃদ্ধি পাইছে (Maoist scare in Chhattisgarh)। শনিবাৰে চুকমাত মাওবাদীৰ ষড়যন্ত্ৰৰ ফলত দেশৰ ৩ জনকৈ সেনা জোৱান শ্বহীদ হ'বলগীয়া হয় । ইয়াৰ মাজতে দেওবাৰে পুনৰ মাওবাদীয়ে নাৰায়ণপুৰত এটা আইইডি বিস্ফোৰণ ঘটায় । মাওবাদীৰ এই আইইডি বিস্ফোৰণত পুনৰ এজন জোৱান শ্বহীদ হয় (IED blast in Chhattisgarh)।

প্ৰাপ্ত খবৰ অনুসৰি, অৰ্ছা আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল তালাচীৰ বাবে এটা বিশেষ স্থানলৈ ৰাওনা হৈছিল । সেই সময়তে মাওবাদীৰ আইইডিৰ চিকাৰ হয় জোৱানসকল । য'ত ১৬ বেটেলিয়নৰ ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ জোৱান সঞ্জয় লাক্ৰা শ্বহীদ হয় (Maoist killed CAF jawan in Chhattisgarh)। বিস্ফোৰণটো অৰ্ছা আৰক্ষী থানাৰ অন্তৰ্গত বাটুম পাৰাত সংঘটিত হয় । ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ অনুসন্ধান আৰম্ভ হৈছে ।

ইফালে মাওবাদীসকলে নিশা অৰ্ছা আৰক্ষী থানাৰ মুখ্য পথ মান্দালীৰ সমীপত বিভিন্ন বেনাৰ পোষ্টাৰ আদিও লগাইছিল । ইয়াৰোপৰি বিভিন্ন স্থানত পত্ৰিকা আদিও নিক্ষেপ কৰে । সমান্তৰালকৈ ৰাস্তাৰ মাজত বিদ্যুতৰ খুঁটা পেলাই ৰাস্তা অৱৰোধ কৰাৰ চেষ্টা কৰে ।

মাওবাদীসকলে চলিত বছৰৰ ১১ জানুৱাৰীত বিজাপুৰ জিলাৰ চুকমা গাঁৱত নিৰাপত্তা বাহিনীয়ে ড্ৰোণেৰে বোমাবর্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰে । গণ্ডি ভাষাত লিখা বেনাৰৰ জৰিয়তে মাওবাদীসকলে সেই আক্ৰমণত জড়িত আৰক্ষী বিষয়াসকলক শাস্তি দিয়া উচিত বুলিও হুংকাৰ দিয়ে ।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা প্ৰায় ৯ মান বজাত জাগৰগুণ্ডা আৰু কুণ্ডেদৰ মাজত তালাচী চলাই থকা সৈনিকসকলৰ ওপৰত মাওবাদীয়ে গুলীচালনা কৰে । য'ত ৩ জনকৈ জোৱান শ্বহীদ হয় (3 jawan martyred in Maoist attack in Chhattisgarh)। বস্তাৰ আইজি সুন্দৰৰাজ পিয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে মাওবাদী আৰু আৰক্ষীৰ মাজত প্ৰায় ডেৰ ঘণ্টা ধৰি সংঘৰ্ষ চলিছিল ।

ইফালে শনিবাৰেই সেনা জোৱান মতি ৰামক মাওবাদীয়ে কাংকেৰৰ আমাবেদাত গুলীয়াই হত্যা কৰে । জোৱানজন অসমত কৰ্মৰত আছিল । তেওঁ ছুটিত ঘৰলৈ গৈছিল । ঘৰৰ পৰা কিছু আঁতৰত জোৱানজনে এখন মেলা চাবলৈ গৈছিল । এই সময়তে মাওবাদীয়ে সাধাৰণ পোছাকত আহি জোৱানজনৰ ওপৰত গুলীচালনা কৰে (Maoist killed Jawan)। গুৰুতৰভাৱে আহত জোৱানজনক আমাবেদা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :Army jawan missing: ৰহস্যজনকভাৱে সন্ধানহীন ফিল’বাৰীৰ সেনা জোৱান বিতুপন মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.