ETV Bharat / bharat

LPG Cylinder Price : ২০০ টকাকৈ কমিব প্ৰতিটো চিলিণ্ডাৰ মূল্য !

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:30 PM IST

LPG Cylinder Price
২০০ টকাকৈ কমিব প্ৰতিটো চিলিণ্ডাৰ মূল্য

কেবিনেটে ৰাখী বন্ধনৰ প্ৰাকক্ষণত এলপিজি চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্যত অনুমোদন জনাইছে । ইয়াৰ ফলত গ্ৰাহকে প্ৰতিটো চিলিণ্ডাৰত ২০০ টকা কমকৈ পৰিশোধ কৰিলেই হ'ব । চৰকাৰৰ এই সিদ্ধান্তত আনন্দিত সাধাৰণ ৰাইজ ।

নেশ্যনেল ডেস্ক,২৯ আগষ্ট : ৰাখী বন্ধনক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে । তাৰ মাজতে দৰিদ্ৰ মহিলাসকলৰ বাবে সুখবৰ । কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দৰিদ্ৰ মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । কেবিনেটে এলপিজি চিলিণ্ডাৰৰ ওপৰত ২০০ টকাৰ ৰাজসাহায্যত অনুমোদন জনাইছে । ইয়াৰ লগে লগে সকলো গ্ৰাহকে ২০০ টকা সস্তাত গেছ চিলিণ্ডাৰ লাভ কৰিব ।

কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ৰাখী বন্ধনৰ প্ৰাকক্ষণত দেশৰ মহিলাসকলৰ বাবে উপহাৰ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

  • #WATCH | "PM Modi has decided Rs 200 reduction in the price of domestic LPG cylinders, for all users...this is a gift from PM Narendra Modi, to the women of the country, during the occasion of Raksha Bandhan", says Union Minister Anurag Thakur pic.twitter.com/QTy6YB0x4u

    — ANI (@ANI) August 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে ১ আগষ্টত তেল বিপণন কোম্পানীবোৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯৯.৭৫ টকা হ্ৰাস কৰিছিল । সেই সময়ছোৱাত মূল্য হ্ৰাসৰ পাছত দিল্লীত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ১,৬৮০ টকা । অৱশ্যে, যোৱা মাহত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য অন্তিমবাৰ সংশোধন কৰা হৈছিল । অৱশ্যে, ৰাজ্যবোৰত কৰ বেলেগ বেলেগ হোৱাৰ বাবে এই মূল্য পৃথক ।

উল্লেখ্য যে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যই ঘৰুৱা বজাৰত এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰভাৱিত কৰে । কিন্তু ১ মাৰ্চৰ পৰা ১৪.২ কিলোগ্ৰাম এলপিজি ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই । একে সময়তে, শেহতীয়াকৈ ৰাজস্থান চৰকাৰে ৫০০ টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰি জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰিছে । একেদৰে, মধ্য প্ৰদেশতো চৰকাৰে ৰাখী বন্ধনৰ বাবে ভগ্নীসকলক উপহাৰ হিচাপে ২৫০ টকা দিছে । আনহাতে ঘোষণা কৰিছিল যে শাওন মাহত ৪৫০ টকাত এটা গেছ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব ।

উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচন । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে অভিযোগ কৰা মতে ভোটাৰক আকৰ্ষণ কৰিবলৈ চৰকাৰে এই ৰণনীতি হাতত লৈছে । অৱশ্যে চৰকাৰৰ এই সিদ্ধান্তত আনন্দিত হৈছে দেশৰ সাধাৰণ নাগৰিকসকল ।

লগতে পঢ়ক :Madurai train firing case : তদন্তৰ আওতালৈ আহিব উত্তৰ-পূব ৰে'লৱে লক্ষ্ণৌ মণ্ডলৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.